ETV Bharat / health

চাকৰি বা কৰ্মক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি ?

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 5:11 PM IST

Vastu Tips: চাকৰি বিচাৰিও চাকৰি পোৱা নাই নেকি ? চাকৰিত বা কৰ্মক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? তেন্তে কৰক এই উপায় ৷ এই সম্পৰ্কে জনালে সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ৷

Vastu Tips
চাকৰিত বা কৰ্মক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি ? তেন্তে কৰক এই উপায়!

সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰ বিদ অৰ্চনা বৰ্মন

গুৱাহাটী, 21 ফেব্ৰুৱাৰী: বৰ্তমান সময়ত প্ৰায় ভাগ লোকেই স্বাৱলম্বী ৷ চৰকাৰী বা বেচৰকাৰীকে ধৰি, ব্যৱসায়- বাণিজ্য আদিৰে স্বাৱলম্বী হৈছে প্ৰায় ভাগ লোক ৷ বহুক্ষেত্ৰত দেখা যায় যে যি সকল লোক বেচৰকাৰী প্ৰতিষ্ঠান আদিত কৰ্মৰত হৈ থাকে তেনে লোকসকলৰ প্ৰায়ে চাকৰিৰ প্ৰতি অনিশ্চয়তা এটা থাকে যে তেওঁলোকৰ চাকৰিটো গুচি যাব নেকি ? বা চাকৰিত কিবা অসুবিধা আহিব নেকি এনেধৰণৰ নানান চিন্তা মনলৈ আহে ৷ যদি আপোনাৰো মনলৈ এনে ধৰণৰ ভাৱ আহি আছে বা চাকৰিক লৈ কিবা অসুবিধাৰ সন্মুখীন হৈছে তেনেহলে এই উপায় অৱলম্বন কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব ৷ লগতে যদি চাকৰিও নাই পোৱা তেনেহলে এই উপায় কৰিব পাৰে ৷

কি উপায় কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব ?

আপোনাক লাগিব এটা নিখুঁত গোল নেমু ৷ মন কৰিব যে, গোল নেমুটো যাতে শনিবাৰে কিনি আনে আৰু নেমুটোত যাতে কোনো ধৰণৰ দাগ নাথাকে ৷ প্ৰথমে গোল নেমুটো ভালদৰে ধুই ল'ব আৰু ধোঁৱা হোৱাৰ পাছত ভগৱানৰ থাপনাত বা মন্দিৰত এঘণ্টা মানৰ বাবে নেমুটো থৈ দিব ৷ ভগৱানৰ ওচৰৰ ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা কৰিব যাতে সকলো দুখ বা অশান্তি দূৰ হয় ৷

তাৰ পিচত গোল নেমুটো লৈ ৭ বাৰ আপোনাৰ মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইচ ঘূৰাব ৷ তাৰ পাছত গোল নেমুটো সমানে চাৰিটা ভাগত ভাগ কৰি ল'ব ৷ তাৰ পাছত গোল নেমুৰ চাৰিটা ভাগ লৈ আপোনাৰ ঘৰৰ পৰা ওলায় গৈ প্ৰথমে পোৱা চাৰিআলিটোত থিয় হৈ দক্ষিণ দিশে মুখ কৰি এটুকুৰা পূৱ দিশে, এটুকুৰা পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশে পেলাই হাতযোৰ কৰি প্ৰাৰ্থনা কৰিব যাতে চাকৰিত কোনো অসুবিধা নাহে বা সোনকালে এটা যাতে ভাল চাকৰি লাভ কৰে ৷ এনেদৰে এটা শনিবাৰৰ পৰা আৰম্ভ কৰি আগৰ শনিবাৰেলৈ এই নিয়মটো কৰিব ৷

লগতে পঢ়ক: ৫৯ বছৰ বয়সত টিভি অভিনেতা Rituraj Singhৰ মৃত্যু ? এয়াই আছিল মৃত্যুৰ মূল কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.