ETV Bharat / health

দুটা সৰু উপায়েৰে আপোনাৰ সম্পৰ্কত আনক স্থিৰতা

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 9:40 PM IST

Vastu Tips: যিকোনো সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবলৈ দুয়োজন সংগীৰ বাবে সুখী হোৱাটো অতি প্ৰয়োজনীয় বুলি বিবেচিত হয় । যদি এজন সংগীও সুখী নহয় তেন্তে সম্পৰ্কটো বেছি দিন টিকি থাকিব নোৱাৰে । যদি আপুনিও এনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে আজি এই বিষয়ে সংখ্যাতত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনৰ পৰা জানি লওক ৷

Vastu tips
দুটা সৰু উপায়েৰে আপোনাৰ সম্পৰ্কত আনক স্থিৰতা

সংখ্যাতত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মন

গুৱাহাটী, 15 মাৰ্চ: যিকোনো সম্পৰ্ক এটা শক্তিশালী কৰিবলৈ প্ৰেম, মৰম আৰু বিশ্বাসৰ প্ৰয়োজন ৷ সম্পৰ্ক এটা সদায় একেই নাথাকে ৷ সকলোৰে জীৱনত বা সম্পর্কত উত্থান-পতন থাকে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

যিকোনো সম্পৰ্কত আৱেগৰ উত্থান-পতন হোৱাটো স্বাভাৱিক । কিন্তু সম্পৰ্কটো সুস্থ কৰি ৰাখিবলৈ আপোনাৰ সংগী সুখী হৈ থকাটো জৰুৰী । যদি আপোনাৰ সংগী কোনো কাৰণত সুখী নহয় তেন্তে বহুবাৰ সম্পৰ্কত আউল লাগিবলৈ ধৰে, সম্পৰ্কক সফল কৰি তোলাটো কোনো যাদুৰ কাম নহয় । বহু সৰু সৰু কথাৰ ওপৰত প্ৰেমিক যুগলে নিজৰ মাজত দূৰত্ব দেখা দিবলৈ আৰম্ভ কৰে আৰু এনেদৰে সম্পৰ্কটো দীৰ্ঘদিন ধৰি চলাই ৰখাটো অতি কঠিন হৈ পৰে । যদি আপুনিও এনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে কৰক এই দুটা উপায় ৷ এই উপায় কেইটা কৰাৰ ফলত এনে কিছু সমস্যাৰ পৰা পৰিত্ৰাণ পাব ৷

প্ৰথম উপায়টো হ'ল আপোনাৰ হাতৰ তলুৱাত ঠিক বুঢ়া আঙুলিটোৰ তলত ৮৩১৯৬৪০৩১ এই নম্বৰটো লিখিব ৷ এই নম্বৰটো এনেদৰেই আপোনাৰ হাতৰ তলুৱাত দৈনিক লিখিলে অৱচেতন মনে এই নম্বৰৰ কম্পনাঙ্ক ল'ব ৷ যাৰ ফলত আপোনাৰ সম্পর্কত স্থিৰতা আহিব ৷ এই উপায়টোৰ দ্বাৰা অকল সম্পৰ্কতে নহয় আপোনাৰ জীৱনতো স্থিৰতা আহিব ৷

দ্বিতীয় উপায়টোৰ কাৰণে আপোনাক লাগিব এটা বৰ্গ আকাৰৰ পাত্ৰ ৷ পাত্ৰটো হালধীয়া ৰঙৰে ৰং কৰিব বা হালধীয়া ৰঙৰ পাত্ৰ কিনি আনিব ৷ তাত কেইটামান সৰু সৰু শিলগুটি লৈ হালধীয়া ৰঙ কৰি দিব, বজাৰত হালধীয়া ৰঙৰ শিলগুটি কিনিবও পায় সেয়া সেই পাত্ৰটোত ভৰাই আপোনাৰ ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰাখিব ৷ লগতে সেই পত্ৰটোতৰ ওপৰত এখন সৰু আয়তকাৰ কাগজত ৮৩১৯৬৪০৩১ নম্বৰটো লিখি থৈ দিব ৷ এনে কৰাৰ ফলত আপোনাৰ জীৱনত তথা সম্পর্কত স্থিৰতা আহিব লগতে জীৱনত ভাল প্ৰভাৱ পৰিব ৷

লগতে পঢ়ক: মনৰ পৰা নেতিবাচক চিন্তা আঁতৰাবলৈ গ্ৰহণ কৰক এই উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.