দলীয় কৰ্মীৰ সৈতে নাচি-বাগি সাপেখাতীত মুখ্যমন্ত্ৰী - Lok Sabha Election 2024
Lok Sabha Election 2024: যোৰহাট লোকসভা সমষ্টিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ । বিজেপি চৰকাৰৰ জয়গান গালে মুখ্যমন্ত্ৰীয়ে । তপন কুমাৰ গগৈ ৩ লাখ ভোটত জয়ী হোৱাৰ দাবী ।

Published : April 8, 2024 at 4:39 PM IST
মৰাণ,৮ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দিন চমু চাপিছে আৰু ইয়াৰ লগে লগে শাসকীয় বিজেপিৰ প্ৰচাৰো তুংগত উঠিছে । প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইখনৰ পিচত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ মাজতে সোমবাৰে যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে ।
চৰাইদেউৰ সাপেখাতীত ৰাইজৰ সৈতে নাচি-বাগি বিজেপিৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ অৰুণোদয়, লাখপতি বাইদেউ আদিৰ দৰে বিভিন্ন আঁচনিৰ প্ৰশংসা কৰে আৰু বিজেপি চৰকাৰৰ সফলতাৰ কথাও ৰাইজক অৱগত কৰে । লগতে অমৃত বৃক্ষ আন্দোলন , খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম, লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী পালন কৰাৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ উন্নীত কৰা আদি উন্নয়নৰ খতিয়ানো দাঙি ধৰে ।
চৰাইদেউৰ সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত বিজেপিৰ এই বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে সাংসদ পল্লৱ লোচন দাস, মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ লগত চৰাইদেউ জিলা বিজেপিৰ শীৰ্ষ নেতাসকল ।
এই সভাতে তেওঁ দাবী কৰে যে আজিৰ দিনলৈকে বিজেপিয়ে ১৩ খন আসনত জয়লাভ কৰিছে । যোৰহাটত তপন কুমাৰ গগৈ ৩ লাখ ভোটত জয়ী হ'ব বুলিও তেওঁ দৃঢ়তাৰে কয় । মুখ্যমন্ত্ৰীগৰাকীৰ মতে বিজেপিয়ে কংগ্ৰেছ দলক নহয় ৰাইজক ভয় কৰে আৰু শ্ৰদ্ধা কৰে ।
উল্লেখ্য যে এইবাৰ বিজেপিয়ে যোৰহাট লোকসভা সমষ্টিক লৈ ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে । কাৰণ এই সমষ্টিটোত বিৰোধীৰ প্ৰাৰ্থী হৈছে গৌৰৱ গগৈ, যি সম্প্ৰতি অতি শক্তিশালী স্থিতিত আছে বুলি বিশ্লেষকসকলে দাবী কৰিছে ।
লগতে পঢ়ক :অসমত বিৰোধী ঐক্য সফল নোহোৱাত দুখ প্ৰকাশ আপ নেত্ৰী আতিশী মাৰ্লেনাৰ - Lok Sabha Election 2024

