ETV Bharat / politics

লখিমপুৰ কংগ্ৰেছৰ প্ৰাৰ্থী ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকা; কিয় বঞ্চিত হ’ল একালৰ প্ৰতাপী ৰাণী ? - Lakhimpur Lok Sabha constituency

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 1:34 PM IST

Lakhimpur Lok Sabha constituency : লোকসভাৰ টিকট লাভৰ পৰা বঞ্চিত হ’ল কংগ্ৰেছী নেত্ৰী ৰাণী নৰহ ৷ কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিলে উদয় শংকৰ হাজৰিকাই ৷ কিয় টিকট লাভৰ পৰা বঞ্চিত হ’ল কংগ্ৰেছী নেত্ৰীগৰাকী ?

Uday Shankar Hazarika to contest from Lakhimpur LS candidate, Ranee Narah deprived of LS ticket
লখিমপুৰ কংগ্ৰেছৰ প্ৰাৰ্থী ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকা; কিয় বঞ্চিত হ’ল একালৰ প্ৰতাপী ৰাণী ?

গুৱাহাটী, 24 মাৰ্চ : লখিমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি উদয় শংকৰ হাজৰিকাই মাৰিলে শেষ হাঁহি ৷ অথলে গ’ল ৰাণী নৰহৰ নতুন দিল্লীত হাই কমাণ্ডৰ সৈতে কেইবা দশক জোৰা উঠা-বহা ৷ অতি বিলম্বিতভাৱে হ’লেও কংগ্ৰেছে অৱশেষত ঘোষণা কৰিলে লখিমপুৰ সমষ্টিৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে উদয় শংকৰ হাজৰিকাৰ নাম ।

26 মে’ত তৃতীয় পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচন হ’বলগীয়া সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিলে যদিও কংগ্ৰেছ দলে কিন্তু 19 এপ্ৰিলত প্ৰথম পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া লখিমপুৰৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিবলৈ সক্ষম হোৱা নাছিল । লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত আছিল দুবাৰৰ সাংসদ ৰাণী নৰহ আৰু নতুনকৈ বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকা ।

এফালে আছিল ৰাণী নৰহৰ দিল্লীৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত প্ৰৱল প্ৰতাপ ৷ আনফালে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰাৰ্থী আছিল উদয় শংকৰ হাজৰিকা ৷ যাৰ বাবে লখিমপুৰৰ প্ৰাৰ্থী ঘোষণাত যথেষ্ট পলম কৰিলে কংগ্ৰছে নেতৃত্বই । লখিমপুৰ সমষ্টিৰ বাবে 27 মাৰ্চ হ’ল মনোনয়ন দাখিলৰ শেষ দিন ৷ তাৰ 3 দিন পূৰ্বে শনিবাৰৰ নিশা সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত শেষ সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছ নেতৃত্বই ।

কিয় টিকটৰ পৰা বঞ্চিত হ’ল ৰাণী নৰহ ?

দলীয় সূত্ৰই জনোৱা মতে, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ অসহযোগ, তৃণমূলৰ সৈতে গণসংযোগহীনতা আৰু নিজৰ 'ডেম কেয়াৰ’ মনোভাৱৰ বাবেই এইবাৰ ৰণত পৰিল ৰাণী নৰহ । আনহাতে, 2017 চনত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত দলীয় হুইপ অমান্য কৰি ভোটদানৰ পৰা বিৰত আছিল ৰাণী নৰহ । কংগ্ৰেছৰ সূত্ৰ মতে, এই সকলো কাৰকেই ৰাণীৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত বাধা হৈ থিয় দিলে ।

নতুন দিল্লীত একেবাৰে শেষলৈকে নিজৰ প্ৰাৰ্থিত্ব লাভৰ বাবে যুঁজ দিছিল ৰাণী নৰহে । ৰাণী নৰহে ছোনিয়া গান্ধীক সাক্ষাৎ কৰি নিজৰ প্ৰাৰ্থিত্বৰ বাবে শেষ চেষ্টা চলাইছিল । কিন্তু শেষ মুহূর্তত একালৰ উত্তৰ অসমৰ কংগ্ৰেছী ৰাজনীতিৰ অখণ্ড প্ৰতাপী ৰাণীক ওফৰাই ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাই লখিমপুৰ লোকসভা সমষ্টিত প্রার্থিত্ব লাভ কৰিলে ।

লখিমপুৰৰ চহৰৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী উদয় শংকৰ হাজৰিকা বিজেপিৰ এগৰাকী পুৰণি কৰ্মী আছিল । কেইমাহমান পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছিল লখিমপুৰৰ ব্যৱসায়ীগৰাকীয়ে ৷ অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং দুয়োৱেই আছিল উদয় শংকৰ হাজৰিকাক লখিমপুৰত প্ৰাৰ্থিত্ব দিয়াৰ সপক্ষে ।

উদয় শংকৰ হাজৰিকা লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ নতুন মুখৰ প্ৰাৰ্থী হ'লেও উদয় শংকৰ হাজৰিকাই পূর্বে বিজেপিৰ প্ৰাৰ্থীৰূপে সমষ্টিটোত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ সৰ্বশেষত এবাৰ লখিমপুৰৰ সাংসদ আৰু আন এবাৰ ৰাজ্যসভাৰ মুঠ দুবাৰকৈ সাংসদ হোৱা ৰাণী নৰহে প্রার্থিত্ব লাভৰ পৰা বঞ্চিত লগা হ’ল ৷

ৰাণী নৰহ আৰু তেওঁৰ স্বামী ভৰত নৰহে লখিমপুৰ-ধেমাজিত প্ৰায় কেইবা দশক জুৰি কংগ্ৰেছৰ ৰাজনীতি নিজৰ মতে পৰিচালনা কৰি আহিছিল । উদয় শংকৰ হাজৰিকাই প্ৰাৰ্থিত্ব লাভৰ পিছত লখিমপুৰত নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰদেশ কংগ্ৰেছে আজিৰে পৰা তৎপৰতা চলোৱা দেখা গৈছে ।

বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই সমষ্টিটোত প্ৰায় 15 দিন ধৰি ব্যাপক হাৰত প্ৰচাৰ চলোৱা দেখা পোৱা গৈছে । যাৰ ফলত কংগ্ৰেছৰ দলীয়-নেতা কৰ্মীৰ মাজত উচাহ এক প্ৰকাৰৰ ম্লান পৰা দেখা গৈছিল । এতিয়া কংগ্ৰেছ দলে উদয় শংকৰ হাজৰিকাক লৈ কি দৰে লখিমপুৰত আগবাঢ়ে সেয়া হ’ব লক্ষণীয় ।

প্রার্থিত্বৰ পৰা বঞ্চিত ৰাণী নৰহ উদয় শংকৰ হাজৰিকাৰ মনোনয়ন দাখিল অনুষ্ঠানত উপস্থিত থাকে নে নাথাকে সেয়াও হ’ব মন কৰিবলগীয়া ।

লগতে পঢ়ক : উদয় শংকৰ হাজৰিকা হ’ব লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী - Lakhimpur Lok Sabha Constituency

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.