ETV Bharat / politics

আৰম্ভ হ’ল শোণিতপুৰ লোকসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 7:51 AM IST

Updated : Apr 19, 2024, 10:56 AM IST

1st phase of Ls Election 2024
আৰম্ভ হ’ল শোণিতপুৰ লোকসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া

1st phase of LS Election 2024 in Assam: শুকুৰবাৰৰ পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ল 11 নং শোণিতপুৰ লোকসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া । 1878 টা ভোটকেন্দ্ৰত বন্দী হ’ব 7 গৰাকী প্ৰাৰ্থীৰ ভাগ্য । কটকটীয়া কৰি তোলা হৈছে ভোটকেন্দ্ৰবোৰত নিৰাপত্তা ব্যৱস্থা ৷

আৰম্ভ হ’ল শোণিতপুৰ লোকসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া

তেজপুৰ, 19 এপ্ৰিল: ৰাজ্যত আৰম্ভ হ’ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে ভোটগ্ৰহণ অনুষ্ঠান ৷ শুকুৰবাৰৰ পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ল বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱ । প্ৰথম পৰ্যায়ৰ এই লোকসভা নিৰ্বাচন অসমৰ পাঁচটা সমষ্টিত আৰম্ভ হৈছে ।

11 নং শোণিতপুৰ লোকসভা সমষ্টিত মুঠ 1878 টা ভোটকেন্দ্ৰত বন্দী হ’ব 7 জন প্ৰাৰ্থীৰ ভাগ্য । শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ 1100 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । জিলাখনত 150 টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব । বিশেষভাৱে সক্ষম বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব 3 টা ভোটকেন্দ্ৰ আৰু 9 টা ভোটকেন্দ্ৰ যুৱ বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব ।

তেজপুৰৰ দৰং মহাবিদ্যালয়ত সমবেত হৈছে বিষয়াসকল : 11 নং শোণিতপুৰ লোকসভাৰ 9 টা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ 16,25,364 জন । শোণিতপুৰ জিলাৰ 5 টা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ হৈছে 9,51,285 গৰাকী । মুঠ পুৰুষ ভোটাৰ 473037 জন আৰু মহিলা ভোটাৰ হৈছে 478248 গৰাকী ।

150 টা ভোটকেন্দ্রত হ’ব মহিলাৰ দ্বাৰা ভোট গ্ৰহণ । জিলাখনত আছে 5 টা আদৰ্শ ভোটকেন্দ্ৰ । শোণিতপুৰ জিলাত 10 টা যুৱ ভোট কেন্দ্ৰ আৰু বিশেষভাবে সক্ষম লোকৰ বাবে আছে 3 টা ভোটকেন্দ্ৰ । জিলাখনত শাৰীৰিকভাবে সক্ষম ভোটাৰ আছে 6428 গৰাকী আৰু ছাৰ্ভিছ ভোটাৰ হৈছে 3697 আৰু 1500 ভোটাৰৰ নাম কৰ্ত্তন কৰা হৈছে ।

11 নং শোণিতপুৰ লোকসভা সমষ্টিত 1878 টা ভোট কেন্দ্ৰ স্থাপন, ইয়াৰ ভিতৰত শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত 1100 টা ভোট কেন্দ্ৰ আছে ৷ ইয়াৰ ভিতৰত 27 টা স্পৰ্শকাতৰ বুলি বিবেচিত । নিৰ্বাচনত 5 টা বিধানসভাত মুঠ 5000 জন বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হয় আৰু 20% অতিৰিক্ত হিচাবে আছে ৷

নিৰ্বাচন সুচাৰুভাৱে পৰিচালনা কৰিবলৈ 118 জন চেক্টৰ বিষয়া আৰু 24 জন মণ্ডল বিষয়া নিয়োগ কৰা হৈছে । অতিৰিক্তভাবে 10 টা সুৰক্ষা বাহিনী গোট নিয়োগ কৰা হৈছে ।

শোণিতপুৰ, পূৰ্বৰ তেজপুৰ সমষ্টিৰ ইতিবৃত্ত: 11 নং শোণিতপুৰ লোকসভা সমষ্টি পূৰ্বতে আছিল 9 নং তেজপুৰ লোকসভা সমষ্টি । মুঠ 9 টা বিধানসভা সমষ্টিৰে গঠিত সমষ্টিটো গঠিত হয় 1957 চনত । পূৰ্বতে দৰং লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল আৰু তেতিয়াৰ প্ৰথমজন সাংসদ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী । ইয়াৰ পিছত 1957 চনত এই লোকসভা সমষ্টিটো তেজপুৰ লোকসভা সমষ্টি হিচাবে পৰিচিত হয় ।

কেতিয়া কোন কোন আছিল সাংসদ: 1957 চনত তেজপুৰ লোকসভাৰ সাংসদ আছিল স্বৰ্গীয় বিজয় চন্দ্ৰ ভাগৱতী ষ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তেওঁ 3 বাৰৰ সাংসদ আছিল ৷ 1957,1962 আৰু 1967 চনত ভাগৱতী আছিল সাংসদ । 1971 চনত কমলা প্ৰসাদ আগৰৱালা কংগ্ৰেছৰ পৰা সাংসদ হিচাবে নিযুক্ত হয় । 1977 চনত ডঃ পূৰ্ণ নাৰায়ণ সিংহ জনতা পাৰ্টীৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হয় ।

1984 চনত বিপিন পাল দাস, 1991 চনত স্বৰূপ উপাধ্যায় আৰু 1996 চনত ঈশ্বৰ প্ৰসন্ন হাজৰিকা কংগ্ৰেছৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হৈছিল । ইয়াৰ পিছত 1998 চনৰ পৰা মণি কুমাৰ চুব্বা কেবাবাৰো কংগ্ৰেছৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল । 2009 চনত এই সংসদীয় সমষ্টিত প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদৰ পৰা যোচেফ তপ্প সাংসদ হিচাবে নিৰ্বাচিত হয় ।

2014 চনত বিজেপি দলৰ পৰা ৰাম প্ৰসাদ শৰ্মা, 2019 ৰ পৰা বৰ্তমানলৈকে সাংসদ হৈ আছে বিজেপিৰ পল্লৱ লোচন দাস ।

2019 ত কোনে কিমান ভোট পাইছিল: বিগত 2019 চনৰ নিৰ্বাচনত বিজেপিৰ পল্লৱলোচন দাসে মুঠ 6,84,166 টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ এম জি ভি কে ভানুক পৰাস্ত কৰিছিল । ভানুয়ে 4,41,325 ভোট লাভ কৰিছিল ।

লগতে পঢ়ক: যোৰহাটৰ চাৰিগৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য বন্দী হ’ব ইভিএমত - LOk sabha election 2024

Last Updated :Apr 19, 2024, 10:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.