ETV Bharat / health

আপোনাৰ এইসমূহ শাৰীৰিক সমস্যাৰ সমাধান দিব ধনিয়া পাতে - CORIANDER BENEFITS

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 7:03 PM IST

CORIANDER BENEFITS: খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধিৰ পৰা খাদ্যবিধ সজাই-পৰাই তোলালৈকে ধনিয়াই বিশেষ ভূমিকা পালন কৰে ৷ কিন্তু আপুনি জানেনে ধনিয়া আমাৰ স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী ৷ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

Surprising Health Benefits Of Coriander Leaves
আপোনাৰ এইসমূহ শাৰীৰিক সমস্যাৰ সমাধান দিব ধনিয়া পাতে (SOURCE: FREEPIK)

ভাৰতীয় পাকঘৰত ধনিয়াৰ এক বিশেষ গুৰুত্ব আছে ৷ সোৱাদ বঢ়োৱাৰ পৰা খাদ্য পৰিবেশনৰ সময়ত দেখাত অধিক আকৰ্ষণীয় তথা গোন্ধত লোভনীয় কৰিবলৈ খাদ্যবিধ সজাই-পৰাই তোলালৈকে ধনিয়াই বিশেষ ভূমিকা পালন কৰে ৷ ধনিয়া আমাৰ স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী ৷ ইয়াত থকা খনিজ আৰু ভিটামিনে বহু স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে ৷ বনৌষধি তৈয়াৰ কৰাতো ধনিয়া ব্যৱহাৰ কৰা হয় ৷ আজি ধনিয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

পাচনতন্ত্ৰ শক্তিশালী কৰে

ধনিয়াই আমাক গেছৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে পাচন তন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ৷ ইয়াৰ বাবে আপুনি ২ কাপ পানীত কেইটামান ধনিয়া পাত, এক চামুচ জিৰা গুটি, চাহ পাত আৰু ছ’ফ দি ২-৩ মিনিটৰ বাবে পানীখিনি উতলাই ঠাণ্ডা হোৱাৰ পাছত খাব ৷

চকুৰ জ্বলা-পোৰাৰ পৰা সকাহ দিয়ে

ধনিয়া খোৱাৰ ফলত চকুৰ জ্বলা-পোৰাও আঁতৰ হয় ৷ ইয়াৰ বাবে আপুনি ছ’ফ, চেনী কেণ্ডি আৰু ধনিয়া গুটি সমান পৰিমাণে গুৰি কৰক ৷ প্ৰতিদিনে আহাৰৰ খোৱাৰ পিছত এই পাউডাৰ ৬ গ্ৰামকৈ খাব ৷ এনেদৰে কেইদিনমান খোৱাৰ পিছতেই আপুনি চকু বা হাত-ভৰি জ্বলা-পোৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷

নাকৰ ৰক্তক্ষৰণত সকাহ

নাকৰ ৰক্তক্ষৰণৰ পৰা সকাহ পাবলৈ আপুনি ধনিয়া ব্যৱহাৰ কৰিব পাৰি ৷ ইয়াৰ বাবে আপুনি ২০ গ্ৰাম সেউজীয়া ধনিয়া পাত আৰু এক চিকুট কৰপুৰৰ গুৰি কৰি ৰসখিনি ফিল্টাৰ কৰিব ৷ নাকৰ ৰক্তক্ষৰণ হ'লে দুয়োটা ছিদ্ৰত দুটোপাল ৰস দি দিব ৷ এনে কৰাৰ ফলত নাকৰ পৰা ওলোৱা তেজ তৎক্ষণাৎ বন্ধ হ’ব ৷

ডায়েবেটিচ ৰোগীৰ বাবে

ধনিয়াৰ ব্যৱহাৰ ছালৰ বাবেও যথেষ্ট উপকাৰী৷ ধনিয়া খোৱাৰ ফলত ৰক্তত ইনচুলিনৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে ৷ কেৱল সেয়াই নহয় ডায়েবেটিচ ৰোগীৰ বাবেও ধনিয়া খুব উপকাৰী ৷

লগতে পঢ়ক: গৰমত দেহ শীতল কৰাৰ লগতে ওজন হ্ৰাস কৰিবলৈ এই পাঁচবিধ আমলখিৰ ব্যঞ্জন খাওঁক - 5 Amla Delights

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.