ETV Bharat / entertainment

স্কুটী চলাই পত্নীৰ সৈতে ভোট দিবলৈ আহিল অৰিজিৎ সিং - LOK SABHA ELECTION 2024

author img

By ETV Bharat Entertainment Team

Published : May 8, 2024, 8:02 AM IST

Updated : May 8, 2024, 11:55 AM IST

Bollywood singer Arijit Singh
স্কুটীত উঠি পত্নীৰ সৈতে ভোট দিবলৈ আহিল অৰিজিৎ সিংসহ পত্নী (Arijit SinghInstagram - Arijit Singh)

Arijit Singh and wife casting vote : মঙলবাৰে দেশৰ 10 খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি 94 টা সমষ্টিত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত সম্পন্ন হয় ৷ বলীউডৰ জনপ্ৰিয় গায়ক অৰিজিৎ সিং আৰু পত্নী কোৱেল ৰয়ে ভোটাধিকাৰ সাব্যস্ত কৰে ৷

চিটাৰা ডেস্ক, 8 মে’ : বলীউডৰ নেপথ্য গায়ক অৰিজিত সিঙে মঙলবাৰে পত্নীসহ চলিত লোকসভা নিৰ্বাচনত ভোটদান কৰে ৷ মঙলবাৰৰ দিনা পশ্চিমবংগৰ মুৰ্শিদাবাদৰ এটা ভোটকেন্দ্ৰত দম্পতীটোক দেখা যায় ৷

সততে নিজৰ সাধাৰণ জীৱনশৈলীৰ বাবে প্ৰায়েই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে ৷ মঙলবাৰেও সিঙে নিজৰ স্কুটীৰে পত্নীৰ সৈতে আহি ভোটকেন্দ্ৰত উপস্থিত হয় ৷ ইয়াৰ পিচতে দুয়োৰে ভিডিঅ’ই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰে ৷

কণ্ঠশিল্পীগৰাকীৰ এই ভিডিঅ’ত অনুৰাগীসকলে যথেষ্ট মৰম দিয়া পৰিলক্ষিত হৈছে ৷ বহু লোকে পুনৰবাৰ তেওঁৰ সাধাৰণ জীৱনশৈলীৰ কাৰণে প্ৰশংসা কৰে ৷ ভিডিঅ’টোত দম্পতীটোৱে স্কুটীৰ পৰা নামি ভোটকেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত কৰা হৈছে ৷

পশ্চিমবংগত মঙলবাৰে চাৰিটা লোকসভা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হয় ৷ চাৰিওটা সমষ্টিতে প্ৰায় 73.93 শতাংশ ভোটাৰে কৰে ভোটদান ৷ মুৰ্শিদাবাদত 76.49 শতাংশ, দক্ষিণ মালদাত (73.68 শতাংশ), উত্তৰ মালদাত (73.30 শতাংশ) আৰু জংগীপুৰত (72.13 শতাংশ) ভোটদান সম্পন্ন হয় ।

দেশজুৰি 19 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচন ৷ সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই নিৰ্বাচন অহা 1 জুনত সমাপ্ত হ'ব । 7 মে'ত অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মহাৰাষ্ট্ৰৰ 11 টা, উত্তৰ প্ৰদেশৰ 10 টা আৰু কৰ্ণাটকৰ 10 টা, অসমৰ চাৰিটা সমষ্টিকে ধৰি অন্যান্য কেইবাখনো ৰাজ্যত ভোটগ্ৰহণ হৈছিল । ভোটগণনা ৪ জুনত অনুষ্ঠিত হ'ব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পশ্চিমবংগৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অৰিজিৎ সিঙৰ অংশগ্ৰহণ আদৰ্শৰূপে পৰিগণিত হৈছে ৷ প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে তেওঁলোকৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ ভোটদান কৰাটো বাঞ্চনীয় ৷

লগতে পঢ়ক: প্ৰতিকূল বতৰকো নেওচি ভোটাধিকাৰ সাব্যস্ত বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ - Lok Sabha Election 2024

Last Updated :May 8, 2024, 11:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.