ETV Bharat / politics

মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই অপসাৰিত হ’ল গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে

Congress crisis : জিলা সভাপতি পদৰ পৰা অপসাৰিত কৰা হ’ল গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েক ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি টায়ে সম্বৰ্ধনা জনাইছিল । এই ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাচতে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছে ৷ 72 ঘণ্টাৰ ভিতৰত কৈফিয়ৎ তলব কৰিছে প্ৰদেশ কংগ্ৰেছে ।

golaghat congress president post
গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি
author img

By ETV Bharat Assamese Team

Published : February 16, 2024 at 2:34 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 16 ফেব্ৰুৱাৰী: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি জিলা সভাপতি পদৰ পৰা অপসাৰিত হ’বলগীয়া হ’ল গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিগৰাকী । কংগ্ৰেছ দলৰ ভিতৰচোৱাত ঘৰ বিভীষণ সন্দৰ্ভত উত্তাল পৰিৱেশ চলি থকাৰ সময়তে গোলাঘাট কংগ্ৰেছত সংঘটিত হৈছে এই ঘটনা ৷ ইয়াৰ পিচতে প্ৰদেশ কংগ্ৰেছে অপসাৰণ কৰিছে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েক ৷

অপসাৰণ কৰাৰ 72 ঘণ্টাৰ ভিতৰত কৈফিয়ৎ তলব কৰিছে প্ৰদেশ কংগ্ৰেছে । উল্লেখযোগ্য যে, শেহতীয়াভাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰৰ শ্যাম গাঁৱত নৈশ যাপন কৰিছিল । তেতিয়াই নিশা গোপনে গোলাঘাট কংগ্ৰেছৰ সভাপতি দাদু টায়ে হিমন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা জনাইছিল । এই ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । যাৰ পৰিপেক্ষিতত কংগ্ৰেছ দলে তাৎক্ষণিকভাৱে দাদু টায়েক জিলা সভাপতিৰ পদৰ পৰা অপসাৰণ কৰে ।

এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিপুল গগৈৰ স্বাক্ষৰিত পত্ৰখনত কোৱা হৈছে, “যি সময়ত কংগ্ৰেছ দলৰ কেইবাজনো নেতাই বিজেপিত যোগদান কৰিছে আৰু বিজেপিয়ে এনে পৰিস্থিতিক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ৷ ইয়াৰ ফলত ৰাইজৰ মাজত আমাৰ দলক লৈ ভুল বাৰ্তা বিয়পি পৰা দেখা গৈছে ৷ মাজৰাতি মুখ্যমন্ত্ৰীৰ সৈতে আপোনাৰ সাক্ষাৎ দলে মানি ল’ব পৰা নাই ।”

পত্ৰখনত লগতে উল্লেখ কৰা হৈছে, “মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ প্ৰকৃত কাৰণ থাকিলেও এনে পদক্ষেপ লোৱাৰ আগতে আপুনি দলটোক আস্থাত ল’ব লাগিছিল আৰু উচ্চ কৰ্তৃপক্ষক অৱগত কৰিব পাৰিলেহেঁতেন ।” এই পত্ৰযোগে শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই দাদু টায়েক জিলা সভাপতি পদৰ পৰা অপসাৰণ কৰে । এপিচিচিৰ সাধাৰণ সম্পাদক গোলাপ শইকীয়াক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গোলাঘাট ডিচিচিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয় ।

অপসাৰিত হ’ল গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে
apcc removed dadu taye from golaghat congress prez post

লগতে পঢ়ক: ভূপেন বৰাৰ বাবে আৰু এটা বেয়া খবৰ: মুখ্যমন্ত্ৰীক গোপনে সাক্ষাৎ দাদু টায়েৰ