ETV Bharat / entertainment

সিকন্দৰৰ দৃশ্যগ্ৰহণৰ তাৰিখ ঘোষণা - Sikandar Shooting date announced

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 2:21 PM IST

Sikandar Shooting date announced
সিকন্দৰৰ দৃশ্যগ্ৰহণৰ তাৰিখ ঘোষণা

Sikandar Shooting date announced : ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাৰ পিচতেই অভিনেতাগৰাকীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ইয়াৰ মাজতেই ঘোষণা হ’ল ভাইজানৰ আহিবলগীয়া ছবি সিকন্দৰৰ দৃশ্যগ্ৰহণৰ তাৰিখ ৷

চিটাৰা ডেস্ক, 18 এপ্ৰিল : যোৱা 14 এপ্ৰিলৰ পুৱতি নিশা বাইকত থকা দুজন ব্যক্তিয়ে অভিনেতা ছলমান খানৰ বান্দ্ৰাস্থিত বাসগৃহৰ বাহিৰত গুলীচালনা কৰি ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে ঘোষণা হ’ল ভাইজানৰ আগন্তুক ছবি সিকন্দৰৰ দৃশ্যগ্ৰহণৰ তাৰিখ ৷

অভিনেতাগৰাকীয়ে যোৱা 11 এপ্ৰিলত ঈদ উপলক্ষে নতুন চলচ্চিত্ৰ সিকন্দৰৰ নাম ইনষ্টাগ্ৰাম হেণ্ডেলত ঘোষণা কৰিছিল ৷ ছবিখনৰ পোষ্টাৰত উল্লেখ কৰা অনুসৰি চাজিদ নাদিয়াদৱালাই আৰু গজনীৰ পৰিচালক এ আৰ মুৰুগাডোছে এই ছবিখন প্ৰযোজনা কৰিব ৷

ছলমান খানে অনুৰাগীসকলক ঈদৰ শুভেচ্ছা জনাই ইনষ্টাগ্ৰামত নতুন চলচ্চিত্ৰখনৰ নাম প্ৰকাশ কৰি লিখিছিল, "এই ঈদত বড়ে মিয়া ছোটে মিয়া আৰু মেইদান উপভোগ কৰক ৷ পৰৱৰ্তী ঈদত সিকন্দৰ আহি আছে ৷ আপোনালোক সকলোকে ঈদ মোবাৰক ।" ছবিখন 2025 চনৰ ঈদত মুক্তি পাব বুলি আশা কৰা হৈছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এ আৰ মুৰুগাডোছে বৰ্তমান SK23 নামৰ এখন চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে, য'ত শিৱ কাৰ্তিকেয়ানক মুখ্য চৰিত্ৰত দেখা যাব । ব্যস্ত সময়সূচীৰ স্বত্বেও, চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে মে'ত ছলমান খানৰ সৈতে সিকন্দৰৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে । মুৰুগাডোছে পৰৱৰ্তী দুমাহৰ বাবে দুয়োটা প্ৰকল্পৰ বাবে ব্যস্ত থাকিব ।

"সিকন্দৰ দৃশ্যগ্ৰহণৰ পূৰ্বে মুৰুগাডোছে SK23-ৰ দৃশ্যগ্ৰহণৰ সৰ্বাধিক অংশ সম্পূৰ্ণ কৰিব বিচাৰে । মে’ মাহত সিকন্দৰৰ প্ৰথম অনুসূচীৰ দৃশ্যগ্ৰহণৰ পিচত, তেওঁ জুনত শিৱ কাৰ্তিকেয়ানৰ SK23 চলচ্চিত্ৰখন শেষ কৰিব । জুলাইমাহৰ পৰা, তেওঁ ছলমান অভিনীত চলচ্চিত্ৰখনত সম্পূৰ্ণৰূপে কাম কৰিব ।"

লগতে পঢ়ক: ঈদৰ দিনাই অনুৰাগীলৈ উপহাৰ ছলমান খানৰ, নতুন ছবিৰ নাম ঘোষণা অভিনেতাগৰাকীৰ - Salman Khan Locks Eid 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.