ETV Bharat / entertainment

বিমানবন্দৰত অনুৰাগীয়ে কেটৰিণাক দিলে বিশেষ উপহাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 5:06 PM IST

http://10.10.50.90:6060///finaloutc/english-nle/finalout/12-March-2024/20963760_kat.jpg
কেটৰিণাৰ ভাইৰেল ভিডিঅ’

Katrina Viral Video: ছ’চিয়েল মিডিয়াত কেটৰিণা কাইফৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, যিটো ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত অভিনেত্ৰীগৰাকীৰ এজন অনুৰাগীয়ে তেওঁক বিশেষ উপহাৰ দিয়া দেখা গৈছে ।

চিটাৰা ডেস্ক, ১২ মাৰ্চ: বলীউডৰ অভিনেত্ৰী কেটৰিণা কাইফ কিবা নহয় কিবা কাৰণত প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক মুম্বাই বিমানবন্দৰত দেখা গৈছিল, যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

অনুৰাগীৰ পৰা কেটৰিণা পালে উপহাৰ

আচলতে সোমবাৰে কেটৰিণাই বেংগালুৰুলৈ গৈছিল 'ডব্লিউ পি এল' অৰ্থাৎ 'মহিলা প্ৰিমিয়াৰ লীগ ২০২৪'ত ইউ পি ৱাৰিয়ৰ্ছ দলৰ বাবে উল্লাস কৰিবলৈ । এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত বহু ছবিও শ্বেয়াৰ কৰিছে । এতিয়া অভিনেত্ৰীগৰাকী মুম্বাইলৈ উভতি অহাৰ সময়ত বিমানবন্দৰত এজন অনুৰাগীয়ে কেটৰিণাক বিশেষ উপহাৰ দি আনন্দিত কৰি তুলিছে ।

ভিডিঅ’টোত দেখা গৈছে কেটৰিণা এয়াৰপ’ৰ্টৰ পৰা ওলাই নিজৰ গাড়ীত বহিবলৈ যোৱাৰ লগে লগে এজন অনুৰাগী দৌৰি আহি অভিনেত্ৰীগৰাকীক এজোপা গোলাপ ফুল দিয়ে । ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে হাঁহি অনুৰাগীৰ পৰা লাভ কৰা এই সুন্দৰ উপহাৰটো আনন্দৰে গ্ৰহণ কৰে । তেওঁৰ এই ভিডিঅ’টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে ।

কেটৰিণা গৰ্ভৱতী নেকি ?

এই সময়ছোৱাত কেটৰিণাই পলকা ডট থকা দীঘল বগা পোছাক পৰিধান কৰিছিল আৰু তাৰ ওপৰত ক’লা চামৰাৰ জেকেট পিন্ধিছিল । অভিনেত্ৰীগৰাকীৰ এই বিমানবন্দৰৰ লুকটো ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে । কাৰণ ঢিলা পোছাকত কেটৰিণাক দেখাৰ পিচত অনুৰাগীয়ে দাবী কৰিছে যে অভিনেত্ৰীগৰাকী গৰ্ভৱতী । ভিডিঅ’টোৰ ওপৰত সকলোৱে নিজৰ মতামত ব্যক্ত কৰিছে । নেটিজেনে অভিনেত্ৰীগৰাকীৰ সাজ-পোছাকক ‘প্ৰেগনেন্সি ড্ৰেছ’ বুলি অভিহিত কৰাৰ বিপৰীতে আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্যত লিখিছে যে ‘‘কেটৰিণাই বেবী বাম্প লুকুৱাবলৈ এনে ঢিলা ড্ৰেছ পিন্ধিছে ।’’

লগতে পঢ়ক: গুজৰাটী ষ্টাইলত হ’বলগীয়া পিতৃ-মাতৃ দীপিকা-ৰণবীৰক অভিনন্দন জনালে ৰাধিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.