লক্ষ্মণৰেখা অতিক্ৰম কৰিলেই লোৱা হ’ব ব্যৱস্থা : ভূপেন বৰা
Bhupen Bora Last warning : দল ডুবু ডুবু ৷ তথাপিও কিন্তু টিঙৰ পৰা নমাৰ লক্ষণ নাই ভূপেন বৰাৰ ৷ ইজনৰ পাচত সিজনে দল এৰিছে ৷ অৱশেষত দল বিৰোধী মন্তব্য কৰা সকলক মঙলবাৰে দিল্লীৰ পৰাই হুংকাৰ দিলে বৰাই ৷

Published : February 20, 2024 at 4:38 PM IST
গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : অসম কংগ্ৰেছত লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰাৰ্থিত্বকেন্দ্ৰিক বিতৰ্কই তোলপাৰ লগাইছে ৷ তাৰ মাজতেই নতুন দিল্লীৰ পৰা দলীয় অনুশাসন নামানি বিতৰ্কিত মন্তব্য আগবঢ়োৱা কংগ্ৰেছ নেতাসকললৈ সকীয়নি আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
‘‘দলৰ শৃংখলাবদ্ধতাৰ বাবে থকা লক্ষ্মণৰেখা অতিক্ৰম কৰা কোনো ব্যক্তিক ক্ষমা কৰা নহয় ।’’ মঙলবাৰে সংবাদ মাধ্যমৰ জৰিয়তে দলৰ একাংশ নেতালৈ এই সকীয়নি দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷
শেহতীয়াভাৱে দেখা গৈছে যে সাংসদ প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক আৰু বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে সংবাদ মাধ্যমত কৰা মন্তব্যই যথেষ্ট চৰ্চা লাভ কৰিছে ৷ ফলত অস্বস্তিত পৰিছে কংগ্ৰেছ দলটো । নগাঁৱত গৌৰৱ গগৈ আৰু ধুবুৰীত ৰকিবুল হুছেইনৰ লোকসভা নিৰ্বাচনৰ সাম্ভাব্য প্ৰাৰ্থিত্বক লৈ দলটোৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া । এই বিষয় লৈয়ো যে ভূপেন বৰাৰ এই সকীয়নি স্পষ্টকৈ প্ৰকাশ পাইছে ৷
নতুন দিল্লীত সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক কে চি বেনুগোপালৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ আন একাংশ নেতাৰ সৈতে ভূপেন বৰাই সোমবাৰে এক বৈঠকত মিলিত হৈছিল । এই বৈঠকৰ পিচতেই আজি ভূপেন বৰাই এই কঠোৰ সকীয়নি প্ৰদান কৰিছে । আনকি ভূপেন বৰাই লক্ষ্মণৰেখা অতিক্ৰম কৰা যিকোনো পৰ্যায়ক নেতাৰ বিৰুদ্ধেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ কৰে ।
আনহাতে, দলীয় নেতৃত্বক সমালোচনা কৰি মন্তব্য কৰা সাংসদ আব্দুল খালেক আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে ৰকিবুল হুছেইনক কটাক্ষ কৰা বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ বিৰুদ্ধে কংগ্ৰেছে কঠোৰ ব্যৱস্থা ল’ব বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ এতিয়া ভূপেন বৰাই প্ৰদান কৰা এই সকীয়নি সঁচাকৈ কাৰ্যকৰী হ’ব নে নাই সেয়াহে হ’ব মনকৰিবলগীয়া ৷
লগতে পঢ়ক : ১০ লাখৰো অধিক ভোটত বিজয়ী হ’ব ৰকিবুল হুছেইন ! আব্দুৰ ৰচিদ মণ্ডলৰ কটাক্ষ নে আনুগত্য

