ETV Bharat / entertainment

লণ্ডনত দ্বিতীয় সন্তান জন্ম দিব নেকি অনুষ্কা শৰ্মাই ? এটা পোষ্টে সৃষ্টি কৰিছে আলোড়নৰ

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 11:59 AM IST

Virat Kohli And Anushka Sharma's 2nd Baby To Be Born In London?
লণ্ডনত দ্বিতীয় সন্তান জন্ম দিব নেকি অনুষ্কা শৰ্মাই

Anushka Sharma Pregnancy: বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই দ্বিতীয় সন্তানক লৈ দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । ইয়াৰ মাজতে হৰ্ষ গোৱেংকাই এটা টুইট কৰি ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে ।

চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী: অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে । অৱশ্যে বিগত বহুদিন ধৰি দ্বিতীয় সন্তানক লৈ চৰ্চিত হৈ আছে এই দম্পতীটো । অভিনেত্ৰীগৰাকী দ্বিতীয়বাৰ গৰ্ভধাৰণ কৰা সন্দৰ্ভত ধাৰাবাহিকভাৱে আহি আছে খবৰ । কিন্তু এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই অনুষ্কা শৰ্মা কিম্বা বিৰাট কোহলীয়ে । এই সকলোবোৰৰ মাজতে এতিয়া ছ’চিয়েল মিডিয়াৰ পৰা এটা ইংগিত পোৱা গৈছে যে অনুষ্কাই দেশত নহয় বিদেশত দ্বিতীয় সন্তানক জন্ম দিব ।

সঁচাকৈ অনুষ্কা শৰ্মাই লণ্ডনত দ্বিতীয় সন্তানক জন্ম দিবনে ?

আচলতে ব্যৱসায়ী হৰ্ষ গোৱেংকাই অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণ সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে । তেওঁ অলপতে তেওঁৰ এক্স একাউণ্টত এটা টুইট কৰিছে, য’ত তেওঁ লিখিছে, ‘‘এতিয়া কেইদিনৰ ভিতৰতে এটি সন্তান জন্ম হ’ব । এতিয়া লক্ষণীয় হ’ব যে তেওঁ তেওঁৰ দেউতাকৰ দৰে ক্ৰিকেটাৰ হ’ব নে তেওঁ তেওঁৰ মাতৃৰ দৰে চলচ্চিত্ৰত কেৰিয়াৰ গঢ়িব ।’’ ইয়াৰ লগতে তেওঁ কৈছে যে শিশুটিৰ জন্ম লণ্ডনত হ’ব । হৰ্ষ গোৱেংকাৰ এই পোষ্টটোৱে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে, ২০২০ চনত বিৰাট কোহলীয়ে অনুষ্কাৰ প্ৰথম গৰ্ভধাৰণৰ খবৰ ছচিয়েল মিডিয়াত দিছিল । ইয়াৰ পিচত ২০২১ চনৰ জানুৱাৰী মাহত অনুষ্কাই জন্ম দিছিল এটি মৰমলগা কন্যা সন্তান ৷ কন্যা সন্তাটিৰ নাম বামিকা কোহলী । অৱশ্যে এতিয়ালৈকে সংবাদ মাধ্যমত কন্যাৰ মুখ প্ৰকাশ কৰা নাই দম্পতীয়ে । দুয়োগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনটো ৰাজহুৱা কৰিব নিবিচাৰে ।

অনুষ্কা শৰ্মাৰ ৱৰ্ক ফ্ৰণ্ট

অনুষ্কা শৰ্মাৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অতি সোনকালেই তেওঁক দেখা যাব ক্ৰীড়া নাটক ছবি চকদা এক্সপ্ৰেছত । এই ছবিখন অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত প্ৰচাৰ কৰা হ’ব ।

লগতে পঢ়ক: ভক্ষকত উৎকৃষ্ট অভিনয়ৰ বাবে মাতৃয়ে ভূমিক দিলে এক বিশেষ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.