ETV Bharat / politics

ন্যায় যাত্ৰাৰ গোচৰ : ৰাহুল গান্ধীকে ধৰি দলৰ অন্যান্য নেতাক চি আই ডিৰ তলব

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 7:42 PM IST

Updated : Feb 19, 2024, 8:06 PM IST

CID Summons Rahul Gandhi : কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি দলৰ অন্যান্য নেতাক তলব অসমৰ অপৰাধ অনুসন্ধান শাখাৰ ৷ চমন অনুসৰি চি আই ডিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে চি বেণুগোপাল, জিতেন্দ্ৰ সিং, ভূপেন বৰা, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াক গুৱাহাটীৰ চি আই ডি কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে ৷

CID Summons Rahul Gandhi
ৰাহুল গান্ধীকে ধৰি দলৰ অন্যান্য নেতাক চি আই ডিৰ তলব

গুৱাহাটী, 19 ফেব্ৰুৱাৰী : ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগত অসমৰ অপৰাধ অনুসন্ধান বিভাগে (CID) কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি দলৰ অন্যান্য নেতাক তলব কৰিছে ৷ চমন অনুসৰি চি আই ডিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে চি বেণুগোপাল, জীতেন্দ্ৰ সিং, ভূপেন বৰা, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াক গুৱাহাটীৰ চি আই ডি থানাত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে ৷ তদুপৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু ৰমেন কুমাৰ শৰ্মাকো চমন জাৰি কৰিছে চি আই ডিয়ে ৷ 23 ফেব্ৰুৱাৰীত কংগ্ৰেছৰ নেতাসকলে উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব বুলিও নিৰ্দেশ দিয়া হৈছে ৷

CID Summons Rahul Gandhi
ন্যায় যাত্ৰাৰ গোচৰত তলব ৰাহুল গান্ধীসহ কংগ্ৰেছ নেতাক

মণিপুৰৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰাৰ পিছতে ৰাজ্যৰ কেইবাটাও স্থানত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল ৷ এই ন্যায় যাত্ৰাই গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰোতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পিচতে ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকীয়ো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজহুৱা সেৱকৰ আইনী আদেশ অমান্য কৰা, অনুমতিৰ চৰ্ত উলংঘা কৰা, চৰকাৰী কৰ্মচাৰীক বৈধ কৰ্তব্য পালন কৰাৰ সময়ত বাধা দিয়া আৰু চৰকাৰী চাকৰিয়ালৰ ওপৰত আক্ৰমণৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জীতেন্দ্ৰ সিং, কে.চি. বেণুগোপাল, জয়ৰাম ৰমেশ, শ্ৰীনিবাস বি ভি, কানহাইয়া কুমাৰৰ বিৰুদ্ধে মহানগৰীৰ বশিষ্ঠ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৪৩/১৪৭/১৮৮/২৮৩/৩৫৩/৩৩২/৩৩৩/৪২৭ আৰু পি ডি পি পি আইনৰ 3 নং ধাৰাত 55/24 নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখে ৷ লগতে কংগ্ৰেছ নেতা গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰ, ৰমেন কুমাৰ শৰ্মাৰ বিৰুদ্ধেও আৰক্ষীয়ে ৰুজু কৰে গোচৰ ৷ পৰৱৰ্তী সময়ত গোচৰটো চি আই ডিলৈ হস্তান্তৰ কৰা হয় ৷

ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ গোচৰত চমন দিয়া বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে 23 জানুৱাৰীত মহানগৰ আৰক্ষীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল ৷

লগতে পঢ়ক : প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আখ্যান বখানিলে বিধায়ক কমলাক্ষই

Last Updated : Feb 19, 2024, 8:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.