ETV Bharat / politics

কোনবোৰ বিষয়ত বাতৰি হ’ব লাগিছিল, হৈ আছে কি ? ক’লে ভূপেন বৰাই

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 4:04 PM IST

Bhupen Borah: চৰকাৰত নথকা দল এটাক লৈ ব্যস্ত থকাক লৈ ক্ষোভিত হৈ পৰিছে ভূপেন বৰা ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মতে কংগ্ৰেছ দলত কি হৈ আছে সেয়া আলোচনা কৰাতকৈ, তাৰ বাতৰি কৰাতকৈ বিজেপি চৰকাৰৰ বিফলতাসমূহৰ বাতৰিহে সংবাদ মাধ্যমে কৰিব লাগে ৷ কিন্তু সেয়া সংবাদ প্ৰতিষ্ঠানসমূহে কৰিব নোৱাৰে বুলি কয় ভূপেন বৰাই ৷

Bhupen Borah
বিমান বন্দৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

বিমান বন্দৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গুৱাহাটী, 17 ফেব্ৰুৱাৰী: ইটোৰ পিচত সিটো দলীয় অথন্তৰৰ মাজতে শনিবাৰে দিল্লীলৈ উৰা মাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ৷ নিৰ্বাচনকেন্দ্ৰিক অথবা দলৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ তলব অনুসৰি দিল্লীলৈ উৰা মৰাৰ সময়ত বিমান বন্দৰত সাংবাদিকৰে মুখামুখি হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ৷ অসম কংগ্ৰেছৰ অস্থিৰতাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সংবাদ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধেহে ভূপেন বৰা খৰ্গহস্ত হৈ থকা যেন পৰিলক্ষিত হ’ল ৷

ভূপেন বৰাৰ মতে চৰকাৰৰ দুৰ্নীতি, নিবনুৱা সমস্যা, নিৰ্দিষ্ট এটা পৰিয়ালে ঘটি থকা সম্পত্তি আদিৰ বাতৰিৰ পৰিৱৰ্তে কেৱল কংগ্ৰেছ আৰু ভূপেন বৰাক লৈ সংবাদ মাধ্যম ব্যস্ত হৈ পৰিছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

ভূপেন বৰাৰ লগত ব্যস্ত থাকিলে ৰাজ্যখনৰ উন্নয়ন নহয় বুলি মন্তব্য কৰে তেওঁ ৷ ইয়াৰোপৰি তেওঁ কয় যে বিজেপি হ’ল অজগৰ সাপ ৷ বিজেপিয়ে আঞ্চলিক ৰাজনৈতিক দলসমূহক গিলি পেলাইছে বুলি মন্তব্য কৰি তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত আঞ্চলিক দলসমূহ শক্তিশালী আছিল, কিন্তু বিজেপি চৰকাৰৰ দিনত শক্তি কমি আহিল ৷ বিয়া খাবলৈও হেলিকপ্টাৰ ব্যৱহাৰ কৰা বিজেপিৰ নেতাৰে পৰিচালিত এইখন অসমত জ্বলন্ত সমস্যাসমূহ আলোচনা নহয় বুলি মন্তব্য কৰে ভূপেন বৰাই ৷

আনহাতে দুই কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপি চৰকাৰক সমৰ্থন কৰি মন্তব্য কৰা সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে দায়িত্ব দিয়া হৈছে বুলি সদৰী কৰে ভূপেন বৰাই ৷ এই সন্দৰ্ভত অহা সোমবাৰে বিৰোধী দলপতিয়ে বিধান সভাৰ মজিয়াত অধ্যক্ষক এই দুই বিধায়কক অযোগ্য ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়াব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

লোক সভা নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাই কয় যে বিজেপিয়ে সমাগত লোক সভা নিৰ্বাচনত ডাবল্ ডিজিট আসন লাভ নকৰে, ডাবল ডিজিটৰ পৰা তিনি কিল’মিটাৰ দূৰত থাকিব অসম বিজেপি ৷ যিমান আসনত বিজেপি পৰাজয় হ’ব, সিমান আসনত কংগ্ৰেছ জয়ী হ’ব বুলি মন্তব্য কৰে ভূপেন বৰাই । অসমৰ মৌলিক সমস্যাসমূহ ঢাকি ৰাখিবলৈ বিজেপি চৰকাৰে কংগ্ৰেছ আৰু ভূপেন বৰাক আক্ৰমণ কৰি সংবাদ মাধ্যমক ব্যস্ত কৰি ৰাখিছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ পৰা বহিষ্কাৰ গোলাঘাট কংগ্ৰেছৰ সদ্য অপসাৰিত সভাপতি দাদু টায়েক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.