ETV Bharat / politics

অসমৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 8:50 PM IST

Guwahati Lok Sabha Constituency : মহানগৰীৰ ৬০টা ৱাৰ্ডৰ দায়িত্বত চাৰিগৰাকী মন্ত্রী । মঙলবাৰে পূৱ গুৱাহাটী আৰু দিছপুৰ সমষ্টিত তিনিখন প্ৰচাৰ সভা বিত্তমন্ত্রীৰ । অসমৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান ।

Guwahati Lok Sabha Constituency
গুৱাহাটী লোকসভা সমষ্টিত প্ৰচাৰ অভিযান

গুৱাহাটী, ৩০ এপ্ৰিলঃ গুৱাহাটী লোকসভা সমষ্টিত তীব্ৰ প্ৰচাৰ অভিযান চলাইছে শাসকীয় দল বিজেপিয়ে । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি চাৰিগৰাকীকৈ মন্ত্রীয়ে গুৱাহাটী মহানগৰীৰ ৱাৰ্ডে ৱাৰ্ডে চলাইছে ব্যাপক প্ৰচাৰ অভিযান । উল্লেখ্য যে, মন্ত্রী অজন্তা নেওগ, মন্ত্রী ডাঃ ৰণোজ পেগু, মন্ত্রী বিমল বড়া আৰু মন্ত্রী যোগেন মহনক গুৱাহাটীৰ ৬০টা ৱাৰ্ডৰ দায়িত্ব ভগাই দিয়া হৈছে ।

Guwahati Lok Sabha Constituency
গুৱাহাটী লোকসভা সমষ্টিত প্ৰচাৰ অভিযান

মন্ত্রী ডাঃ ৰণোজ পেগুক ১৪ টা ৱাৰ্ড, মন্ত্রী অজন্তা নেওগক ১৫ টা ৱাৰ্ড, মন্ত্রী যোগেন মহনক ১৬ টা ৱাৰ্ড আৰু মন্ত্রী বিমল বড়াক ১৫ টা ৱাৰ্ডৰ দায়িত্ব দিয়া হৈছে । সেই অনুসৰি গুৱাহাটীৰ ৱাৰ্ডে ৱাৰ্ডে ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে চাৰিগৰাকীকৈ মন্ত্রী ।

মঙলবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে নিউ গুৱাহাটী বিহু ফিল্ড, গোপাল নগৰ শক্তিপীঠ আৰু নাৰেংগী হাউছিং ক'লনীৰ বিহু ৰংগমঞ্চত গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় । সভাত দল তথা চৰকাৰৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে অসমৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, স্বাধীনতাৰ পিছত অসম দীৰ্ঘদিন উপেক্ষিত আছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত এন ডি এ চৰকাৰে দায়িত্ব লোৱাৰ পিছৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ অভূতপূৰ্ব জোঁৱাৰ আহিছে ।

তেওঁ কয়,"অসমলৈ এইমছ আহিছে, ৰাস্তা-ঘাটৰ চেহেৰা সলনি হৈছে, খাটি খোৱা মানুহৰ জেপলৈ ধন আহিছে, গঁড় হত্যা বন্ধ হৈছে আৰু সাধাৰণ মানুহৰ জীৱন পূৰ্বৰ তুলনাত নিৰাপদ হৈছে" ৷ অসমৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ অন্তৰত সুকীয়া স্থান আছে বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে অসমৰ মানুহে যোৱা দহ বছৰত তাৰ প্ৰমাণ পাইছে বুলি মন্তব্য কৰে ।

মন্ত্রীগৰাকীয়ে এইবাৰৰ নিৰ্বাচন অসমৰ জনতাই মোদীৰ মৰমৰ প্ৰতিদান দিয়াৰ সুযোগ বুলি সদৰি কৰি বিজুলী কলিতা মেধিক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় । বিত্তমন্ত্ৰী গৰাকীয়ে পূৱ গুৱাহাটী আৰু দিছপুৰ সমষ্টিত তিনিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা, পাৰিষদ লিপিকা পাটোৱাৰী কলিতা আদি কেইবাগৰাকী নেতাই প্ৰচাৰ অভিযানত মন্ত্ৰীগৰাকীক সংগ দিয়ে ।

উল্লেখ্য যে, আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো গুৱাহাটী মহানগৰীৰ ৰাজগড় আৰু আৰ্যনগৰত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । ইফালে সোমবাৰে সন্ধিয়া গুৱাহাটী সমষ্টিৰ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ মেগা ৰোড শ্ব'ত ভাগ লয় । মুঠতে গুৱাহাটী লোকসভা সমষ্টিত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হোৱাৰ লক্ষ্যৰে বিজেপিয়ে প্ৰচাৰ অভিযান জোৰদাৰ কৰিছে ।

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে সকলোৱে প্ৰতিশ্ৰুতি দি যায়, কোনে ক’লে এইদৰে ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.