ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা কুমাৰ শ্বাহানীৰ দেহাৱসান
Kumar Shahani Death: চলচ্চিত্ৰ নিৰ্মাতা কুমাৰ শ্বাহানী আৰু নাই ৷ শনিবাৰে নিশা কলকাতাৰ এখন চিকিৎসালয়ত মৃত্যু হয় শ্বাহানীৰ ।

Published : February 25, 2024 at 2:57 PM IST
|Updated : February 25, 2024 at 4:49 PM IST
চিটাৰা ডেস্ক, ২৫ ফেব্ৰুৱাৰী: চলচ্চিত্ৰ নিৰ্মাতা কুমাৰ শ্বাহানীৰ দেহাৱসান ৷ ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে । শ্বাহানীৰ ঘনিষ্ঠ বন্ধু তথা অভিনেত্ৰী মীতা বশিষ্ঠই জনোৱা মতে, যোৱা নিশা কলকাতাৰ এখন চিকিৎসালয়ত পৰিচালকগৰাকীৰ মৃত্যু হয় ।
‘ৱাৰ ৱাৰ ৱৰী’, ‘খয়াল গাথা’ আৰু ‘কছবা’ ছবিত পৰিচালকগৰাকীৰ সৈতে কাম কৰা বশিষ্ঠই কয়, ‘‘যোৱা নিশা প্ৰায় ১১ বজাত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ কলকাতাৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয় । তেওঁ অসুস্থ হোৱাৰ লগতে স্বাস্থ্যৰো অৱনতি ঘটিছিল । এয়া এক বৃহৎ ক্ষতি । আমি তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগত আছিলো । কুমাৰ আৰু মই বহুত কথা পাতিছিলো আৰু মই জানিছিলো যে তেওঁ অসুস্থ হৈ আছে আৰু মই হাস্পতাললৈ গৈ আছিলো ।’’
কুমাৰ শ্বাহানীৰ ছবি
ভাৰতীয় চিনেমাৰ এক বৃহৎ ব্যক্তিত্ব কুমাৰ শ্বাহানীৰ মৃত্যুৰ ফলত বলীউডত শোকৰ ছাঁ পৰিছে । কুমাৰ শ্বাহানীয়ে ‘মায়া দৰ্পন’, ‘চাৰ আধ্যায়’ আৰু ‘কছবা’ আদি ছবি পৰিচালনা কৰিছিল ।
কুমাৰ শ্বাহানীৰ জন্ম হৈছিল ১৯৪০ চনত অবিভক্ত ভাৰতৰ সিন্ধৰ লাৰকানাত । ১৯৪৭ চনত ভাৰত আৰু পাকিস্তান বিভাজনৰ পিচত শ্বাহানীৰ পৰিয়াল মুম্বাইলৈ আহে । ইহসংসাৰত শ্বাহানীয়ে পত্নী আৰু দুগৰাকী কন্যা সন্তানক এৰি থৈ যায় ।
কুমাৰ শ্বাহানীৰ ছবিখনে লাভ কৰিছে ৰাষ্ট্ৰীয় বঁটা
১৯৭২ চনত হিন্দী সাহিত্যিক নিৰ্মল বৰ্মাৰ চুটিগল্পৰ আধাৰত নিৰ্মিত ‘মায়া দৰ্পন’ ছবিৰ জৰিয়তে শ্বাহানীয়ে উদ্যোগটোত প্ৰৱেশ কৰিছিল । এই ছবিখনে হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে ।
৩টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল
কুমাৰ শ্বাহানীয়ে কেৱল ৰাষ্ট্ৰীয় বঁটা লাভ কৰাই নহয় বিভিন্ন সময়ত ৩টা ফিল্মফেয়াৰ বঁটাও লাভ কৰে । ১৯৭৩ চনত ‘মায়া দৰ্পন’, ১৯৯০ চনত ‘খয়াল গাথা’ আৰু ১৯৯১ চনত ‘কছবা’ ছবিৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে কুমাৰে ।
লগতে পঢ়ক: ৰাশ্বিদ খান আৰু নাই, কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে শাস্ত্ৰীয় গায়কগৰাকীৰ

