ETV Bharat / health

মনৰ পৰা নেতিবাচক চিন্তা আঁতৰাবলৈ গ্ৰহণ কৰক এই উপায়

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 7:30 PM IST

Vastu Tips: কিবা এটা কাম হাতত ল'লে প্ৰথমতে নেতিবাচক চিন্তা মনলৈ আহে নেকি ? মনলৈ সঘনাই নিগেটিভ চিন্তা আহে নেকি ? তেন্তে গ্ৰহণ কৰক এই উপায় ৷ এই সম্পৰ্কে জনালে সংখ্যাতত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ৷

Vastu tips
মনৰ পৰা নেতিবাচক চিন্তা আঁতৰাবলৈ কৰক এই উপায়

সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মন

গুৱাহাটী, 5 ফেব্ৰুৱাৰী: প্ৰায়েই এনেকুৱা হয় যে, আমাৰ মনত নেতিবাচক বা নিগেটিভ চিন্তা আৰু আৱেগেৰে ভৰি থাকে ৷ কিবা এটা কাম কৰাৰ আগতে আপোনাৰ মনলৈ এইটো চিন্তা আহিব পাৰে যে এনে কৰাটো সঠিক নহয় বা কামটো কৰিলে ভাল হ'বনে নাই ৷ মনলৈ সঘনাই নিগেটিভ চিন্তাবোৰ আহি থাকে ৷ সৰু সৰু কথাবোৰতে খুব আবেগিক হৈ যোৱা যায় ৷ ইয়াৰ উপৰিও ৰাতি শোৱাৰ সময়ত বেয়া সপোন দেখে নেকি ? এনেধৰণৰ সমস্যা যদি সঘনাই আপোনাৰ মাজতো দেখা দিছে তেন্তে সংখ্যাতত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে আগবঢ়োৱা এই উপায় আপোনাৰ নিশ্চয়কৈ কামত আহিব ৷

তাৰ বাবে আপোনাক প্ৰয়োজন হ’ব ৪০০ গ্রাম ফিটকিৰি, এমুঠি কৰ্পূৰ, এমুঠি নিমখ আৰু এখন ৰঙা কাপোৰৰ ৷ এই আটাইবোৰ সামগ্রী একেলগে ৰঙা কাপোৰখনত বান্ধি য’ত আপোনালোকে কাম কৰে সেই ঠাইত যদি থৈ দিয়ে তাৰ পৰা নেতিবাচক শক্তি অতি শীঘ্ৰেই আঁতৰি যাব ৷ ৰঙা কাপোৰ নাথাকিলে কাঁচৰ গিলাচ বা বাতিতো থৈ দিব পাৰিব ৷ এই সৰু উপায়টোৰ দ্বাৰা আপোনাৰ মনত ইতিবাচক চিন্তা অহাত সহায় কৰিব ৷ মনৰ পৰা মানসিক চাপ, আত্ম-সন্দেহ আৰু উদ্বেগ আদি আঁতৰিব ৷

আনহাতে, যি সকল লোকে ৰাতি শুৱ নোৱাৰে, বা ৰাতি শোৱাৰ সময়ত মনত বেয়া ভাৱ আহি থাকে তেনেলোকে এই উপায় কৰিব পাৰে ৷ তাৰ বাবে আপোনাক লাগিব ১০০ গ্ৰাম ফিটকিৰি আৰু এখন কলা কাপোৰ ৷ ফিটকিৰিখিনি এখন ক’লা কাপোৰেৰে বান্ধি গাৰুৰ তলত থৈ যদি আপুনি শোৱে তেন্তে মনৰ পৰা বহুখিনি নেতিবাচক চিন্তা আঁতৰি যোৱাত সহায় হ’ব ৷

লগতে পঢ়ক: Health Horoscope For 5th March: জানক আপোনাৰ আজিৰ দিনটোৰ স্বাস্থ্য ৰাশিফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.