ETV Bharat / politics

সৰ্বানন্দ সোণোৱালক পৰাজিত কৰাৰ বাবে কোনে কাম কৰিছে ? ক'লে ভূপেন বৰাই - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 4:42 PM IST

Bhupen Borah On Himanta Biswa Sarma
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল

প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক উজনিলৈ যাবলৈ নিদিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । মুখ্যমন্ত্ৰীৰ কথা-বাৰ্তা আৰু আচৰণত লজ্জানত ৰাজ্যবাসী । মুখ্যমন্ত্ৰীৰ হতাশাই চৰম পৰ্যায় পাইছেগৈ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৪৭টা বিধানসভা সমষ্টিৰ ভিতৰত ৪০টাত কংগ্ৰেছৰ অগ্ৰগতি । ৰাজীৱ ভৱনত এই মন্তব্য ভূপেন বৰাৰ ।

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল

গুৱাহাটী, ২১ এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সভাপতি জে পি নাড্ডা আহিছিল যদিও ডিব্ৰুগড়লৈ নগ’ল । ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে প্ৰচাৰ নচলালে । ইয়াৰ কাৰণ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

বৰাই কয় যে প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক উজনিলৈ যাবলৈ নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই কেন্দ্ৰীয় মন্ত্ৰী এজনে মুখ খুলিম বুলি মুখ্যমন্ত্ৰীক ধমকি দিয়াৰ প্ৰসংগত কয় যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেকৈ কোৱাৰ কাৰণ আছে যদিও কথাটো ওলাব নোৱাৰে ।

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে এনেকৈ কোৱাৰ কাৰণ সন্দৰ্ভত ভূপেন বৰাই কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী আৰু দলৰ সভাপতি অসমলৈ আহিছিল যদিও মুখ্যমন্ত্ৰীয়ে উজনি অসমলৈ যাবলৈ নিদিলে । কাৰণ সোণোৱালক পৰাজিত কৰাৰ বাবে যিমানখিনি কাম কৰিব লাগে সিমানখিনি কাম কৰিছে মুখ্যমন্ত্ৰীয়ে ।

তেওঁ লগতে কয় যে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সহায়ৰ বাবে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকী জয়ী নহয়, জয়ী হ'ব অসমৰ মানুহৰ সিদ্ধান্তৰ বাবে । অসমৰ সকলো ভাল মানুহে অসমখন বচাবৰ বাবে মৌন সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ডিব্ৰুগড় সমষ্টিত লুৰীণজ্যোতি গগৈ জয়ী হ'ব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ।

মুখ্যমন্ত্ৰীৰ কথা-বাৰ্তা আৰু আচৰণত লজ্জানত ৰাজ্যবাসী :

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা-বতৰা আৰু আচৰণত গোটেই ৰাজ্যবাসী লজ্জানত হৈছে বুলি কয় ভূপেন বৰাই । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিচত সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই কয় যে ১৩ খন আসনৰ কথা কৈ আহিছিল যদিও এতিয়া শূন্যৰ সংখ্যা বাঢ়ি বাঢ়ি আহি আছে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ ব্যৱহাৰ বেপেৰুৱা বুলি মন্তব্য কৰি কৰি ভূপেন বৰাই কয় যে আমাৰ মুখ্যমন্ত্ৰীৰ কথা-বাৰ্তা আৰু আচৰণত ৰাজ্যবাসী লজ্জানত হৈছে ।

মুখ্যমন্ত্ৰীৰ এনে আচৰণৰ বাবে নৱপ্ৰজন্মৰ প্ৰতিগৰাকী শিক্ষিত যুৱক-যুৱতী আজি হতাশ হৈছে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । মুখ্যমন্ত্ৰীয়ে নিৱনুৱা সমস্যাৰ কথা এবাৰো নক’লে বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে অংগনবাড়ী কৰ্মীক ধমকি দিয়ে । এজন মুখ্যমন্ত্ৰীয়ে ৰাস্তাত অংগনবাড়ী কৰ্মীৰ সৈতে মুখচুপতি মাৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ হতাশাই চৰম পৰ্যায় পাইছেগৈ ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৪৭ টা বিধানসভা সমষ্টিৰ ৪০ টাত কংগ্ৰেছৰ অগ্ৰগতি :

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৭ টা বিধানসভা সমষ্টিৰ সাতটা সমষ্টিত বিজেপিৰে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা হ'ব । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । বৰাই লগতে কয় যে ৪০ টা বিধানসভা সমষ্টিত কংগ্ৰেছ আগবাঢ়ি আছে । ইফালে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰিয়ংকা গান্ধীকে অনা হৈছিল বুলি তেওঁ সদৰী কৰে ।

লগতে পঢ়ক: সাংসদ অজিত কুমাৰ ভূঞাৰ মুখত ‘টকাৰ জয় হ’ব’ প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.