ETV Bharat / health

বিশ্বৰ আধুনিক চিকিৎসা বিজ্ঞানত অসমীয়াৰ আধিপত্য

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 4:28 PM IST

Assamese Scientist Develops Novel Antibiotic: বিশ্বৰ বজাৰত উপলব্ধ হ'ব মুকুট গোহাঁইৰ আৱিষ্কাৰ 'এক্সব্লিফেপ' ৷ এই বিৰল সাফল্যৰ পিচত ই টিভি ভাৰত অসমৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ ড৹ মুকুট গোহাঁইৰ ৷ তিনিচুকীয়াৰ পানীতোলাত ঘৰ বিশিষ্ট বিজ্ঞানীগৰাকীৰ ৷

assamese-scientist-dr-mukut-gohain-develops-1st-indian-antibiotic-approved-by-fda
বিশ্বৰ আধুনিক চিকিৎসা বিজ্ঞানত অসমীয়াৰ আধিপত্য লাভ

ড৹ মুকুট গোহাঁই

তিনিচুকীয়া, 27 ফেব্ৰুৱাৰী: বিশ্বৰ আধুনিক চিকিৎসা বিজ্ঞানত অসমীয়াই আধিপত্য লাভ কৰিছে ৷ ড৹ মুকুট গোহাঁইয়ে আৱিষ্কাৰ কৰা ঔষধলৈ মাৰ্কিন প্ৰতিষ্ঠানৰ স্বীকৃতি প্ৰদান কৰিছে ৷ মূত্ৰাশয়ৰ সংক্ৰমণ, নিউমোনিয়া প্ৰতিৰোধৰ বাবে ড৹ মুকুট গোহাঁইয়ে আৱিষ্কাৰ কৰিছিল এন্টিইবায়টিক ৷ বিশ্বৰ বজাৰত উপলব্ধ হ'ব মুকুট গোহাঁইৰ আৱিষ্কাৰ 'এক্সব্লিফেপ' ৷ এই বিৰল সাফল্যৰ পিচত ই টিভি ভাৰত অসমৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ ড৹ মুকুট গোহাঁইৰ ৷ তিনিচুকীয়াৰ পানীতোলাত ঘৰ বিশিষ্ট বিজ্ঞানীগৰাকীৰ ৷ তেওঁ বৰ্তমান দক্ষিণ আফ্ৰিকাত কৰ্মৰত ৷

ইফালে চিকিৎসকগৰাকীয়ে কয় যে, এন্টিবায়টিক হৈছে বেক্টেৰিয়াৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ । ভাইৰাছৰ সংক্ৰমণ আৰু আন বেছিভাগ সংক্ৰমণৰ বিৰুদ্ধে ই ফলপ্ৰসূ নহয় । এন্টিবায়টিকে বেক্টেৰিয়া নাশ কৰাত সহায় কৰে, যাৰ ফলত শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থাই ইয়াক নিৰ্মূল কৰিব পাৰে ।

উল্লেখ্য যে, ড৹ গোহাঁয়ে উদ্ভাৱন কৰা এন্টিবায়’টিকলৈ অনুমোদন প্ৰদান কৰে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে ৷ এফডিএৰ দ্বাৰা অনুমোদিত এইবিধেই প্ৰথম ভাৰতীয় এন্টিবায়’টিক ৷ উল্লেখযোগ্য যে ১৬ বছৰ পূৰ্বে এন্টিবায়’টিকবিধ উদ্ভাৱন কৰিছিল ড৹ মুকুট গোহাঁয়ে ৷ চেন্নাইৰ অৰ্কিড ফাৰ্মাৰ সহযোগত উদ্ভাৱন কৰিছিল এইবিধ এন্টিবায়’টিক ৷ উচ্চ মানৰ এন্টিবায়’টিকবিধৰ নাম ‘এনমেটাজোবেকটাম’ ৷ মূত্ৰাশয়ৰ সংক্ৰমণ, নিউমোনিয়া প্ৰতিৰোধৰ বাবে ড৹ মুকুট গোহাঁইয়ে আৱিষ্কাৰ কৰিছিল এন্টইবায়টিকবিধ ৷ এতিয়াৰে পৰা আমেৰিকা, ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ বজাৰত বিক্ৰীৰ বাবে মুকলি হ’ব ভাৰতীয় এন্টিবায়’টিকবিধ ৷ তেওঁ বৰ্তমান দক্ষিণ আফ্ৰিকাত কৰ্মৰত অৱস্থাত আছে ৷

লগতে পঢ়ক: পুৱা খালী পেটত দৌৰাটো লাভদায়ক নে ক্ষতিকাৰক ?

লগতে পঢ়ক: শৰীৰত যদি বৃদ্ধি পাইছে বেয়া LDL Cholesterol; তেন্তে কেতিয়াও নাখাব এই খাদ্য

লগতে পঢ়ক: স্নান কৰাৰ পিচত ভুলতো নকৰিব এই কাম, অন্যথা হ’ব ডাঙৰ লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.