ETV Bharat / politics

নগাঁৱৰ নিৰ্বাচনী যুঁজখন হ’ব ত্ৰিকোণীয়া :বিজেপি বিধায়ক ৰূপক শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 11:20 AM IST

Nowgong Lok Sabha constituency: নগাঁৱত ত্ৰিকোণীয়া নিৰ্বাচনী যুজঁ হোৱাৰ সম্ভাৱনাৰ বিষয়ে প্ৰকাশ কৰে বিধায়ক ৰূপক শৰ্মাই । সংখ্যালঘু জনসাধাৰণে সমাগত নিৰ্বাচনত বিজেপিক সমৰ্থন জনাব বুলি দাবী বিধায়ক ৰূপক শৰ্মাৰ ৷

Nowgong Lok Sabha constituency
নগাঁৱৰ নিৰ্বাচনী যুঁজখন হ’ব ত্ৰিকোণীয়া; বিজেপি বিধায়ক ৰূপক শৰ্মা

নগাঁৱৰ নিৰ্বাচনী যুঁজখন হ’ব ত্ৰিকোণীয়া; বিজেপি বিধায়ক ৰূপক শৰ্মা

নগাঁও, 3 মাৰ্চ: শনিবাৰে বিজেপিয়ে ঘোষণা কৰিলে লোকসভা নিৰ্বাচন 2024 ৰ বাবে বহু আকাংশিত প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ এই ঘোষণা অনুযায়ী বহু চৰ্চিত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰে ন-বিজেপি সুৰেশ বৰাই । বিজেপিত যোগদান কৰিয়েই লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰে সুৰেশ বৰাই ৷

প্ৰাৰ্থিত্ব লাভ কৰা সুৰেশ বৰাই নিশাৰ ভাগত সাক্ষাৎ কৰে বিজেপি নেতা কৰ্মীক । নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ সৈতেও নিশা আলোচনাত মিলিত হয় নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰা । নগাঁও লোকসভা সমষ্টিত এইবাৰ এ আই ইউ ডি এফ দলৰ সৈতেহে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে বিধায়ক ৰূপক শৰ্মাই ।

অৱশ্যে নগাঁৱত ত্ৰিকোণীয়া যুঁজ হোৱাৰো সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰে বিধায়কগৰাকীয়ে । উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ এইবাৰ নিৰ্বাচনত জনসাধাৰণে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলিও উল্লেখ কৰে বিজেপি বিধায়ক ৰূপক শৰ্মাই । বিজেপি চৰকাৰৰ শাসনকালত সংখ্যালঘুসকল কোনো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা নাই বুলি উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই ৷

বিধায়ক শৰ্মাই কয়, "বিজেপি চৰকাৰৰ দিনত কোনো ধন খৰচ নকৰাকৈয়ে আঁচনিৰ সুবিধা লাভ কৰিছে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে সংখ্যালঘু লোকসকলেও । সেয়ে সংখ্যালঘু জনসাধাৰণে এইবাৰ বিজেপিক সমৰ্থন কৰিব ।"

উল্লেখ্য যে, শনিবাৰে সমগ্ৰ দেশৰ 195 খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে ৷ নতুন দিল্লীত এক সংবাদমেলযোগে এই তালিকাখন প্ৰকাশ কৰে বিজেপিয়ে ৷ অসমত 14 খন আসনৰ ভিতৰত 11 খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে আৰু ইয়াৰে 5 গৰাকী নতুন প্ৰাৰ্থী ।

লগতে পঢ়ক: বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.