ETV Bharat / politics

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ কোন কোন? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 10:33 PM IST

Lok Sabha Election: অসম কংগ্ৰেছত অব্যাহত থকা তীব্ৰ খহনীয়াৰ মাজতে প্ৰকাশ কৰা হ’ল ষ্টাৰ কেম্পেইনাৰৰ তালিকা ৷ অসমত প্ৰচাৰ চলোৱাৰ বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তালিকাখন ৪০ জনীয়া ৷ য’ত অন্তৰ্ভুক্ত আছে মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, প্ৰিয়ংকা গান্ধী ভদ্ৰা ইত্যাদি ৷

CONGRESS STAR CAMPAIGNER FOR ASSAM
কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ

গুৱাহাটী,৩১ মাৰ্চ: ৰাজ্যজুৰি তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । অসমত ১৪টা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভাৰ নিৰ্বাচন । ১৯ এপ্ৰিলত পাঁচটা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । শাসক-বিৰোধী উভয়ৰে এতিয়া ব্যস্ততাৰ অন্ত নাই । ইফালে প্ৰতিটো দলেই নিজৰ নিজৰ ষ্টাৰ কেম্পেইনাৰৰ যোগেদি ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলেও প্ৰকাশ কৰিলে ষ্টাৰ কেম্পেইনাৰৰ তালিকা । কংগ্ৰেছ দলে অসমত প্ৰচাৰ চলোৱাৰ বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে । কংগ্ৰেছৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, প্ৰিয়ংকা গান্ধী ভদ্ৰা, জীতেন্দ্ৰ সিং, মুকুল ৱাচনিক, পৱন খাৰে, পৃথ্বীৰাজ সাথে, অলকা লাম্বা, ৰণদ্বীপ সিং সূৰ্যেৱালা, কানাইহা কুমাৰ আদি শীৰ্ষস্থানীয় নেতা ।

congress released list of star campaigner
কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা

তদুপৰি ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, পৱন সিং ঘাটোৱাৰ, ৰাণী নৰহ, জাকিৰ হুছেইন ছিকদাৰ, প্ৰণতি ফুকন, ৰাজু চাহু, ৰাজীৱ লোচন পেগু, বলিন কুলী, দীপ গগৈ, আব্দুল খালেক, দুৰ্গা ভূমিজ, এটোৱা মুণ্ডা, ৰেকিবুদ্দিন আহমেদ, বি ভি শ্ৰীনিৱাস, বৰুণ চৌধুৰী, নন্দিতা দাস, শিৱামণি বৰা, ভাস্কৰজ্যোতি বৰুৱা, যাদৱ স্বৰগয়াৰী, দিগন্ত বৰ্মণ, গুণকান্ত গগৈ, ৰামান্না বৰুৱা, বিপুল গগৈ, স্বপন কুমাৰ মণ্ডল, বেদব্ৰত বৰা আৰু ৰাতুল কলিতা ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে ইতিমধ্যে কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলে নিৰ্বাচনী ৰণত নামি পৰিছে । শাসকীয় পক্ষৰ কঠোৰ সমালোচনা আৰু তীব্ৰ প্ৰত্যাহ্বানৰ মাজতে কংগ্ৰেছ দলে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান । ইফালে নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে কংগ্ৰেছ দলত সিমানে খহনীয়া বৃদ্ধি পাইছে । এজনৰ পাছত আনজনকৈ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিমুখী হৈছে ।

শনিবাৰৰ দিনটোত কংগ্ৰেছৰ চাৰিজনকৈ নেতা ক্ৰমে মানস বৰা, অনুজ বৰকটকী, গৌৰৱ সোমানী আৰু কিশোৰ ভট্টাচাৰ্যই দলত্যাগ কৰে । ইয়াৰে মানস বৰা, অনুজ বৰকটকী আৰু গৌৰৱ সোমানীয়ে শনিবাৰেই বিজেপি দলত যোগদান কৰে । আনহাতে কিশোৰ ভট্টাচাৰ্যই আজি গেৰুৱা বসন পৰিধান কৰে । এনদৰে তীব্ৰ প্ৰত্যাহ্বান আৰু বিপৰ্য্যয়ৰ মাজতে দলটোক আগুৱাই নিয়াৰ বাবে অহো-পুৰুষাৰ্থ কৰি আহিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

লগতে পঢ়ক: আমাৰ গাত পানী নাই, আমাৰ গাতো তেজেই আছে: মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই ভূপেন বৰাৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.