ETV Bharat / politics

বিৰোধী শক্তিশালী হ'লেহে এঘৰী যুঁজি ভাল লাগিব : ৰঞ্জিত দত্ত

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 8:58 PM IST

Lok Sabha election 2024:টিকট লাভৰ পিচতেই শোণিতপুৰ জিলা বিজেপি কাৰ্যালয়ত উপস্থিত হয় ৰঞ্জিত দত্ত । তেজপুৰত উপস্থিত হৈ বিৰোধী ইয়াতো শক্তিশালী হোৱাটো বিচাৰে বুলি মন্তব্য় কৰে ।

Ranjit Dutta attacked opposition
বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত

বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত

তেজপুৰ, ৩ মাৰ্চ : লোকসভা নিৰ্বাচন-২০২৪ৰ বাবে শনিবাৰে বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিচতেই আৰম্ভ হৈছে প্ৰচাৰ অভিযান ৷ দলটোৱে এইবাৰ অসমত ১৪ খন আসনৰ ভিতৰত ১১ খন আসনত প্ৰতিদ্বন্দিতা কৰিব । আজি ৰাজ্য়ৰ আন সমষ্টিৰ লগতে শোণিতপুৰতো দলীয় নেতা-কৰ্মীসকলে আদৰিলে দলীয় প্ৰাৰ্থী ৰঞ্জিত দত্তক । বিজেপিৰ লোকসভা নিৰ্বাচনৰ টিকট ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰত তেজপুৰত ৰঞ্জিত দত্তক আদৰণি জনোৱা হয় । দেওবাৰে বিজেপিৰ পশ্চিম তেজপুৰ জিলা কাৰ্যালয়ত ৰঞ্জিত দত্তক উষ্ম আদৰণি জনোৱা হয় ।

দলীয় কাৰ্যকৰ্তাই তেওঁক আদৰণি জনোৱা পিছতে ৰঞ্জিত দত্তই বিৰোধী ঐক্য মঞ্চৰ বিৰুদ্ধে সৰৱ হৈ পৰে । বিৰোধী ঐক্য মঞ্চক আক্ৰমৰ লক্ষ্য় কৰি তেওঁ কয়," বিৰোধী ঐক্যৰ দিল্লীত দোস্তী আৰু ইয়াত কুস্তী ৷ গতিকে বিৰোধী ইয়াতো শক্তিশালী হোৱাটো বিচাৰো । " বিৰোধী শক্তিশালী হ'লেহে এঘৰী যুঁজি ভাল লাগিব বুলি মন্তব্য় কৰে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই ৷

উল্লেখ্য় যে দলীয় টিকট লাভ কৰাৰ পিছত আজি সন্ধিয়া তেজপুৰত শোণিতপুৰ জিলা বিজেপি কাৰ্যালয়ত উপস্থিত হয় ৰঞ্জিত দত্ত ৷ দলীয় নেতা-কৰ্মীৰ উষ্ম সম্ভাষণ গ্ৰহণ কৰি তেওঁ কয় ," আমাৰ ইচ্ছ্যু উন্নয়ন ৷ আমি ৰাইজৰ ওচৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ খতিয়ান লৈ যাম ৷ এতিয়া বিৰোধীক গালি পৰাৰ প্ৰয়োজন নাই ৷ "

আনহাতে, বিজেপিত নতুন-পুৰণি বুলি কোনো কথা নাই বুলিও মন্তব্য় কৰে ৰঞ্জিত দত্তই ৷ বৰ্তমান বিহালী সমষ্টিৰ ২০১৬ চনৰ পৰা অসম বিধানসভাৰ বিধায়ক দত্তই ২০০১ চনৰ পৰা ২০১১ চনলৈকে বিহালীৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ২০১৬ চনৰ পৰা ২০২১ চনলৈকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আছিল ।

লগতে পঢ়ক:টিকট লাভ কৰাৰ পিচত কামাখ্যা প্ৰসাদ তাছাৰ প্ৰথম প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.