ETV Bharat / entertainment

বিদেশী পৰিচালকৰ সৈতে হাত মিলাই কি ভাৰতৰ কি প্ৰকৃত চিত্ৰ দাঙি ধৰিব প্ৰিয়ংকাই ? - priyanka chopra new project

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 2:13 PM IST

priyanka chopra as producer teams up with filmmaker barry avrich for documentary born hungry
প্ৰিয়ংকা চোপ্ৰা

born hungry documentary : প্ৰিয়ংকা চোপ্ৰাই ইটোৰ পিছত সিটো নতুন প্ৰজেক্ট আৰম্ভ কৰিছে । প্ৰযোজক হিচাপে প্ৰিয়ংকা চোপ্ৰাই ছবি নিৰ্মাতা বেৰী এভৰিচৰ সৈতে বৰ্ণ হাংগ্ৰী তথ্যচিত্ৰৰ বাবে টিম আপ কৰিছে ৷

চিটাৰা ডেস্ক, 3 এপ্ৰিল : বলীউডৰ 'দেশী গাৰ্ল' প্ৰিয়ংকা চোপ্ৰাই অলপতে ভাৰত ভ্ৰমণ সামৰি স্বামীগৃহত উপস্থিত হৈছে ৷ মাৰ্চ মাহটো মাতৃগৃহ মুম্বাইত থাকি যথেষ্ট উপভোগ কৰিলে অভিনেত্ৰীগৰাকীয়ে ৷ এইকেইদিনতে অভিনেত্ৰীগৰাকীৰ ভায়েকৰ বাগদানো হৈ যায় আৰু এই অনুষ্ঠানৰ ছবিবোৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে । শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ দ্বিতীয় প্ৰকল্পৰ কথা ঘোষণা কৰিছে । অভিনেত্ৰীগৰাকীয়ে তেওঁৰ নতুন বিদেশী প্ৰকল্পৰ বাবে চলচ্চিত্ৰ নিৰ্মাতা বেৰী এভৰিচৰ সৈতে হাত মিলাইছে ।

দৰাচলতে প্ৰিয়ংকা চোপ্ৰাই প্ৰযোজক হিচাপে এখন ভাৰতীয়-আধাৰিত তথ্যচিত্ৰ বৰ্ণ হাংগ্ৰী নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে । এই চলচ্চিত্ৰখনত ভাৰতীয় পুৰুষৰ মহান কাহিনী দেখিবলৈ পোৱা যাব । এই তথ্যচিত্ৰখন বেঙুনীয়া পেবল পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা হ'ব । প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ শেহতীয়া পোষ্টত এই তথ্য দিছে। অভিনেত্ৰীগৰাকীয়ে এই খবৰটো তেওঁৰ অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে ।

priyanka chopra as producer teams up with filmmaker barry avrich for documentary born hungry
প্ৰিয়ংকাৰ নতুন প্ৰজেক্ট

প্ৰিয়ংকা চোপ্ৰাৰ তথ্যচিত্ৰ বৰ্ণ হাংগ্ৰী পৰিচালনা কৰিবলৈ লোৱা পৰিচালকজনে পূৰ্বে ‘প্ৰ’চিকিউটিং ইভিল’, মেডনেছ অৱ মেথড’, আৰু অস্কাৰ পেটাৰছন: ব্লেক + হোৱাইট ছবি নিৰ্মাণ কৰিছে ।

কি থাকিব বৰ্ণ হাংগ্ৰীৰ কাহিনীত ?

বৰ্ণ হাংগ্ৰী নামৰ তথ্যচিত্ৰখনৰ কাহিনীৰ বিষয়ে ক'বলৈ গ'লে, এয়া হৈছে ভাৰতৰ এজন ব্যক্তিৰ কাহিনী যি তেওঁৰ ঘৰৰ পৰা পলাই যায় আৰু পিচত এটা কানাডিয়ান পৰিয়ালে তেওঁক তুলি লয় ৷ পিচত তেওঁ সৌভাগ্যক্ৰমে টৰণ্টো ট্ৰেণ্ডিষ্ট ৰেষ্টুৰেণ্টৰ গৰাকী হয় । ভাৰতীয় মানুহজনৰ এই যাত্ৰা কেনেকুৱা হয় তাকেই দেখুওৱা হ'ব ছবিখনত ৷

পোষ্টটো শ্বেয়াৰ কৰি প্ৰিয়ংকা চোপ্ৰাই লিখিছিল, "পাৰ্পল পেবল পিকচাৰ্ছত আমি সদায় সেইবোৰ কাহিনী আৰু সেইসকল চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰো যাৰ দৰ্শকক এক উজ্জ্বল চলচ্চিত্ৰ নিৰ্মাণৰ দৃষ্টিকোণেৰে প্ৰভাৱিত কৰাৰ ক্ষমতা আছে, বেৰী এভৰিচৰ নতুন ফিচাৰ তথ্যচিত্ৰ, বৰ্ণ হাংগ্ৰীও ঠিক তেনেকুৱাই , মই অবিশ্বাস্য কাহিনীৰ দ্বাৰা প্ৰভাৱিত হৈছিলো আৰু লগতে এইটোও হয় অতি সংবেদনশীল কাহিনী এটা উপস্থাপন হ'ব, আমাৰ বাবে সহযোগিতা কৰাটো কোনো সহজ কাম নাছিল, আমি এই কাহিনীটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছো ।"

লগতে পঢ়ক : ৰামোজী একাডেমী অফ মুভিজে বিশিষ্ট ভাৰতীয় ভাষাত বিনামূলীয়া চলচ্চিত্ৰ নিৰ্মাণ পাঠ্যক্ৰম ঘোষণা কৰে - Ramoji Academy Of Movies

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.