ETV Bharat / entertainment

গৰ্ভধাৰণৰ ঘোষণাৰ পিচত দীপিকাক দেখা গ’ল বিমানবন্দৰত, বডি গাৰ্ডৰ ৰূপত ৰণবীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:49 AM IST

Updated : Mar 1, 2024, 1:05 PM IST

Parents To Be Ranveer-Deepika: দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ২৯ ফেব্ৰুৱাৰীত ছ’চিয়েল মিডিয়াত ঘোষণা কৰিছে যে তেওঁলোক অতি সোনকালে পিতৃ-মাতৃ হ’ব । গৰ্ভাৱস্থাৰ ঘোষণাৰ পিচতে অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ বাবে জামনগৰত উপস্থিত হৈছে এই দম্পতী ।

Parents-to-be Ranveer, Deepika arrive in Jamnagar for Anant, Radhika's pre-wedding celebrations
গৰ্ভধাৰণৰ ঘোষণাৰ পিচত দীপিকা-ৰণবীৰক দেখা গ’ল বিমানবন্দৰত

চিটাৰা ডেস্ক, ১ মাৰ্চ : দীপিকা পাডুকন আৰু ৰণবীৰ সিং প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে, কেতিয়াবা যদি তেওঁলোকৰ মৰমলগা আৰু ৰোমান্টিক ফটোৰ বাবে, আন কেতিয়াবা আকৌ তেওঁলোকৰ ছবিৰ বাবে । সমগ্ৰ বিশ্বতে দীপিকা-ৰণবীৰৰ অনুৰাগী আছে । দুয়োগৰাকীয়ে চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় আৰু প্ৰিয় দম্পতী । এতিয়া শেহতীয়াকৈ এই দম্পতীয়ে অনুৰাগীক দিছে এটা সুখবৰ ৷

শীঘ্ৰেই পিতৃ-মাতৃ দীপিকা-ৰণবীৰ ৷ এই খবৰ ঘোষণাৰ পিচতে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে এই দম্পতীয়ে । গৰ্ভধাৰণৰ ঘোষণাৰ পিচতে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানলৈ যোৱা দেখা গ’ল । ইফালে বিমানবন্দৰত অনুৰাগীৰ সৈতে এই সুখ উদযাপন কৰাও দেখা গ’ল এই দম্পতীক ।

এই ছেপ্টেম্বৰ মাহত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে প্ৰথম সন্তানৰ পিতৃ-মাতৃ হ’বলৈ গৈ আছে । শেহতীয়াকৈ অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিমানবন্দৰত বগা সাজ-পোছাক পৰিধান কৰি যোৱা দেখা গৈছিল দুয়োকে ৷ ইফালে বিমানবন্দৰত পত্নী দীপিকাক সুৰক্ষা দি থকা দেখা গ’ল ৰণবীৰক ।

ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে এই দম্পতীৰ এই মৰমলগা ভিডিঅ’টো । ৰণবীৰ সিঙে পত্নীক এনেদৰে যত্ন লোৱা দেখি অনুৰাগীয়ে প্ৰশংসা কৰিছে । ভাইৰেল হোৱা ভিডিঅ’ত দীপিকা পাডুকনে দীঘল বগা সাজ-পোছাক পৰিধান কৰা দেখা গৈছে ৷ আনহাতে বগা ৰঙৰ পেণ্টৰ সৈতে বগা ৰঙৰ হুডি পৰিধান কৰিছিল ৰণবীৰ সিঙে ।

উল্লেখ্য যে, দীপিকাৰ গৰ্ভধাৰণৰ খবৰ পোৱাৰ পিচতে ছ’চিয়েল মিডিয়াত লাভ কৰিছে সকলোৰে পৰা অভিনন্দন । এই খবৰ শ্বেয়াৰ কৰাৰ পিচত বৃহস্পতিবাৰে সন্ধিয়া মুম্বাই বিমানবন্দৰত দেখা গৈছিল এই দম্পতীক । দৰাচলতে অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জামনগৰত উপস্থিত হৈছে দীপিকা পাডুকন-ৰণবীৰ সিং ।

উল্লেখ্য যে, ৰণবীৰৰ সৈতে দীপিকাৰ বিয়া হোৱা পাঁচ বছৰতকৈও অধিক সময় হ’ল ৷ অৱশ্যে দীৰ্ঘদিন ধৰি তেওঁৰ গৰ্ভধাৰণৰ উৰাবাতৰিয়ে শিৰোনাম দখল কৰি আছিল । ইফালে, চলিত বৰ্ষৰ জানুৱাৰী মাহত মুক্তি পোৱা ‘ফাইটাৰ’ ছবিখনত দীপিকাক শেষবাৰৰ বাবে দেখা গৈছিল ।

লগতে পঢ়ক: বিবাহৰ ৬ বছৰৰ পিচত দীপিকা-ৰণবীৰৰ জীৱনলৈ আহিব নতুন আলহী

Last Updated : Mar 1, 2024, 1:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.