ETV Bharat / politics

ক'ভিডকালত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকিলে কি হ'লহেঁতেন, মুখ্যমন্ত্ৰীৰ বাখ্যা - Lok Sabha Election 2024

Lok Sabha Election 2024: বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । ক'ভিড মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ পদক্ষেপৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ ।

Lok Sabha Election 2024
ক'ভিডকালত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকিলে কি হ'লহেঁতেন, মুখ্যমন্ত্ৰীৰ বাখ্যা
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 11:00 PM IST

2 Min Read
Choose ETV Bharat
ক'ভিডকালত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকিলে কি হ'লহেঁতেন, মুখ্যমন্ত্ৰীৰ বাখ্যা

বৰপেটাৰোড, ২৯ এপ্ৰিল : "বৰপেটাত পদুম মানে হাতী আৰু হাতী মানে পদুম ৷ ইভিএম মেচিনত পদুম বিচাৰি নাথাকিব ৷ মেচিনত পদুম বিচাৰিলে গণ্ডগোল হৈ যাব ।" এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাই এনেদৰে উপস্থিত ৰাইজক ইভিএমত ভোটদানৰ প্ৰক্ৰিয়াৰ কথা বুজাই দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰদলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ সৰুপেটাত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ক'ভিড মহামাৰীৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী পদত যদি নৰেন্দ্ৰ মোদী নাথাকি ৰাহুল গান্ধী থাকিলহেঁতেন তেন্তে দেশৰ অৱস্থা কি হ'লহেঁতেন সেইটো ৰাইজে চিন্তা কৰক ৷ মুখ্যমন্ত্ৰীয়ে কয়,"ভেকচিন ক'ত পালোহেঁতেন ? মেডিচিন ক'ৰ পৰা পালোহেঁতেন ? ৰাহুল গান্ধী যদি তেতিয়া প্ৰধানমন্ত্ৰী হ'লহেঁতেন তেন্তে কিমান মানুহ মৰিল হয় তাৰ হিচাপ নাথাকিলহেঁতেন ।"

মুখ্যমন্ত্ৰীৰ মতে মোদীয়ে মেডিচিন দিছে, ভেকচিন দিছে ৷ ক'ভিদৰ সময়ত মোদী প্ৰধানমন্ত্ৰী হৈ নাথাকিলে ৬০ বছৰৰ ওপৰৰ বেছি সংখ্যক মানুহকেই হেৰুৱাবলগীয়া হ'লহেঁতেন বুলিও তেওঁ দাবী কৰে । মোদী প্ৰধানমন্ত্ৰী পদত থকা বাবেই আমি সকলোৱে নিৰাপত্তা অনুভৱ কৰোঁ ৷ লগতে আমি পৰিয়ালৰ সকলোৰে লগত মৰমত থাকিব পাৰিছোঁ বুলিও তেওঁ প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে ৷

ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ মতে ২০১৪ চনৰ পূৰ্বে বড়ো আন্দোলন, কাৰ্বি আন্দোলন, আলফাৰ আন্দোলনেৰে অশান্ত জৰ্জৰিত হৈ আছিল অসম ৷ তেওঁৰ মতে এতিয়া অসমত গুলীবাৰুদৰ আলোচনা নহয়, অসমত বৰ্তমান আলোচনা হয় চাকৰি কেতিয়া পাব, অৰুণোদয় কেতিয়া পাব, লাখপতি বাইদেউ কেতিয়া হ'ব ৷ সৰুপেটাৰ পিচত বৰক্ষেত্ৰী হাজো আৰু শুৱালকুছিতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে বৰপেটা, গুৱাহাটী আৰু কোকৰাঝাৰত বিজেপি দলে অনায়াসে জয়ী হ'ব ।

লগতে পঢ়ক :কোলাত কেঁচুৱা থকা মহিলাক ৰোড শ্ব’ৰ পৰা বিৰত থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ - LOK SABHA ELECTION 2024