ETV Bharat / entertainment

লোকসভা নিৰ্বাচন জিকাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে কংগনাই - Kangana Ranaut lok sabha elections

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 5:18 PM IST

kangana-ranaut-offers-prayers-at-bhimakali-temple-himachal-pradesh
কংগনা ৰনৌত

Kangana Ranaut Bhimakali Temple: মাণ্ডি লোকসভা আসনৰ বিজেপি প্ৰাৰ্থী তথা বলীউড অভিনেত্ৰী কংগনা ৰনৌতে ভীমাকালী মন্দিৰত প্ৰাৰ্থনা কৰিছে । নিৰ্বাচনৰ পূৰ্বে মাতৃৰ আশীৰ্বাদ বিচাৰি ভীমাকালী মন্দিৰত উপস্থিত তাৰকাগৰাকী ৷

চিটাৰা ডেস্ক, 1 এপ্ৰিল : ভাৰতীয় জনতা পাৰ্টিয়ে মাণ্ডি লোকসভাৰ আসনৰ পৰা প্ৰাৰ্থী হিচাপে বাছি লৈছে বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌতক । এই ডাঙৰ দায়িত্বৰ অন্তত আজি, ১ এপ্ৰিলত ভীমাকালী মন্দিৰত উপস্থিত হৈ গেংষ্টাৰ অভিনেত্ৰী কংগনা ৰনৌতে প্ৰাৰ্থনা কৰে আৰু মাতৃৰ আশীৰ্বাদ গ্ৰহণ কৰে । মন্দিৰ দৰ্শনৰ সময়ত কংগনাৰ সৈতে হিমাচল প্ৰদেশৰ বিৰোধী দলপতি জয়ৰাম ঠাকুৰ উপস্থিত থাকে ।

আজি সোমবাৰ ১ এপ্ৰিলৰ দিনটোত কংগনা ৰনৌত, প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ আৰু বিজেপি নেতাসকলে মাণ্ডিত দলীয় বৈঠকৰ বাবে ভীমাকালী মন্দিৰ চৌহদত উপস্থিত হয় । মন্দিৰ চৌহদৰ সদস্যসকলে কংগনাক ফুলৰ মালাৰে আদৰণি জনায় । অভিনেত্ৰীগৰাকীয়ে বিজেপি নেতাসকলৰ সৈতে মন্দিৰ দৰ্শন কৰে আৰু মাৰ আশীৰ্বাদ বিচাৰে । ভিডিঅ'টোত, কংগনাক পাতল সেউজীয়া ৰঙৰ শাৰী পৰিধান দেখা গৈছে । শাৰীখনৰ সৈতে মুকুতাৰ মালা আৰু খোপাৰে নিজৰ লুকটো সম্পূৰ্ণ কৰে কংগনা ৰনৌতে ৷

ভীমাকালী মন্দিৰ পৰিদৰ্শন কৰাৰ পাচত কংগনা ৰনৌত আৰু হিমাচল প্ৰদেশৰ বিৰোধী দলপতি জয়ৰাম ঠাকুৰে বিজেপিৰ বিষয়ববীয়াসকলৰ বৈঠকত অংশগ্ৰহণ কৰে । এই সভাত তেওঁক হিমাচলৰ পৰম্পৰাগত টুপী আৰু চাদৰেৰে সৈতে আদৰণি জনোৱা হয় ।

হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা কংগনা ৰনৌত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী । প্ৰাৰ্থী হিচাপে বাছনি হোৱাৰ পিচত, তেওঁ ইখনৰ পিচত সিখন নিৰ্বাচনী জনসভা আৰু বৈঠক অনুষ্ঠিত কৰি আহিছে । অভিনেত্ৰীগৰাকীয়ে বানোহাৰ পৰা তেওঁৰ জন্মস্থান ভাম্বলালৈ এটা ৰোড শ্ব'ৰ সৈতে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল ।

লগতে পঢ়ক : কংগনা ৰনৌতৰ বিৰুদ্ধে এতিয়ালৈকে ৮ টা গোচৰ ৰুজু - lok sabha elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.