ETV Bharat / international

পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত ৰিগিঙৰ অভিযোগ; মঙলবাৰে অনুষ্ঠিত হ’ব বৈঠক

author img

By ANI

Published : Feb 26, 2024, 9:18 AM IST

Rigging in Pakistan general elections: পাকিস্তানত 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত ৰিগিং সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মঙলবাৰে অনুষ্ঠিত হ’ব আলোচনা ৷ জেইউআই-এফৰ অধ্যক্ষ মৌলানা ফজলুৰ ৰহমান, সংসদৰ বিভিন্ন স্তৰৰ দলৰ নিৰ্বাচিত প্ৰতিনিধি আৰু সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীকে ধৰি কাৰ্যনিৰ্বাহক পৰিষদৰ সকলো সদস্যই এই বৈঠকত অংশগ্ৰহণ কৰিব ।

Rigging in Pakistan general elections
Rigging in Pakistan general elections

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰী: পাকিস্তানত 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত ৰিগিং সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগৰ পিছত মঙলবাৰে জমিয়ত উলেমা-ই-ইছলাম-ফজলৰ (JUI-F) প্ৰাদেশিক কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠক অনুষ্ঠিত কৰি নিৰ্বাচন আৰু উত্থাপিত "ৰিগিং"ৰ অভিযোগ সন্দৰ্ভত আলোচনা কৰিব বুলি জানিবলৈ দিয়ে দ্য নিউজ ইণ্টাৰনেশ্যনেলে ।

JUI-F ৰ অধ্যক্ষ মৌলানা ফজলুৰ ৰহমানেও অংশগ্ৰহণ কৰিব এই বৈঠকত ৷ বৈঠকত সভাপতিত্ব কৰিব দলটোৰ প্ৰাদেশিক সভাপতি মৌলানা আত্তাউৰ ৰহমানে । তদুপৰি সংসদৰ বিভিন্ন স্তৰৰ দলৰ নিৰ্বাচিত প্ৰতিনিধি আৰু 8 ফেব্ৰুৱাৰীৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীকে ধৰি কাৰ্যনিৰ্বাহক পৰিষদৰ সকলো সদস্যই এই বৈঠকত অংশগ্ৰহণ কৰিব ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে খাইবাৰ পখতুনখোৱাৰ মালাকান্দ আৰু হাজাৰা সংমণ্ডলৰ বিভিন্ন ঠাইত ‘নিষিদ্ধ সাহিত্য’ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে বুলি ডন সংবাদ পত্ৰই প্ৰকাশ কৰিছে । শুকুৰবাৰে প্ৰাৰ্থনাৰ অন্তত JUI-F ৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰতিবাদী সভা আহ্বান কৰে ৷ শ্বাংলা, লোয়াৰ ডিৰ, বটাগ্ৰাম, বুনেৰ আদি হাজাৰা আৰু মালাকান্দ সংমণ্ডলৰ অন্যান্য জিলাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

বাহ্যিক শক্তিয়ে ধৰ্মীয় দলসমূহক সংসদৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল যদিও সফল হ’বলৈ দিয়া নহ’ব বুলি অভিযোগ উত্থাপন কৰি জেইউআই-এফৰ নেতাসকলেও দাবী কৰে যে তেওঁলোকৰ দলটো ৰিগিঙৰ বাবে নিৰ্বাচনত পৰাজিত হৈছিল । পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন), পাকিস্তান পিপলছ পাৰ্টি (পিপিপি) আৰু তেওঁলোকৰ মিত্ৰশক্তিয়ে মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ চুক্তিত লিপ্ত হোৱাৰ লগে লগে পিটিআই আৰু আন কিছুমান ৰাজনৈতিক দলে নিৰ্বাচন সম্পূৰ্ণৰূপে নাকচ কৰি দেশজুৰি প্ৰতিবাদ ঘোষণা কৰিছে । বৃহস্পতিবাৰে জেইউআই-এফৰ অধ্যক্ষ ৰহমানে নিৰ্বাচন সম্বন্ধীয় বিতৰ্ক অব্যাহত থাকিলে সংসদৰ বৈধতা সম্পৰ্কত উদ্বেগ প্ৰকাশ কৰে ।

লগতে পঢ়ক: পাকিস্তানৰ নিৰ্বাচনত ৫১ টা সন্ত্ৰাসবাদী আক্ৰমণ; নিহত কমেও ১২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.