ETV Bharat / entertainment

আমিৰ খান-ৰীনা দত্তৰ বিবাহ বিচ্ছেদৰ কাৰণ কিৰণ ৰাও নাছিল, খোদ প্ৰকাশ কৰিলে আমিৰৰ প্ৰাক্তন পত্নীয়ে

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 1:45 PM IST

Kiran Rao: শেহতীয়াকৈ কিৰণ ৰাৱে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে আমিৰ খান আৰু ৰীনা দত্তৰ বিবাহ বিচ্ছেদ তেওঁৰ বাবে হোৱা নাছিল ।

Kiran Rao was not the reason for Aamir Khan-Reena Dutta divorce, Kiran Rao revealed after many years
আমিৰ খান-ৰীনা দত্তৰ বিবাহ বিচ্ছেদৰ কাৰণ কিৰণ ৰাও নাছিল

চিটাৰা ডেস্ক, ১৩ মাৰ্চ: বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খান পেছাদাৰী জীৱনতকৈ ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনামত আছে । আমিৰ খানৰ প্ৰথম বিবাহ হৈছিল ৰীনা দত্তৰ সৈতে । এই দম্পতীৰ দুটা সন্তানো আছে । অৱশ্যে আমিৰ আৰু ৰীনাৰ মাজত বিবাহ বিচ্ছেদ ঘটে । ইয়াৰ পিচত অভিনেতাগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে কিৰণ ৰাওক বিয়া কৰায় ।

কিৰণ ৰাও আৰু আমিৰৰ এজন পুত্ৰও আছে । অৱশ্যে এই বিয়াও টিকি নাথাকিলে ৷ দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটে ৷ কিন্তু বিচ্ছেদৰ পিচতো দুয়ো ভাল বন্ধু হৈ আছে । শেহতীয়াকৈ আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাৱে এটা সাক্ষাৎকাৰত স্পষ্ট কৰি দিয়ে যে আমিৰ খান আৰু ৰীনা দত্তৰ বিবাহ বিচ্ছেদৰ কাৰণ তেওঁ নাছিল ।

কিৰণ ৰাওৰ বাবে আমিৰ-ৰীনাৰ বিবাহ বিচ্ছেদ হোৱা নাছিল

‘লগান’ ছবিখন মুক্তিৰ এবছৰৰ পাচত ২০০২ চনত আমিৰ আৰু ৰীনাৰ বিবাহ বিচ্ছেদ হয় । আমোদজনক কথাটো হ’ল কিৰণে লগানত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল, যাৰ বাবে বহুতে বিশ্বাস কৰিছিল যে আমিৰৰ সৈতে কিৰণৰ সম্পৰ্ক থকাৰ বাবেই ৰীনা দত্তৰ সৈতে আমিৰৰ বিবাহ বিচ্ছেদ হয় ৷

শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কিৰণে স্পষ্ট কৰি দিয়ে যে আশুতোষ গোৱৰীকাৰ পৰিচালিত ছবিখন মুক্তি পোৱাৰ তিনি বছৰৰ পাচত ২০০৪ চনত তেওঁলোকে ডেট কৰিবলৈ আৰম্ভ কৰিছিল ।

কিৰণে কয়, “বহুতে ভাৱে যে আমিৰ আৰু মই লগান ছবিখনৰ পৰাই সম্পৰ্কত আছিলোঁ, কিন্তু সেয়া একেবাৰেই সঁচা নাছিল । আমিৰ আৰু মই ‘স্বদেশ’ৰ সময়ত লগ হৈছিলো, তেওঁ সেই সময়ত মংগল পাণ্ডেৰ শ্বুটিং কৰিবলৈ ওলাইছিল । আমি আশুতোষ গোৱৰীকাৰৰ লগত কোকৰ কিছুমান বিজ্ঞাপন শ্বুট কৰিছিলোঁ আৰু তাতেই আমিৰ আৰু মই পুনৰ সংযোগ স্থাপন কৰিছিলোঁ । যিটো আছিল লগান ছবিখনৰ ৩-৪ বছৰ পাচত ৷ মই লগানৰ পিচত তেওঁৰ সংস্পৰ্শত নাছিলোঁ । আচলতে মই তেওঁৰ লগত লগানতো কথা পতা নাছিলোঁ । আচলতে লগানৰ সময়ত মই আন কাৰোবাকহে চাই আছিলো । ২০০৪ চনত আমিৰ আৰু মই যেতিয়া ওলাই যাবলৈ আৰম্ভ কৰিছিলো তেতিয়া সকলোৱে ভাবিছিল যে আমি ‘লগান’ৰ শ্বুটিং কৰাৰ পৰাই একেলগে আছিল আৰু তাৰ বাবেই বিবাহ বিচ্ছেদ হৈছিল, যিটো একেবাৰে সঁচা নাছিল ।’’

কিৰণে লগতে কয়, “যেতিয়া আপুনি আন কোনো সম্পৰ্কত থকা কাৰোবাক বিয়া কৰায় তেতিয়া আপোনাৰ ওপৰত কিছু বোজা থাকে যিয়ে আপোনাৰ সম্পৰ্কত প্ৰভাৱ পেলায় । মই কাপল কাউন্সেলিঙৰ ওপৰত জোৰ দিওঁ । আমিৰ আৰু মোৰ কাপল কাউন্সেলিং আছিল । তাৰ পিচত ই এটা নিৰপেক্ষ ক্ষেত্ৰ হৈ পৰিল ৷ য’ত আপুনি আপোনাৰ প্ৰয়োজনীয়তাৰ কথা কয়, আপুনি আনজনক কেনেকৈ দেখে আৰু সেয়া মোৰ বাবে অতি উপকাৰী আছিল । আমিৰ আৰু মই এই কথাত সন্মত হোৱাটোৱে সহায় কৰিলে যে আমি দুয়ো ইগৰাকীয়ে সিগৰাকীৰ লগত সৎ হ’ব লাগিব, লাগিলে যিয়েই নহওক কিয় ।’’

বিবাহ বিচ্ছেদৰ পিচত কেনেকুৱা আমিৰ-কিৰণৰ সম্পৰ্ক ?

উল্লেখ্য যে, আমিৰ খান আৰু কিৰণ ৰাওৰ বিয়া ২০০৫ চনত হৈছিল । অৱশ্যে ২০২১ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে । বিবাহ বিচ্ছেদৰ পিচতো আমিৰ আৰু কিৰণৰ বন্ধুত্বৰ সম্পকৰ্ বজাই ৰাখিছে । শেহতীয়াকৈ আমিৰ খানৰ কন্যা আইৰা খানৰ বিয়াৰ প্ৰতিটো অনুষ্ঠানতে কিৰণ ৰাও উপস্থিত আছিল ।

লগতে পঢ়ক: বিমানবন্দৰত অনুৰাগীয়ে কেটৰিণাক দিলে বিশেষ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.