ETV Bharat / health

ক’ভিডে ভাৰতীয়ৰ হাওঁফাওঁৰ গুৰুতৰ ক্ষতিসাধন কৰিছে

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 6:54 PM IST

Gyan Netra: COVID has seriously damaged the lungs of Indians
ক’ভিডে ভাৰতীয়ৰ হাওঁফাওঁৰ গুৰুতৰ ক্ষতিসাধন কৰিছে: গৱেষণা

COVID-19: শেহতীয়া কৰা এক অধ্যয়নত এই সিদ্ধান্ত লোৱা হৈছে যে গুৰুতৰ ক’ভিড-১৯ত আক্ৰান্ত ভাৰতীয়সকলৰ হাওঁফাওঁৰ কাৰ্যক্ষমতা যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজৰ বিশেষজ্ঞসকলে কৰা গৱেষণাত পোহৰলৈ আহিল এই ডাঙৰ তথ্য ৷

বতৰৰ পৰিৱৰ্তনৰ লগে লগে কঢ়িয়াই আনে বিভিন্ন ৰোগ ৷ যেতিয়াই বতৰ সলনি হয় তেতিয়াই ঋতুভিত্তিক ৰোগবোৰ দ্ৰুতগতিত বিয়পি পৰে । এনে সময়তে COVID-19ৰ সংক্ৰমণৰ ঘটনাইও যথেষ্ট উদ্দেগৰ সৃষ্টি কৰে ৷

ইফালে, শেহতীয়া কৰা এক অধ্যয়নত এই সিদ্ধান্ত লোৱা হৈছে যে গুৰুতৰ ক’ভিড-১৯ত আক্ৰান্ত ভাৰতীয়সকলৰ হাওঁফাওঁৰ কাৰ্যক্ষমতা যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ জানিব পৰা মতে প্ৰায় আধা সংখ্যক লোকৰ উশাহ-নিশাহ লোৱাত অসুবিধা হৈছিল ৷ ইয়াৰ ফলত বিশেষজ্ঞসকলৰ মাজত উদ্বেগ সৃষ্টি হৈছে ৷ ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজৰ বিশেষজ্ঞসকলে এই গৱেষণা কৰিছিল ৷

গৱেষণাৰ অংশ হিচাপে ২০৭ জন লোকক পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰ ভিতৰত হাওঁফাওঁৰ যথেষ্ট ক্ষতি হোৱা দেখা গৈছিল ৷ এই সিদ্ধান্ত লোৱা হ’ল যে ব্যায়ামৰ ক্ষমতা আৰু জীৱনৰ মানদণ্ডও হ্ৰাস পাইছে ৷ ভয়াৱহ ক’ভিড-১৯ৰ পৰা সুস্থ হোৱাৰ দুমাহৰ পাছতো ৪৯.৩ শতাংশ লোকৰ উশাহ-নিশাহ ল’বলৈ অসুবিধা হৈছিল আৰু ২৭.১ শতাংশ লোকৰ কাহ হৈছিল ৷ আন দেশৰ তথ্যৰ তুলনাত দেখা গ’ল যে ভাৰতীয়ৰ হাওঁফাওঁৰ ক্ষতি বেছি ইয়াৰ নিৰ্দিষ্ট কাৰণ শিকাব পৰা নগ’ল বুলি গৱেষকসকলে কয় ৷

কিন্তু ভাৰতীয়ৰ মাজত আন স্বাস্থ্যজনিত সমস্যাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলিও তেওঁ কয় ৷ কোৱা হৈছে যে ইয়াত গুৰুতৰ ক’ভিড-১৯ত আক্ৰান্তসকলৰ ৭২.৫ শতাংশৰ ডায়েবেটিছ, উচ্চ ৰক্তচাপ, আৰু দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগ আছে ৷ বুজাই দিয়া হ’ল যে পৰীক্ষাত হাওঁফাওঁৰ তেজলৈ গেছ পৰিবহণ কৰাৰ ক্ষমতা ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে ৷ বিশ্লেষণ কৰা হৈছে যে দেশত যক্ষ্মা ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হোৱাটোও ইয়াৰ কাৰণ হ’ব পাৰে ৷

লগতে পঢ়ক: কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ দিশতো সমানে উপকাৰী নেমু

লগতে পঢ়ক: কিয় পালন কৰা হয় বিৰল ৰোগ দিৱস ? ইয়াৰ ইতিহাস তথা গুৰুত্ব সম্পৰ্কে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.