ETV Bharat / politics

শোণিতপুৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা বিৰোধীৰ লগত নহয়, বিধায়কসকলৰ মাজতহে হ’ব : অশোক সিংহল

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 1:23 PM IST

Updated : Mar 18, 2024, 4:04 PM IST

Sonitpur Lok Sabha constituency : শোণিতপুৰৰ পাঁচটা বিধানসভাতেই জয়ী হ’ব বিজেপি ৷ জিলাখনত বিজেপিৰ প্ৰতিদ্বন্দ্বিতা বিৰোধীৰ লগত নহয়, বিধায়কসকলৰ মাজতহে হ’ব ৷ এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ৷

Sonitpur BJP candidate Ranjit Dutta
শোণিতপুৰৰ পাঁচটা বিধানসভাতেই জয়ী হ’ব বিজেপি : অশোক সিংহল

শোণিতপুৰৰ পাঁচটা বিধানসভাতেই জয়ী হ’ব বিজেপি : অশোক সিংহল

তেজপুৰ, 18 মাৰ্চ : ‘‘শোণিতপুৰত বিজেপিৰ প্ৰতিদ্বন্দ্বিতা বিৰোধীৰ লগত নহয় ৷ এইবাৰ প্ৰতিযোগিতা বিধায়কসকলৰ মাজতহে ৷ কোনটো বিধান সভা সমষ্টিত সৰ্বাধিক ভোট লাভ কৰে, তাৰেই প্ৰতিযোগিতা হ’ব ৷’’ সোমবাৰে তেজপুৰত এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে ৷

‘‘একেদৰে বুথ সভাপতি-বুথ সভাপতিৰ মাজতো প্ৰতিযোগিতা আছে ৷ শোণিতপুৰৰ পাঁচটা বিধানসভাই জিকা ভোট দি দিব ৷ উৎসৱমুখী পৰিৱেশত নিৰ্বাচন খেলিব খোজিছো ৷ আমি কৰা ভাল কামৰ খটিয়ান ৰাইজক দিব বিচাৰিছো ৷ ৰাইজৰ আশীৰ্বাদ ল’ব বিচাৰিছো ৷ ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনাইছো ৷’’ এই বুলিও কয় মন্ত্ৰী সিংহলে ৷

উল্লেখ্য যে, সোমবাৰে তেজপুৰত উপস্থিত হৈ শোণিতপুৰ বিশ্বনাথৰ কেবাগৰাকী বিধায়ক আৰু নেতা-কৰ্মীৰ সৈতে মন্ত্ৰী সিংহল আৰু বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰে ৷ এক প্ৰকাৰে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছে এতিয়া বিজেপিৰ দলীয় কৰ্মী তথা মন্ত্ৰী-বিধায়কসকল । ইয়াৰ মাজতে মন্ত্ৰী অশোক সিংহলে কয় যে তেজপুৰৰ বিজেপিৰ প্ৰাৰ্থীয়ে চাৰি লাখৰ ভোটৰ ব্যৱধানত জয় লাভ কৰিব ৷

লগতে পঢ়ক : ১৯ এপ্ৰিলত তিনিচুকীয়াত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ; ৭৫ টা স্পৰ্শকাতৰ পোলিং ষ্টেচন চিনাক্ত

উল্লেখ যে, শোণিতপুৰ লোকসভা সমষ্টিৰ মুঠ 1625364 জন ভোটাৰৰ ভিতৰত শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ ভোটাৰ আছে 951285 গৰাকী । জিলাখনৰ মুঠ পুৰুষ ভোটাৰৰ সংখ্যা 473037 আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 478248 ।

শোণিতপুৰ জিলা প্ৰশাসনে ভোটাৰৰ সুবিধাৰ বাবে মুঠ 150 টা ভোট কেন্দ্ৰত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ৷ লগতে 5 টা আদৰ্শ ভোট কেন্দ্ৰ, 10 টা যুৱ ভোট কেন্দ্ৰ আৰু 3 টা ভোট কেন্দ্ৰ শাৰীৰিকভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ হ’ব ৷

জিলাখনত শাৰীৰিকভাৱে সক্ষম ভোটাৰ আছে 6428 গৰাকী ৷ লগতে চাকৰিয়াল ভোটাৰ আছে 3697 ৷ জানিব পৰা মতে, বিভিন্ন কাৰণবসত জিলাখনৰ পৰা 1500গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে ।

ইয়াৰ লগতে 11 নং শোণিতপুৰ লোকসভা সমষ্টিত 1878 টা ভোটকেন্দ্ৰ স্থাপন হ’ব ৷ ইয়াৰ ভিতৰত শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত 1100 টা ভোট কেন্দ্ৰ থাকিব ৷ ইয়াৰ ভিতৰত 27 টা স্পৰ্শকাতৰ বুলি বিবেচিত কৰা হৈছে ৷ দেওবাৰে এই কথা সদৰী কৰে জিলা আয়ুক্তই ।

জিলা আয়ুক্তই উল্লেখ কৰা মতে, এই নিৰ্বাচনৰ বাবে মুঠ 4400 জন বিষয়া কৰ্মচাৰী নিয়োগ হ’ব আৰু 20% অতিৰিক্ত হিচাবে থাকিব ৷ নিৰ্বাচন সুচাৰুভাৱে পৰিচালনা কৰিবলৈ 118 চেক্তৰ বিষয়া আৰু 24 জন জনেল বিষয়া নিয়োগ কৰা হ’ব ।

লগতে পঢ়ক : নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

Last Updated :Mar 18, 2024, 4:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.