ETV Bharat / health

শুকান তথা ধূলিয়ৰী পৰিৱেশৰ মাজত কেনেদৰে ল'ব নিজৰ ছালৰ যতন ?

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 8:27 PM IST

Skin care
শুকান তথা ধূলিয়ৰী পৰিৱেশৰ মাজত কেনেদৰে ল'ব নিজৰ ছালৰ যতন ?

Skin Care: বৰ্তমান সময়ছোৱাত ঋতু পৰিৱৰ্তন লগে লগে ভিন্ন ধৰণৰ ছালৰ ৰোগ হোৱা দেখা যায় ৷ শুকান আৰু ধূলিয়ৰী পৰিৱেশৰ বাবে এই সময়ছোৱাত প্ৰতিগৰাকীলোকেই নিজৰ ছালৰ যতন লোৱাটো অতি আৱশ্যক ৷ এই সন্দৰ্ভত জনালে আয়ুৰ্বেদ তথা পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মাই ৷

শুকান তথা ধূলিয়ৰী পৰিৱেশৰ মাজত কেনেদৰে ল'ব নিজৰ ছালৰ যতন ?

গুৱাহাটী, 26 ফেব্ৰুৱাৰী: ফাগুন আৰু চ'তৰ এই সময়ছোৱাত খুব শুকান বতাহৰ বাবে আমাৰ ছাল খুব শুকান হৈ ফাতিবলৈ আৰম্ভ কৰে ৷ লগতে ৰিংকলছ পৰাও দেখা যায় ৷ সেয়ে এই সময়ছোৱাত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি অনুসৰি এই সমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে ৷ এই সময়ছোৱাত খোৱা খাদ্যৰ লগত ঘি ব্যৱহাৰ কৰি খাব পাৰিলে ভাল ৷ যাৰ দ্বাৰা আপোনাৰ ছাল মইশ্ব’ৰাইজ হ'ব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে এইসময়ছোৱাত বেছি সময় চাইকেল বা বাইক চলাব নালাগে ৷ নিশা উজাগৰে থাকি কাম কৰিব নালাগে ৷ কাৰণ নিশা উজাগৰে কাম কৰাৰ ফলত শৰীৰৰ ড্ৰাইনেছ বৃদ্ধি হয় ৷

মানসিক চিন্তা বা হতাশাৰ বাবেও মানুহৰ মুখৰ যি উজ্জলতা সেয়া নোহোৱা হ'য় ৷ সেইবাবে এই সমূহ দূৰ কৰিবলৈ দৈনিক যোগ, প্ৰাণায়ম আদি কৰিব লাগে ৷

কি কি পদ্ধতিৰ জৰিয়তে আপোনাৰ ছাল সুন্দৰকৈ ৰাখিব পাৰিব

১) গা ধোঁৱাৰ পূৰ্বে যদি ভালদৰে আপোনাৰ তেলেৰে মালিচ কৰিব পাৰে তেন্তে আপোনাৰ ছালখন ভাল হৈ থকাত সহায় হ'ব ৷ তিল তেল ইয়াৰ বাবে অতি উত্তম ৷

২) ছালখন ভালে ৰাখিবৰ বাবে এলোভেৰা ব্যৱহাৰ কৰিব পাৰে ৷ এলোভেৰাৰ জেলখিনি উলিয়াই, তিল তেলৰ সৈতে গৰম কৰি, সেই জেলটো যদি ছালত লগাব পাৰে তেন্তে যথেষ্ট পৰিমাণে সু-ফল পাব ৷

৩) এচামুছ বেচন, আধা চামুচ মুলেঠি, আধা চামুচ হালধি, আধা চামুচ কমলাৰ বাকলিৰ গুৰি, আধা চামুচ গোলাপৰ পাহিৰ গুৰি ৷ এই আটাইকেইটা দৈ বা ক্ৰীম বা ফলৰ ৰসেৰে মিশ্ৰণ তৈয়াৰ কৰি ফেচপেক হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷

লগতে পঢ়ক: কৰ্মক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি ? তেন্তে কৰক এই উপায়!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.