ETV Bharat / politics

এগৰাকী আইতাই লুৰীণজ্যোতি গগৈক দিলে সাঁচতীয়া খুচুৰা পইচা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 10:37 PM IST

Lurinjyoti Gogoi: ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা টোপোলা উপহাৰ হিচাপে পালে লুৰীণজ্যোতি গগৈয়ে ৷ টোপোলাটোত আছে এগৰাকী আইতাই সাঁচি থোৱা কিছু খুচুৰা পইচা ৷ দেওবাৰে ডিব্ৰুগড়ৰ প্ৰাৰ্থীগৰাকীৰ সভাত কঁকাল ভাঙি নাচিলে যুৱতী-মহিলা-বৃদ্ধাই ৷

Lurinjyoti Gogoi
তিনিচুকীয়াত লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ

তিনিচুকীয়াত লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ

তিনিচুকীয়া, ৩১ মাৰ্চ: লোকসভাৰ নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে তীব্ৰ গতিত আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত বিশেষকৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিৰোধী ঐক্য মঞ্চৰ তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ চলিছে তীব্ৰ গতিত ৷

দেওবাৰে প্ৰতিকূল বতৰৰ মাজতো বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ গৃহ পঞ্চায়ত লাইপুলি গাঁও পঞ্চায়তৰ দহোতীয়া গাঁৱত চলিল নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ উক্ত সভাত গাঁৱৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লোৱাৰ লগতে নিজ গাঁও পঞ্চায়তৰ ভোট পোৱাটো নিশ্চিত বুলি উল্লেখ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ কিন্তু এতিয়া এই অঞ্চলৰ ৰাইজে অন্য অঞ্চলৰ মিতিৰ কুটুমৰ ভোট বিচাৰিবলৈ আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, উক্ত অনুষ্ঠানতেই ৯ গৰাকীকৈ বিজেপি কৰ্মীয়ে বিজেপিৰ মিথ্যাচাৰত অতিস্থ হৈ অসম জাতীয় পৰিষদত যোগদান কৰে বুলি সদৰী কৰে লুৰীণজ্যোতি গগৈয়ে ৷ বিজেপিৰ জয়জয় ময়ময় অৱস্থাৰ সময়ত বিজেপিৰ নেতা-কৰ্মীসকলে অসম জাতীয় পৰিষদত যোগদান কৰাটোৱে বিজেপি জৰকাৰে কৰা অন্যায়ৰ প্ৰমাণ দিয়া বুলি উল্লেখ কৰা লুৰীণজ্যোতি গগৈয়ে ৷ ইফালে, এগৰাকী আই মাতৃয়ে সাঁচতীয়া খুচৰা পইচাৰ টোপোলা এটা লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী যুঁজলৈ বুলি আগবঢ়ায় ৷ লুৰীণজ্যোতি গগৈয়েও সেয়া এক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে ৷

পৰৱৰ্তী সময়ত লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী গীতত স্থানীয় মহিলাসকলে কঁকাল ভাঙি নাচি লুৰীণজ্যোতি গগৈৰ প্ৰতি মৰম যাঁচে । তাৰ পিচতে ক্ৰমে লোহাৰী-কছাৰী, বাহাদুৰ চাৰিআলি, লাংকাছি, লক্ষীপথাৰৰ লগতে কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ সভাৰ বাবে যাত্ৰা অব্যাহত ৰাখে ।

লগতে পঢ়ক: আমাৰ গাত পানী নাই, আমাৰ গাতো তেজেই আছে: মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই ভূপেন বৰাৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.