ETV Bharat / politics

বহু সংখ্যকে অচিৰেই কংগ্ৰেছ ত্যাগ কৰিব: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 10:56 PM IST

Apurba Bhattacharya on Congress
তেজপুৰত জিলা অগপৰ সভা

AGP slams Congress: কেইদিনমান পূৰ্বে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৰাজনৈতিক ক্ষেত্ৰখনত এলাগী কৰি পূৰ্বৰ এৰি থৈ যোৱা অসম গণ পৰিষদৰ ঘৰখনত ঋণ পৰিশোধ কৰিবলৈ আগবাঢ়ি আহিছে ৷ আগন্তুক লোকসভা নিৰ্বাচনত অগপই মৰ্যাদা সহকাৰে আসন লাভ কৰিব বুলি তেওঁ দাবী কৰে ৷

তেজপুৰত জিলা অগপৰ সভা

তেজপুৰ, ২৬ ফেব্ৰুৱাৰী : কেইদিনমান আগলৈকে কথাই প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তুচ্ছ তাচ্ছিল্য কৰা সদ্য পদত্যাগী কংগ্ৰেছী অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ মুখত এইবাৰ শুনিবলৈ পোৱা গ'ল মোদী বন্দনা ৷ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই দাবী কৰি কয় যে পুনৰাই দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী । বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেখা সপোন বাস্তবায়িত হ'ব বুলিও তেওঁ কয় ৷ তেজপুৰত আজি জিলা অগপ কাৰ্যালয়ত দলটোৰ সংবিধান অনুসৰি শপতবাক্য পাঠ কৰা অনুষ্ঠানতেই তেওঁ মোদী বন্দনাত গদগদ হৈ পৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কংগ্ৰেছত উশাহ ল'বলৈ কষ্ট পাই নিজৰ ঘৰলৈ ঘূৰি অহা বুলি উল্লেখ কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়,"এৰি থৈ যোৱা ঘৰখনৰ ঋণ পৰিশোধ কৰিবলৈকে ঘূৰি আহিছো ৷ " উল্লেখ্য যে তেজপুৰত আজি জিলা অগপ কাৰ্যালয়ত দলটোৰ সংবিধান অনুসৰি অসম বিধায়িনী দলে শপতবাক্য পাঠ কৰে ৷ শপতবাক্য পাঠ কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৰাণা গোস্বামীয়ে কংগ্ৰেছ এৰিব খোজা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," কেৱল ৰাণা গোস্বামীয়েই নহয়, আৰু বহু সংখ্যকে অচিৰেই কংগ্ৰেছ দল ত্যাগ কৰিব ৷"

য'ত নিৰাপত্তা থকাৰ লগতে কাম কৰাৰ পৰিৱেশ আৰু নিজৰ মানুহখিনিৰ প্ৰতি দায়িত্ব পালনৰ পৰিৱেশ পোৱা যায় তালৈকে নিষ্ঠাবান কৰ্মী যায় বুলি ভট্টাচাৰ্যই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ইফালে, চৰ্চিত বৰপেটা আসনেই নহয়, আগন্তক নিৰ্বাচনত মিত্ৰদল হিচাপে অসম গণ পৰিষদে মৰ্যাদা সহকাৰে আসন লাভ কৰিব বুলি উল্লেখ কৰে ৷ তদুপৰি, একালৰ সতীৰ্থৰে দীৰ্ঘ বিৰতিৰ মূৰত একেলগ হৈ আলোচনাত মিলিত হোৱাত শিহৰিত হৈ পৰা বুলি সদৰি কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ নিজকে অশ্বমেধ যজ্ঞৰ ঘোঁৰা বুলি উল্লেখ কৰি ভট্টাচাৰ্যই," কংগ্ৰেছৰ আৰু বেয়া দিন আহিব ।

লগতে পঢ়ক:আশংকা কৰা মতেই দল ত্যাগৰ প্ৰস্তুতি ৰাণা গোস্বামীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.