৫৯ বছৰ বয়সত টিভি অভিনেতা Rituraj Singhৰ মৃত্যু ? এয়াই আছিল মৃত্যুৰ মূল কাৰণ
Causes Of Cardiac Arrest: কাৰ্ডিয়াক এৰেষ্ট হৈছে এক মাৰাত্মক অৱস্থা, য’ত তাৎক্ষণিক চিকিৎসাৰ অভাৱৰ ফলত এজন ব্যক্তিৰ মৃত্যু হয় । শেহতীয়াকৈ টেলিভিচন জগতৰ অভিনেতা ঋতুৰাজ সিঙৰো এই কাৰণতে মৃত্যু হয় । কিন্তু এই পৰিস্থিতিৰ আঁৰত আন এটা কাৰণো দায়ী । উক্ত প্ৰতিবেদনৰ জৰিয়তে ইয়াৰ বিষয়ে বিতংভাৱে জানি লওক-

Published : February 20, 2024 at 5:18 PM IST
শেহতীয়াকৈ টেলিভিছন ধাৰাবাহিক ‘অনুপমা’ৰ এটা খণ্ডত যশপালৰ চৰিত্ৰত দেখিবলৈ পোৱা অভিনেতা ঋতুৰাজ সিঙৰ ৫৯ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৷ সংবাদ মাধ্যমত এই খবৰ দিলে তেওঁৰ ঘনিষ্ঠ বন্ধু অমিত বাহলে ৷
সংবাদ মাধ্যমৰ এটি সাখ্যাৎকাৰত তেওঁ লগতে কয় যে, তেওঁক পেনক্ৰিয়াচ ৰোগৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ ইয়াৰ পিছত কিছুদিন পূৰ্বে তেওঁক ডিচচাৰ্জ কৰি ঘৰলৈ যাবলৈ দিয়া হয় ৷ ইয়াৰ পিছতে নিশা প্ৰায় ১২.৩০ বজাত হাৰ্ট এটেকত তেওঁৰ ঘৰত হঠাৎ মৃত্যু হয় ৷ এনে পৰিস্থিতিত পেনক্ৰিয়াচ ৰোগ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ বা কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ মাজৰ সম্পৰ্কৰ বিষয়ে বহুতৰে মনত বহু প্ৰশ্নৰ উদয় হৈছে, যাৰ উত্তৰ আপুনি এই প্ৰতিবেদনৰ জৰিয়তে জানিব পাৰিব ৷
কাৰ্ডিয়াক এৰেষ্ট কেনেকৈ হয় ?
হঠাৎ হৃদযন্ত্ৰৰ বিকলতাৰ মাৰাত্মক অৱস্থা হ’ল কাৰ্ডিয়াক এৰেষ্ট ৷ ইয়াত প্ৰথমে ব্যক্তিজনৰ হৃদযন্ত্ৰই শৰীৰলৈ তেজৰ যোগান ধৰাটো বন্ধ কৰি দিয়ে, যাৰ বাবে শৰীৰৰ কাম বন্ধ হৈ পৰে ৷ তাৰ পিছত ইয়াৰ ভিতৰত ভেণ্টিকুলাৰ ফাইব্ৰিলেচন হয় আৰু হৃদস্পন্দন বন্ধ হৈ ব্যক্তিজনৰ মৃত্যু হয় ৷
অগ্নাশয় ৰোগে হঠাৎ হৃদযন্ত্ৰ বিকল কৰিব পাৰেনে ?
এই সন্দৰ্ভত চিকিৎসকে কয় যে, পেনক্ৰিয়াটিক ৰোগ আৰু কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই ৷ কিন্তু যদি কোনো ব্যক্তিৰ এই ৰোগৰ লগতে কোনো ধৰণৰ লুকাই থকা হৃদৰোগ আছে বা ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কলেষ্টেৰল, ধূমপান, মানসিক চাপ আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ দৰে বিপদজনক কাৰকত আক্ৰান্ত হয়, তেন্তে তেওঁ কাৰ্ডিয়াক এৰেষ্ট হ’ব পাৰে ৷
অগ্নাশয় ৰোগ কি?
অগ্নাশয় (Pancreas) হৈছে পিছফালে পেটৰ কাষত থকা এটা দীঘল গ্ৰন্থি, যিয়ে খাদ্য ৰাহিৰ কাম কৰে ৷ যেতিয়া ইয়াত কোনো বিঘিনি ঘটে তেতিয়া বিভিন্ন ধৰণৰ পেনক্ৰিয়াটাইটিছ, পেনক্ৰিয়াটিক কেন্সাৰ বা প্ৰি-কেন্সাৰ অৱস্থাৰ সৃষ্টি হয় আৰু তাৰ লগত ফুলাৰ দৰে বিভিন্ন লক্ষণ দেখা দিয়ে ৷
কোনবোৰ লোকৰ এই ৰোগৰ হোৱাৰ আশংকা থাকে?
সাধাৰণতে পেনক্ৰিয়াচ ৰোগ থকা লোকসকল মদ্যপায়ী আৰু অধিক ধূমপায়ী, গতিকে তেওঁলোকৰ নীৰৱে হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে ৷
লগতে পঢ়ক: এবছৰৰ ভিতৰতে অনুপমা ছিৰিয়েলৰ দুগৰাকী অভিনেতাৰ মৃত্যু, দুয়োৰে মৃত্যুৰ কাৰণো একে

