ETV Bharat / international

পাকিস্তানৰ নিৰ্বাচনত ৫১ টা সন্ত্ৰাসবাদী আক্ৰমণ; নিহত কমেও ১২

author img

By ANI

Published : Feb 9, 2024, 6:52 AM IST

Updated : Feb 9, 2024, 8:51 AM IST

Terrorist Attack in Pakistan : এক বিবৃতিত আইএছপিআৰে কয় যে এই আক্ৰমণত নিৰাপত্তা বাহিনীৰ ১০ গৰাকী কৰ্মীসহ প্ৰায় ১২ গৰাকী লোক নিহত আৰু ৩৯ গৰাকী আহত হয় ।

পাকিস্তানৰ নিৰ্বাচনত সন্ত্ৰাসবাদী আক্ৰমণ

ইণ্টাৰনেচনেল ডেস্ক, ৯ ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে অনুষ্ঠিত পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত ব্যাপক কূটাঘাতমূলক ঘটনা । ভোটদানৰ মাজতে পাকিস্তানত সংঘটিত হয় ৫১ টা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা । এই আক্ৰমণত দহগৰাকী নিৰাপত্তাৰক্ষীসহ কমেও ১২ গৰাকী লোক নিহত হয় । আহত হয় অতি কমেও ৩৯ গৰাকী লোক । দেশখনৰ সংবাদ মাধ্যম দ্য নিউজ ইণ্টাৰনেচনেলৰ সূত্ৰত এই কথা প্ৰকাশ ।

পাকিস্তানভিত্তিক দৈনিক বাতৰিকাকতখনে সামৰিক বাহিনীৰ মিডিয়া শাখা ইণ্টাৰ-ছাৰ্ভিচেছ পাব্লিক ৰিলেচনছৰ (আইএছপিআৰ) উদ্ধৃতি দি প্ৰকাশ কৰিছে, "নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱাৰ লক্ষ্যৰে ৫১ টা কাপুৰুষোচিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হয় । ইয়াৰে বেছিভাগ কেপি আৰু বেলুচিস্তানত সংঘটিত হয় । কিন্তু এই আক্ৰমণৰ ঘটনা স্বত্ত্বেও দেশৰ সেনাবাহিনীয়ে দৃঢ়তাৰে আৰু কাৰ্যকৰীভাৱে সমগ্ৰ পাকিস্তানত শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰি আছে ।"

"সক্ৰিয় চোৰাংচোৱা কৌশল আৰু দ্ৰুত পদক্ষেপৰ জৰিয়তে বহুতো সম্ভাৱ্য আক্ৰমণ নিষ্ক্ৰিয় কৰা হয় । ই আমাৰ নাগৰিকসকলৰ গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আমাৰ নিৰাপত্তা সংস্থাসমূহৰ অটল প্ৰতিশ্ৰুতিক প্ৰকাশ কৰে । আনহাতে, বিভিন্ন অভিযানৰ সময়ত পাঁচটা সন্ত্ৰাসবাদীও নিহত হয় ।" বাতৰিটোত লগতে কোৱা হৈছে ।

আনহাতে, এক বিবৃতিত আইএছপিআৰে কয় যে এই আক্ৰমণত নিৰাপত্তা বাহিনী আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ ১০ গৰাকী কৰ্মীসহ প্ৰায় ১২ গৰাকী লোক নিহত আৰু ৩৯ গৰাকী আহত হয় ।

তদুপৰি, প্ৰতিবেদন অনুসৰি, প্ৰায় ৬,০০০ সংবেদনশীল ভোটকেন্দ্ৰত ১,৩৭,০০০ সেনা জোৱান আৰু অসামৰিক সশস্ত্ৰ বাহিনী মোতায়েন কৰা হয় আৰু হিংসা প্ৰতিৰোধ কৰিবলৈ ৭,৮০০-তকৈও অধিক কুইক ৰেছপন্স ফ'ৰ্চ দলো (কিউআৰএফ) নিয়োগ কৰা হয় ।

ইফালে বৃহস্পতিবাৰে ডনৰ বাতৰি অনুসৰি, ৰিগিং আৰু চেলুলাৰ আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ অভিযোগৰ মাজতে পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হয় । ভোটদান প্ৰক্ৰিয়া পুৱা ৮ বজাত আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজাত সামৰণি পৰে । পাকিস্তানৰ নিৰ্বাচন আয়োগে পূৰ্বতেই কৈছিল যে কেৱল ভোটকেন্দ্ৰৰ ভিতৰত ইতিমধ্যে প্ৰৱেশ কৰা লোকসকলৰ বাবেহে এই সময়ৰ ব্যতিক্ৰম হ'ব ।

অৱশ্যে, এই ভোটগ্ৰহণক মুক্ত আৰু নিৰপেক্ষ হিচাপে বিবেচনা কৰা হোৱা নাই । কিয়নো ৰিগিং আৰু ভোটাৰক ভোটদানত বাধা দিয়া সন্দৰ্ভত বহু অভিযোগ উত্থাপন কৰা হৈছে । আনহাতে, এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত ফেডাৰেল আভ্যন্তৰীণ মন্ত্ৰালয়ে বৃহস্পতিবাৰে পুৱা সাধাৰণ নিৰ্বাচনৰ সময়ত আইন-শৃংখলা পৰিস্থিতি বৰ্তাই ৰখাৰ বাবে সমগ্ৰ পাকিস্তানত মোবাইল ফোন আৰু ইণ্টাৰনেট সেৱা স্থগিত ৰাখে ।

লগতে পঢ়ক :পাকিস্তানত ৩ মহিলা পোলিং এজেণ্টক তালিবানৰ আক্ৰমণ

Last Updated : Feb 9, 2024, 8:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.