ETV Bharat / politics

উজনি অসমৰ ৫ খন আসন লাভ কৰিব কংগ্ৰেছ-বিৰোধী ঐক্যমঞ্চই : ভূপেন বৰা - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 10:20 PM IST

Lakhimpur Lok Sabha constituenc
কংগ্ৰেছ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ

Lakhimpur Lok Sabha constituenc: জোনাইত বিৰোধী ঐক্যমঞ্চৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ । দেশক বচাবলৈ ৰাইজক হাতৰ চিনত ভোট দিবলৈ আহ্বান ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ।

কংগ্ৰেছ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ

জোনাই, ৬ এপ্ৰিল: জোনাইত লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । শনিবাৰে আবেলি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছে কমিটীৰ সভাপতি ভূপেন বৰাই কয় যে উজনি অসমৰ ৫ খন আসন লাভ কৰিব কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চই ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইপিনে,বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ কয় যে সংসদত সমষ্টিটোৰ সমস্যাৰ কথা সাংসদ প্ৰদান বৰুৱাই কোনো উল্লেখ নকৰিলে । সমস্যাজৰ্জৰিত লখিমপুৰৰ পৰা এজন উপযুক্ত প্ৰাৰ্থীক পঠিওৱাৰ কথা ৰাইজে চিন্তা কৰিছে বুলি উল্লেখ কৰি এই সকলো কথা ৰাইজে বুজি পাইছে বুলি তেওঁ মন্তব্য় কৰে । তেওঁ পুনৰ কয় যে ৫ টা গেৰান্টি এইবাৰ কংগ্ৰেছে লৈছে । গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা, মহিলা সকলক ন-লখিমী নমেৰে প্ৰত্যেক মাহত ২৫০০ টকাকৈ দিয়া, জিএছটি,আন আন কৰ নিৰাময় কৰাৰ লগতে অংগনৱাড়ী, আশাকৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব বুলি মন্তব্য কৰি তেওঁ পুৰণি পেন্সন আঁচনি পুনৰ বাহাল ৰখাৰ ব্যৱস্থা কৰিব বুলি কয় ।

ইপিনে,ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে সকলো দিশতে দুৰ্নীতিত লিপ্ত হোৱা বিজেপিয়ে পৰাজয়ৰ ভয়ত কম্পমান হৈছে । যাৰ বাবে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা সময়ত বিজেপিয়ে অৰুণোদয়, লাখপতি বাইদেউৰ প্ৰ-পত্ৰ ৰাইজৰ মাজত বিতৰণ কৰি ফুৰিছে । অৰুণোদয় প্ৰ-পত্ৰ লৈ বিজেপিয়ে ভোট ভিক্ষা কৰে । পদুম ফুলে অৰুণোদয় আঁচনি দিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে মিচিং জাতীয় সংগঠনৰ নেতা ৰাজু মেদকক এইখন চৰকাৰে ৰেহাই দিয়া, এইখন বিজেপি চৰকাৰ কেতিয়াও মিচিং জাতিৰ আলি আয়ে লৃগাঙৰ চৰকাৰী বন্ধ নিবিচাৰে । তেওঁ কয়," আমাৰ মিচিং মানুহৰ মৰ্মবেদনা মুখ্যমন্ত্ৰীয়ে বুজি নাপায় । এইখন বিজেপি চৰকাৰে বসুন্ধৰা আঁচনিৰ জৰিয়তে মাত্ৰ এবিঘা মাটিৰ পট্টাহে দিছে, ৩০ বিঘা নহয় ৷ এক বিঘা মাটি গাহৰি পুহিবলৈয়ো নহয় ৷ "

পৃথিৱীৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত লোকজনেই হৈছে অসমৰ মুখ্যমন্ত্ৰী বুলি তীব্ৰ সমালোচনা কৰি মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ হ'লে আৰু দেশক বচাবলৈ হ'লে এইবাৰ বিৰোধী ঐক্যমঞ্চৰ হাতৰ চিনত ভোট দিবলৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আহ্বান জনায় ৷ বিধায়ক অখিল গগৈয়ে বিধায়ক ভূৱন পেগু আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুকো তীব্ৰ সমালোচনা কৰি মিচিং জনগোষ্ঠীৰ বিৰুদ্ধে কাম কৰা বুলি অভিযোগ উথাপন কৰে ৷ আনহাতে, লোকসভা নিৰ্বাচনৰ পিচতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হৈ এক নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিব বুলি কয় বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক:বিজেপি-এ আই ইউ ডি এফক অনুবীক্ষণ যন্ত্ৰৰে বিচাৰিব লাগিব : ৰকিবুল হুছেইন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.