ETV Bharat / international

পাকিস্তানত ৩ মহিলা পোলিং এজেণ্টক তালিবানৰ আক্ৰমণ

author img

By ANI

Published : Feb 8, 2024, 4:05 PM IST

পাকিস্তানত ৩ মহিলা পোলিং এজেণ্টক তালিবানৰ আক্ৰমণ
পাকিস্তানত ৩ মহিলা পোলিং এজেণ্টক তালিবানৰ আক্ৰমণ

NDM leader Mohsin Dawar : খাইবাৰ পাখতুনখোৱাৰ টাপ্পিত তিনিগৰাকী মহিলা পোলিং এজেণ্টক তালিবানে আক্ৰমণ কৰে । অৱশ্যে তিনিওগৰাকী মহিলা অলপৰ বাবে বিস্ফোৰণৰ পৰা ৰক্ষা পৰে । এনডিএম নেতা মহছিন দাৱাৰে এই কথা প্ৰকাশ কৰিছে ।

ইণ্টাৰনেচনেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : পাকিস্তানৰ নেচনেল ডেম'ক্ৰেটিক মুভমেণ্টৰ (এনডিএম) অধ্যক্ষ মহছিন দাৱাৰে উল্লেখ কৰিছে যে চলিত সাধাৰণ নিৰ্বাচনৰ সময়ত খাইবাৰ পাখতুনখোৱাৰ টাপ্পিত তিনিগৰাকী মহিলা পোলিং এজেণ্টক তালিবানে আক্ৰমণ কৰে ।

অৱশ্যে, তিনিওগৰাকী মহিলা অলপৰ বাবে বিস্ফোৰণৰ পৰা ৰক্ষা পৰে । এনডিএম নেতা দাৱাৰে লগতে উল্লেখ কৰে যে তেওঁ জিলা ৰিটাৰ্ণিং বিষয়াক (ডিআৰঅ') টাপ্পিৰ ভোটকেন্দ্ৰ সলনি কৰিবলৈ কৈছিল । কিন্তু তেওঁৰ পত্ৰখন উপেক্ষা কৰা হয় ।

তদুপৰি, তেওঁ পাকিস্তানৰ নিৰ্বাচন আয়োগক (ইচিপি) টাপ্পিৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত জৰুৰীভাৱে মনোযোগ দিবলৈও কয় । "টাপ্পিত আমাৰ তিনিগৰাকী মহিলা ভোটগ্ৰহণ এজেণ্টক তালিবানে আক্ৰমণ কৰিছে । তেওঁলোকে বিস্ফোৰণৰ পৰা অলপৰ বাবে ৰক্ষা পৰিছে । মই টাপ্পিৰ ভোটকেন্দ্ৰ সলনি কৰিবলৈ ডিআৰঅ'লৈ পত্ৰ লিখিছিলোঁ । কিন্তু মোৰ পত্ৰখন উপেক্ষা কৰা হয় । ইচিপিয়ে টাপ্পিৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত জৰুৰীভাৱে মনোযোগ দিব লাগিব ।" এনডিএম নেতা মহছিন দাৱাৰে এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত কয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পাকিস্তানৰ ডেৰা ইছমাইল খানত নিৰাপত্তা বাহিনীৰ বাহনত হোৱা আক্ৰমণত এজন সুৰক্ষা কৰ্মী নিহত হয় । আক্ৰমণকাৰীয়ে নিৰ্বাচনৰ দায়িত্বত থকা বাহনখনত আক্ৰমণ চলায় বুলি চামা টিভিয়ে এক সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰে ।

ঘটনাটো কোট আজম অঞ্চলত সংঘটিত হয় । সেই সময়ত তাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিধানসভাৰ বাবে ভোটদান চলি আছিল । আনহাতে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ মৃত্যুৰ বাবে এটা ৰাষ্ট্ৰীয় আৰু তিনিটা প্ৰাদেশিক বিধানসভা সমষ্টিত নিৰ্বাচন স্থগিত ৰখা হৈছে । ইয়াৰ ভিতৰত আছে এনএ-8 (বাজাউৰ), পিকে-22 (বাজাউৰ), পিকে-91 (কোহাট) আৰু পিপি-266 (ৰহিম য়াৰ খান) ।

ইফালে ডনৰ বাতৰি অনুসৰি, স্বাতত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সকলো সংবেদনশীল ভোটকেন্দ্ৰত নিৰাপত্তা ব্যৱস্থাৰ বাবে ৬,৫০০-তকৈও অধিক আৰক্ষী কৰ্মী নিয়োজিত কৰা হয় । স্বাত জিলা আৰক্ষী বিষয়া চফিউল্লাহ গাণ্ডাপুৰে এই কথা প্ৰকাশ কৰিছে ।

মসৃণ আৰু সুৰক্ষিত নিৰ্বাচনী প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ বিশেষকৈ সংবেদনশীল ভোটকেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে । বিভিন্ন নিৰাপত্তা সংস্থাৰ মাজত সমন্বয় স্থাপন কৰিবলৈ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক সুৰক্ষিত কৰা আৰু স্বাতত গণতান্ত্ৰিক নীতি বৰ্তাই ৰখাৰ সমন্বিত প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । দেশখনৰ নিৰ্বাচন আয়োগে এই কথা প্ৰকাশ কৰে । ইয়াৰ উপৰি পাকিস্তান নিৰ্বাচন আয়োগে দেশখনৰ প্ৰায় 50 শতাংশ ভোটকেন্দ্ৰক 'সংবেদনশীল' বা 'অতি সংবেদনশীল' বুলি ঘোষণা কৰে ।

লগতে পঢ়ক :হিংসা আৰু প্ৰত্যাহ্বানৰ মাজতে আজি পাকিস্তানত সাধাৰণ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.