ETV Bharat / entertainment

এই বছৰটো বলীউডৰ চেলিব্ৰিটিৰ বাবে হ’ব বিশেষ, এইসকল তাৰকাৰ ঘৰলৈ আহিব নতুন আলহী

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 11:11 AM IST

Yami Gautam, Deepika Padukone, Richa Chadha: celebs who are set to embrace motherhood this year
এই বছৰটো বলীউডৰ চেলিব্ৰিটিৰ বাবে হ’ব বিশেষ

Deepika Padukone: অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে শেহতীয়াকৈ দ্বিতীয় সন্তান জন্ম দিয়াৰ কথা ঘোষণা কৰিছে ৷ কিন্তু আপুনি জানেনে কেৱল অনুষ্কা শৰ্মাই, এইবছৰ বলীউডৰ এইসকল অভিনেত্ৰীয়েও লাভ কৰিব মাতৃত্বৰ সুখ ৷

চিটাৰা ডেস্ক, ১ মাৰ্চ: এই বছৰটো বলীউডৰ চেলিব্ৰিটিসকলৰ বাবে অতি বিশেষ হ’ব । ইখনৰ পিচত সিখন ছবি মুক্তি পোৱাৰ সময়তে, আনফালে ইগৰাকীৰ পিচত সিগৰাকী তাৰকাই দিছে ভাল খবৰ ৷ বহুতৰে ঘৰত এইবাৰ আহিব সুখৰ বতৰা ৷ বছৰৰ আৰম্ভণিতে অনুষ্কা শৰ্মাৰ ঘৰলৈ আহিছে নতুন আলহী ৷ দ্বিতীয় সন্তান জন্ম দিছে অভিনেত্ৰীগৰাকীয়ে । এতিয়া অনাগত দিনত আৰু বহু চেলিব্ৰিটিৰ ঘৰলৈ আহিব সুখবৰ । এই তালিকাত দীপিকা পাডুকন আৰু ৰণবীৰ সিং, নতাশা দলাল আৰু বৰুণ ধাৱনৰ লগতে আন বহু চেলিব্ৰিটিৰ নাম সন্নিবিষ্ট হৈছে ।

দীপিকা পাডুকন আৰু ৰণবীৰ সিং: বহুদিনৰ জল্পনা-কল্পনাৰ অন্তত অৱশেষত বৃহস্পতিবাৰে এই দম্পতীয়ে দিলে সুখবৰ ৷ দুয়োগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে যে ছেপ্টেম্বৰ মাহত প্ৰথম সন্তানক আদৰিবলৈ সাজু হৈছে ।

বৰুণ ধাৱন আৰু নতাশা দলাল: ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হোৱা বৰুণ আৰু নাতাশাই ছ’চিয়েল মিডিয়াত হৃদয়স্পৰ্শী ছবিৰে ঘোষণা কৰিছিল যে তেওঁলোকে প্ৰথম সন্তানৰ পিতৃ-মাতৃ হ’বলৈ গৈ আছে । হ’বলগীয়া পিতৃগৰাকীয়ে ব্লেক এণ্ড ৱাইট ফটো শ্বেয়াৰ কৰি কেপচনত লিখিছে , “আপোনালোকৰ সকলোৰে আশীৰ্বাদ আৰু মৰমৰ প্ৰয়োজন ।”

ৰিচা চাড্ডা আৰু আলী ফজল: ২০১২ চনত প্ৰথমবাৰৰ বাবে ‘ফুক্ৰে’ ছবিৰ চেটত লগ পোৱা এই দম্পতীয়ে ২০২২ চনত বিবাহপাশত আবদ্ধ হয় । ৯ ফেব্ৰুৱাৰীত তেওঁলোকে নিজৰ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই ভাল খবৰটো শ্বেয়াৰ কৰিছিল । কেপচনত লিখিছে, "এটা সৰু হৃদস্পন্দন আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ শব্দ হ’ব ।"

য়ামী গৌতম আৰু আদিত্য ধৰ: আন চেলিব্ৰিটিৰ দৰে শেহতীয়া মুক্তি পোৱা ছবি ‘আৰ্টিকেল ৩৭০’ৰ প্ৰচাৰৰ সময়ত ছ’চিয়েল মিডিয়াত এই ভাল খবৰটো শ্বেয়াৰ কৰা নাছিল এই দম্পতীয়ে । আদিত্যই ক’লে যে অতি সোনকালেই তেওঁলোক পিতৃ-মাতৃ হ’বলৈ গৈ আছে ।

অমলা পল আৰু জগত দেশাই: অমলাই জানুৱাৰী মাহত ঘোষণা কৰিছিল যে তেওঁ আৰু তেওঁৰ স্বামী জগত দেশাই প্ৰথম সন্তানক আদৰিবলৈ সাজু হৈছে । গৰ্ভাৱস্থাৰ ফটোশ্বুটৰ আভাসো শ্বেয়াৰ কৰিছিল ।

লগতে পঢ়ক: গৰ্ভধাৰণৰ ঘোষণাৰ পিচত দীপিকা-ৰণবীৰক দেখা গ’ল বিমানবন্দৰত, পত্নীক সুৰক্ষা দিয়া দেখা গ’ল ৰণবীৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.