ETV Bharat / health

পুৱা খালী পেটত দৌৰাটো লাভদায়ক নে ক্ষতিকাৰক ?

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 12:29 PM IST

Is running on an empty stomach in the morning beneficial or harmful?
পুৱা খালী পেটত দৌৰাটো লাভদায়ক নে ক্ষতিকাৰক ?

Health Tips: জিম, যোগাসন, ব্যায়াম আৰু দৌৰাৰ আগত বহুতে লঘু খাদ্য গ্ৰহণ কৰে । কিন্তু ই স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক ? আজি আমি ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ।

আজিকালি বেয়া জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ মাজত নিজকে সুস্থ আৰু ফিট কৰি ৰখাটো নিজৰ বাবেই এক ডাঙৰ প্ৰত্যাহ্বান ৷ আমাৰ মাজত এনে বহুলোক আছে যিয়ে সময় উলিয়াই দৌৰিবলৈ ভাল পায় ৷ জনাই দিও যে, দৌৰিলে সমগ্ৰ শৰীৰৰ ৰক্ত সঞ্চালন উন্নত হয় ৷ ৰক্ত সঞ্চালন ভাল হ’লে বহু ৰোগৰ পৰা ৰক্ষা পৰিব ৷ দৌৰে কেৱল ওজন কমোৱাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে আৰু পেশীবোৰো শক্তিশালী কৰি ৰাখে ৷ আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে জানিব খালী পেটত দৌৰাটো উপকাৰী নে ক্ষতিকাৰক ?

খালী পেটত দৌৰাৰ আচৰিত উপকাৰিতা

  • মেদবহুলতা হ্ৰাস পায়

যদি আপুনি অতি মেদবহুল তেন্তে পুৱা খালী পেটত দৌৰাটো আপোনাৰ বাবে অতি উপকাৰী ৷

  • হৃদযন্ত্ৰৰ বাবে ই অতি স্বাস্থ্যকৰ

যদি আপুনি হৃদৰোগৰ সম্ভাৱনা কম কৰিব বিচাৰে তেন্তে প্ৰতিদিনে ১০-১৫ মিনিট দৌৰিব লাগে ৷ ইয়াৰ দ্বাৰা হৃদযন্ত্ৰ সঠিকভাৱে স্পন্দন কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে ৷

  • হজমৰ বাবে ভাল

খালী পেটত দৌৰিলে পাচনতন্ত্ৰ উন্নত হয়, ই অন্ত্ৰৰ ক্ৰেম্প, বমি, আৰু ডায়েৰিয়া আদি পাচনতন্ত্ৰৰ সমস্যা নিৰাময় কৰে ৷

  • ভাল টোপনি

ভালদৰে দৌৰিলে ভাল টোপনি অহাত সহায় হয় ৷ যিসকল লোকে টোপনিৰ অভাৱত গোটেই ৰাতি বিচনাত ইকাটি-সিকাটি কৰি থাকে তেওঁলোকে নিশ্চিতভাৱে দৌৰিব লাগে ৷ ইয়াৰ ফলত স্বাস্থ্যৰ উন্নতি সাধন হয় ৷

খালী পেটত দৌৰাৰ পাৰ্শ্বক্ৰিয়া

  • সোনকালে ভাগৰি পৰে

খালী পেটত দৌৰিলে তৎক্ষণাত ভাগৰুৱা হৈ পৰে ৷ খালী পেটত দৌৰিলে শৰীৰৰ চৰ্বি শক্তিলৈ ৰূপান্তৰিত হয় ৷ শৰীৰে এই কামটো বেছি সময়লৈকে কৰিবলৈ সক্ষম নহয় কাৰণ ইয়াৰ ফলত শৰীৰে ভাগৰুৱা অনুভৱ কৰে ৷

  • আঘাতৰ আশংকা

শৰীৰত শক্তিৰ অভাৱ হ’ব, সেয়েহে আপুনি অধিক ভাগৰুৱা অনুভৱ কৰিব ৷ আৰু শৰীৰত আঘাত পোৱাৰ সম্ভাৱনা বাঢ়িব ৷ স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি দৌৰাৰ ১৫-৩০ মিনিট আগতে কল খাব লাগে বা এনাৰ্জি ড্ৰিংক খাব লাগে ৷ ইয়াৰ বাবে শৰীৰত থকা প্ৰাকৃতিক চেনিৰ মাত্ৰা সহজে হজম হয় ৷ এনাৰ্জি ড্ৰিংকে শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰে ৷

লগতে পঢ়ক: শৰীৰত যদি বৃদ্ধি পাইছে বেয়া LDL Cholesterol; তেন্তে কেতিয়াও নাখাব এই খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.