ETV Bharat / health

ওজন কমাবৰ বাবে অতি লাভদায়ক এই মাল্টিগ্ৰেইন আটা

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 1:00 PM IST

Updated : Mar 4, 2024, 1:28 PM IST

This homemade multigrain flour is very beneficial in weight loss
ওজন কমাবৰ বাবে অতি লাভদায়ক এই মাল্টিগ্ৰেইন আটা

Multigrain Aata Recipe: ওজন কমাবলৈ আপুনি আপোনাৰ স্বাভাৱিক আটাক মাল্টিগ্ৰেইনলৈ ৰূপান্তৰিত কৰি খাব পাৰে । এই মাল্টিগ্ৰেইন আটা বনোৱাৰ ৰেচিপি ডায়েটিচিয়ানৰ পৰা জানো আহক-

বৰ্তমান সময়ত ওজন কমোৱাটো কিছুমান মানুহৰ বাবে কোনো প্ৰত্যাহ্বানতকৈ কম নহয় ৷ ওজন বৃদ্ধিৰ সাধাৰণ কাৰণ হ’ল দুৰ্বল জীৱনশৈলী আৰু অনিয়মিত খাদ্যাভ্যাস ৷ দৈনন্দিন জীৱনত স্বাস্থ্যসন্মত আহাৰ অন্তৰ্ভুক্ত কৰি সহজেই ওজন কমাব পাৰি ৷ ইয়াৰ বাবে আপুনি আপোনাৰ সাধাৰণ আটাক মাল্টিগ্ৰেইন কৰি খাব পাৰে ৷ এই বহু শস্যযুক্ত আটা তৈয়াৰ কৰাৰ ৰেচিপি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে খাদ্য বিশেষজ্ঞ অৰ্জু ছেঠীৰ পৰা আজি জানি লও আহক-

মাল্টিগ্ৰেইন আটা কেনেকৈ বনাব ?

  • মাল্টিগ্ৰেইন আটা বনাবলৈ কিছুমান উপাদান ল’ব লাগিব ৷
  • ইয়াৰ বাবে একাপ ঘেঁহুৰ আটা আৰু এচামুচ জোৱাৰ আটা ল’ব লাগিব ৷
  • ইয়াৰ পিচত এচামুচ অটছৰ আটা, এচামুচ ৰাগী আৰু এচামুচ বেচন লওক ৷
  • ভালদৰে মিহলাই বায়ু সোমাব নোৱাৰা পাত্ৰত বন্ধ কৰি ৰাখিব ৷
  • ইয়াক আপুনি এই আটাক সাধাৰণ আটাৰ দৰে মঠি ৰুটি তৈয়াৰ কৰিব পাৰে ৷

ওজন কমাবলৈ ই কেনেদৰে উপকাৰী ?

এই সন্দৰ্ভত অধিক তথ্য দিলে Eccentric Diet ৰ ডায়েটিচিয়ান শিৱলী গুপ্তাই ৷ তেওঁ কয় যে এই আটা ওজন কমাবলৈ কোনো ঔষধতকৈ কম নহয় ৷ আচলতে ইয়াত ভাল পৰিমাণৰ আঁহ পোৱা যায় ৷ যাৰ ফলত আপুনি ইয়াৰ দ্বাৰা দীৰ্ঘসময়লৈকে পেটতো ভৰি থকা যেন অনুভৱ কৰে আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা ৰক্ষা কৰে ৷ একে সময়তে ইয়াত পোৱা কাৰ্ববোৰে শৰীৰত শক্তি বজাই ৰখাৰ লগতে খাদ্যৰ লোভ হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হয় ৷

মাল্টিগ্ৰেইন আটা খোৱাৰ উপকাৰিতা

  • মাল্টিগ্ৰেইন আটা স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী ৷
  • এই আটা খালে আপোনাৰ বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ হয়, যিয়ে সহজে ওজন হ্ৰাস কৰাত সহায় কৰে ৷
  • এই আটা খালে হাঁড় মজবুত হয় আৰু গাঁঠিৰ বিষৰ পৰাও সকাহ পোৱা যায় ৷
  • এই আটা খালে শৰীৰত পৰ্যাপ্ত শক্তি পোৱা যায় ৷
  • এই আটা খালে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে ৷
  • এই আটা খালে মানসিক স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰে ৷

লগতে পঢ়ক: বাৰুকৈয়ে ছাতু আমাৰ শৰীৰৰ বাবে লাগতিয়াল নে ? কি কয় বিশেষজ্ঞই

Last Updated :Mar 4, 2024, 1:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.