ETV Bharat / health

কষ্ট কৰাৰ পিচতো ফল পোৱা নাই নেকি ? তেন্তে গ্ৰহণ কৰক এই উপায়

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 3:41 PM IST

Vastu Tips: বহু কষ্ট কৰাৰ ফলতো কষ্ট অনুযায়ী ফল পোৱা নাই নেকি ? উন্নতিৰ ক্ষেত্ৰত বাৰে বাৰে বাধাৰ সন্মুখীন হৈ আছে নেকি ? তেন্তে গ্ৰহণ কৰক এই উপায় ৷ এই সন্দৰ্ভত জনালে সংখ্যাতত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ৷

Vastu tips
কষ্ট কৰাৰ ফলতো ফল পোৱা নাই নেকি ? তেন্তে কৰক এই উপায়

সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মন

গুৱাহাটী, 18 মাৰ্চ: কেতিয়াবা আপোনাৰ এনেকুৱা অনুভৱ হয় নেকি যে আপুনি বহু কষ্ট কৰিও গৈছে কিন্তু ভবা অনুসৰি কষ্টৰ ফল লাভ কৰা নাই ৷ যিমান উন্নতি হ'ব লাগিছিল সেই উন্নতি লাভ কৰা পৰিলক্ষিত হোৱা নাই ৷ চাৰিওফালৰ পৰা ৰাস্তা বন্ধ হৈ গৈছে ৷ ধৰি লওক আগতে যি কাম হাতত লৈছিল সেয়া সহজে সুন্দৰকৈ হৈ গৈছিল বা ভাল ফলাফল লাভ কৰিছিল ৷ কিন্তু এতিয়া সেয়াও হৈ উঠা নাই ৷ যিমান সফল হ'ব লাগিছিল সিমান সফল নাই হোৱা, উন্নতি হোৱাৰ পৰিৱৰ্তে ক্ৰমাৎ ধ্বংসহে হৈ গৈ আছে তেন্তে দুটা উপায় অনুসৰণ কৰিব পাৰে ৷ এই উপায় দুটাৰ দ্বাৰা আপোনাৰ এই সমস্যাসমূহ সহজে দূৰ হ'ব লগতে উন্নতি সাধন কৰাত সহায় হ'ব ৷

প্ৰথম উপায়টো হ'ল, এটা গ্লাছৰ নীলা বটলত পানী দি "মানীপ্লান্ট" এডাল দি দিব আৰু এই নীলা বটলটো আপোনাৰ ঘৰৰ উত্তৰ দিশত থৈ দিব ৷ যাৰ ফলত আপোনাৰ জীৱনত লাহে লাহে উন্নতি হ'ব ৷ কাৰণ উত্তৰ দিশৰ যিটো ভাইব্ৰেচন বা এনাৰ্জী সক্ৰিয় হ'ব ৷ লগতে আপোনাৰ বন্ধ হৈ থকা ৰাস্তাবোৰ মুকলি হ'ব আৰু ব্যক্তিগত জীৱনে হওক বা ব্যৱসায়-বাণিজ্য আদিত উন্নতি হ'ব ৷

দ্বিতীয় উপায়টো হ'ল, আপোনাৰ ঘৰৰ উত্তৰ দিশত মোবাইল, পাৱাৰ বেংকে ধৰি যিকোনো বস্তু চার্জ দিব ৷ যাৰ ফলত সেই দিশৰ ভাইব্ৰেচন বা এনাৰ্জী সক্ৰিয় হ'ব ৷ সেয়ে উত্তৰ দিশত চার্জ দিয়াৰ সুবিধা নাথাকিলে পাৱাৰ বেংক এটা হলেও থৈ দিব আৰু পাৱাৰ বেংকৰ পৰা আপোনাৰ মোবাইল চার্জ দিব পাৰে ৷

এই দুটা উপায় কৰাৰ ফলত উন্নতিৰ ক্ষেত্ৰত যিবোৰ বাধা আছিল সেইসমূহ নোহোৱা হ'ব ৷

লগতে পঢ়ক: দুটা সৰু উপায়েৰে আপোনাৰ সম্পৰ্কত আনক স্থিৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.