ETV Bharat / politics

কংগ্ৰেছক উদাৰ হৈ সমৰ্থন কৰাৰ কাৰণ নাই :মনোৰঞ্জন তালুকদাৰ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 2:00 PM IST

Barpeta Lok Sabha constituenc :কংগ্ৰেছৰ টিকট লাভ কৰিয়েই মুখ্যমন্ত্ৰীৰ মাতৃৰ আশীৰ্বাদ ল'বলৈ গৈছিল দীপ বায়নে । কেৱল সেয়াই নহয়, হাৰিলেও বিজিপি, জিকিলেও বিজেপি বুলি কংগ্ৰেছক কিয় কটাক্ষ কৰিলে মনোৰঞ্জন তালুকদাৰে ?

Barpeta Lok Sabha constituency
চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ

চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ

বৰপেটা, ১ মে' : "কংগ্ৰেছক উদাৰ হৈ সমৰ্থন কৰাৰ কাৰণ নাই । কংগ্ৰেছো চিন্তাত পৰক । আমি সকলো দিম আৰু কংগ্ৰেছে একো নিদিব । ১৪ সমষ্টিৰ ১৩টাতেই কংগ্ৰেছে নিৰ্বাচন খেলি আমাক দিলে ৰসগোল্ল ।" এই মন্তব্য় বৰপেটা লোকসভা সমষ্টিৰ চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ । বৰপেটাৰ কয়াকুছিত চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য় কৰি কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীয়ে পুনৰ অভিযোগ উত্থাপন কৰি কয় যে বৰপেটাত কংগ্ৰেছৰ টিকট লাভ কৰিয়েই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃৰ আশীৰ্বাদ ল'বলৈ গৈছিল দীপ বায়ন ৷ মুখ্যমন্ত্ৰীৰ মাতৃৰ আশিস লৈহে বৰপেটাত উপস্থিত হৈছিল বুলিও দীপ বায়নৰ বিৰুদ্ধে অভিযোগ কৰে মনোৰঞ্জন তালুকদাৰে ।

বৰপেটা লোকসভা সমষ্টিৰ কয়াকুছিত জনসভাত অংশ লৈ মঙলবাৰে মনোৰঞ্জন তালুকদাৰে কংগ্ৰেছৰ বিৰুদ্ধে মুকলিকৈ উত্থাপন কৰিলে এই বিস্ফোৰক অভিযোগ ৷ বৰপেটা লোকসভা সমষ্টিত চিপিআই(এম)ৰ প্ৰাৰ্থী দিয়াৰ পিচতো কংগ্ৰেছে দলীয় প্ৰাৰ্থী থিয় কৰোৱাত ক্ষুব্ধ হৈ তেওঁ পুনৰ কয়," দীপ বায়নে গৌৰৱ গগৈ বা দেৱব্ৰত শইকীয়াৰ মাতৃৰ চৰণ চুই আশিস ল'বলৈ যোৱা নাই ৷" অৰ্থাৎ হাৰিলেও বিজিপি, জিকিলেও বিজেপি বুলি কংগ্ৰেছক কটাক্ষ কৰে চিপিআই(এম)ৰ নেতাগৰাকীয়ে ৷

তেওঁ বৰ ঘৰৰ মেকুৰীয়ে কংগ্ৰেছৰ টিকট লৈ ক'ৰ পৰা আহিছে সেই কথাৰ উমান ৰাইজে পাইছে বুলিও কংগ্ৰেছক কটাক্ষ কৰে ৷ ৰাজ্যৰ ১৪ সমষ্টিৰ ১৩টাতেই কংগ্ৰেছে নিৰ্বাচন খেলাক লৈয়ো ক্ষোভ প্ৰকাশ কৰি মনোৰঞ্জন তালুকদাৰে কয়," কংগ্ৰেছ দলেই বৰপেটাত মনোৰঞ্জন তালুকদাৰ প্ৰাৰ্থী হ'ব লাগে বুলি হেঁচা দিছিল ৷ অথচ বৰপেটাত চিপিআই(এম)ৰে মিত্ৰতা নহ'ল ৷" আনকি ড৹ হীৰেন গোহাঁইৰ নেতৃত্বত ৭৭ গৰাকী বুদ্ধিজীৱীয়ে দীপ বায়নৰ পৰিৱৰ্তে মনোৰঞ্জন তালুকদাৰক সমষ্টিটো এৰি দিবলৈ জনোৱা আহ্বানৰ প্ৰতিও সহাৰি নজনালে বুলিও ক্ষোভ প্ৰকাশ কৰে মনোৰঞ্জন তালুকদাৰে ৷ অৱশ্যে দলৰ মাজত নহ'লেও জনসাধাৰণৰ মাজত ভোটৰ ঐক্য গঢ়ি তোলাৰ আহ্বান জনায় মনোৰঞ্জন তালুকদাৰে ।

লগতে পঢ়ক:ৰাস্তাত থিয় দি হ’লেও মানুহৰ পক্ষে থকাৰ আশ্বাস প্ৰদান চিপিআই (এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.