ETV Bharat / entertainment

চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ মল্লিকা ৰাজপুতৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 2:37 PM IST

Singer actress Mallika Rajput committed suicide in her house
মল্লিকা ৰাজপুতৰ আত্মহত্যা

Mallika Rajput Suicide: মনোৰঞ্জন জগতৰ পৰা আহিছে এটা বেয়া খবৰ । আত্মহত্যা কৰিছে কণ্ঠশিল্পী তথা অভিনেত্ৰী মল্লিকা ৰাজপুতে ।

চিটাৰা ডেস্ক, ১৩ ফেব্ৰুৱাৰী: জনপ্ৰিয় গায়িকা তথা অভিনেত্ৰী বিজয় লক্ষ্মী ওৰফে মল্লিকা ৰাজপুতৰ বিষয়ে আহিছে এটা দুখবৰ ৷ নিজৰ চুলতানপুৰৰ ঘৰত আত্মহত্যা কৰিছে মল্লিকাই । এই ঘটনাই এতিয়া স্তম্ভিত কৰি তুলিছে সকলোকে । ইফালে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মল্লিকাৰ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । কিন্তু মল্লিকা ৰাজপুতে আত্মহত্যাৰ দৰে এনে ভয়ংকৰ সিদ্ধান্ত লোৱাৰ আঁৰৰ কাৰণ কি ? অৱশ্যে সেয়া জানিবলৈ বৰ্তমান তদন্তত ব্যস্ত হৈ আছে আৰক্ষী ৷ এতিয়া আৰক্ষীৰ তদন্তত হে ওলাব ইয়াৰ প্ৰকৃত কাৰণ ৷

মল্লিকাই কংগনা ৰনৌতৰ সৈতেও কাম কৰিছিল

উল্লেখ্য যে, মল্লিকা ৰাজপুতে বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌতৰ সৈতেও কাম কৰিছিল । কংগনাৰ সৈতে ৰিভলভাৰ ৰাণী ছবিখনত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল । যদিও মল্লিকাই নাম আৰু খ্যাতি লাভ কৰিছিল গায়ক শ্বানৰ মিউজিক এলবাম ‘ইয়াৰা তুঝে’ৰ পৰা । ইয়াৰ উপৰিও মল্লিকাই বহু ছিৰিজ, এলবাম আৰু ধাৰাবাহিকত অভিনয়ৰে নিজৰ প্ৰতিভা প্ৰমাণ কৰিছে ৷

ৰাজনীতিতো মল্লিকাই নাম উজলাবলৈ চেষ্টা কৰিছিল

বিজেপিত যোগদান কৰিছিল মল্লিকাই । কিন্তু ২০১৮ চনত ধৰ্ষণকাৰীক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰি দলৰ পৰা বিদায় লয় । মনোৰঞ্জন জগতত আৰু ৰাজনীতিত চেষ্টা কৰাৰ পিচত, মল্লিকাই আধ্যাত্মিকতাৰ ফালে গতি কৰে । তেওঁ কপালি মহাৰাদৰ পৰা গ্ৰিস্থান সন্ন্যাসত দীক্ষা লৈছিল ।

এনে পৰিস্থিতিত মল্লিকাৰ আত্মহত্যাত সকলো স্তম্ভিত হৈ পৰিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মল্লিকাৰ পৰিয়ালৰ সৈতে কোনো বিষয়ক লৈ বিবাদ হৈছিল । এই বিবাদ গৈ পাইছিল আৰক্ষী থানালৈ । সেই সময়ত আৰক্ষীয়ে বিষয়টো সমাধান কৰিছিল কিন্তু তাৰ পিচত মল্লিকাই নিশা কিয় আত্মহত্যা কৰিলে । এইবোৰ প্ৰশ্ন সকলোৰে মনত উদয় হৈছে । বৰ্তমান তদন্ত চলি আছে । এতিয়া এই সকলো প্ৰশ্নৰ উত্তৰ কেৱল আৰক্ষীৰ তদন্তত হে ওলাব ৷

লগতে পঢ়ক: পত্নীৰ মৃত্যুৰ পিচত ৩৩ বছৰে অকলে থাকিল কাপুৰ পৰিয়ালৰ এইগৰাকী ছুপাৰষ্টাৰ, নাপাতিলে দ্বিতীয় বিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.