ETV Bharat / health

ছাৰ্ভাইকেল কেন্সাৰৰ পৰা হাত সাৰিবলৈ প্ৰতি বছৰে কৰক এইসমূহ স্বাস্থ্য পৰীক্ষা

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 11:07 AM IST

Do these health check-ups every year to avoid cervical cancer
ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ

Cervical Cancer: দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্তৰ সংখ্যা ৷ কিন্তু এই ৰোগৰ পৰা বাচিবলৈ মহিলাসকলে কৰিব লাগে কিছু পৰীক্ষা ৷ কি পৰীক্ষা কৰিব লাগে জানি লওক এই প্ৰতিবেদনত ৷

ভাৰতত প্ৰতি বছৰে দ্ৰুতগতিত বৃদ্ধি পাইছে ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত ৰোগীৰ সংখ্যা । এই কেন্সাৰ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত দেখা দিয়ে । ভাৰতীয় মহিলাৰ ক্ষেত্ৰত ছাৰ্ভাইকেল কেন্সাৰ সোনকালেই ধৰা নপৰে । ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে যে বেছিভাগ মহিলাই এই কেন্সাৰৰ বিষয়ে যিমান সচেতন হ’ব লাগে সিমান সচেতন নহয় । যাৰ বাবে এই ৰোগ একেবাৰে শেষ পৰ্যায়ত ধৰা পৰে ।

ভাৰতত ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰাদুৰ্ভাৱ

ভাৰতৰ বাবে ছাৰ্ভাইকেল কেন্সাৰ অধিক ভয়ংকৰ হৈ পৰিছে ৷ কাৰণ এই ৰোগত আক্ৰান্ত ২৫ শতাংশ ৰোগী কেৱল ভাৰতৰ । প্ৰতি বছৰে ইয়াৰ ৰোগী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । এই কেন্সাৰ হিউমেন পেপিলোমা ভাইৰাছ (HPV) সংক্ৰমণৰ ফলত হয় । এই ভাইৰাছক এইচ আই ভি, চিফিলিছ, ক্ল’মাইডিয়া, গনোৰিয়া বুলিও কোৱা হয় । ধূমপান আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ বাবেও এই ৰোগৰ আশংকা বৃদ্ধি পায় ।

২০৩০ চনৰ ভিতৰত এই কৰ্কট ৰোগ নিয়ন্ত্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । ইয়াৰ দ্বাৰা টিকাকৰণ, পৰীক্ষা আৰু সঠিক চিকিৎসাৰ জৰিয়তে এই কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যাব বুলি কোৱা হৈছে । কিন্তু চিন্তাৰ বিষয় যে ভাৰতত যেতিয়া এগৰাকী মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰ ধৰা পৰে, তেতিয়া ই শেষৰ পৰ্যায়লৈ গুচি যায় ।

পৰীক্ষা আৰু চিকিৎসা

সাধাৰণতে অস্বাভাৱিকতা বা প্ৰিকেন্সাৰ কোষ (ডিছপ্লেছিয়া) ধৰা পেলাবলৈ পাপানিকোলাউ (Pap) পৰীক্ষা ব্যৱহাৰ কৰা হয় । ইয়াৰ জৰিয়তে প্ৰাৰম্ভিক পৰ্যায়ৰ কৰ্কট ৰোগ ধৰা পেলাব পাৰি । পেপ টেষ্টৰ জৰিয়তেও এইচ পি ভি ভাইৰাছ ধৰা পেলাব পাৰি । ইয়াৰ বাবে পেপ আৰু এইচ পি ভি পৰীক্ষা কৰা হয় । চিকিৎসকে নিয়মিত ব্যৱধানত মহিলাসকলক প্ৰিকেন্সাৰ কোষৰ বাবে পৰীক্ষা কৰে য’ত ডিছপ্লেছিয়াৰ চিকিৎসা কৰিব পাৰি, যাৰ ফলত কেন্সাৰ নিৰাময় কৰাত সহায়ক হয় ।

ছাৰ্ভাইকেল বায়’প্সি: কলপস্কোপ ব্যৱহাৰ কৰি নিৰ্বাচিত ছাৰ্ভাইক্সৰ সৰু টুকুৰা এটা পৰীক্ষাৰ বাবে উলিয়াই অনা হয় ।

এণ্ডোচাৰ্ভাইকেল কিউৰেটেজ কলাৰ পৰীক্ষা জৰায়ুৰ মুখৰ ভিতৰৰ পৰা স্ক্ৰীণিং কৰা হয় ।

ছাৰ্ভাইকেল কেন্সাৰৰ পৰীক্ষা কৰি কেন্সাৰৰ ফলত হোৱা মৃত্যু ফলপ্ৰসূভাৱে প্ৰতিৰোধ কৰিব পাৰি । এই স্ক্ৰীনিং তিনিৰ পৰা পাঁচ বছৰৰ ব্যৱধানত কৰা হয় । ২১ বছৰৰ পৰা ২৫ বছৰ বয়সৰ পৰা আৰম্ভ হয় স্ক্ৰীনিং । ৬৫ বছৰ বয়সৰ পিচত বন্ধ কৰিব পাৰি, যদিহে শেষৰ ৩ টা ৰিপৰ্ট স্বাভাৱিক হয় ।

যদি ছাৰ্ভাইকেল কেন্সাৰৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে মহিলাসকলে পেপ স্মিয়ৰ আৰু এইচ পি ভি পৰীক্ষাৰ দৰে এই পৰীক্ষাসমূহ কৰিব লাগিব । এই পৰীক্ষাৰ জৰিয়তে যদি জৰায়ুৰ মুখত কিবা পৰিৱৰ্তন হয় তেন্তে ইয়াক সহজে ধৰা পেলাব পাৰি ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: ভাৰতীয় মহিলাৰ ক্ষেত্ৰত তেনেই সাধাৰণ এই ৫টা ৰোগ; যাক ভুলতেও নকৰিব আওকাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.