ETV Bharat / entertainment

ৰাঘৱৰ পিচত এইবাৰ আহি আছে যতীন বৰাৰ অগ্নিবাণ

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 4:26 PM IST

Jatin Bora's new film Agniban: 'শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সাফল্যৰ পিচত এইবাৰ আহি আছে যতীন বৰা অভিনীত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি 'অগ্নিবাণ’ ৷

Jatin Bora announced his new film Agniban at Guwahati Press Club
মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি অগ্নিবাণ

মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি অগ্নিবাণ

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: ব্লকবাষ্টাৰ ছবি ‘শ্ৰী ৰঘুপতি’ নিৰ্মাণেৰে অসমীয়া চলচ্চিত্ৰ উদ্যোগত খ্যাতি অৰ্জন কৰিছিল মণিৰত্ন এণ্টাৰটেইনমেণ্টে ৷ শ্ৰী ৰঘুপতিৰ পিচত এইবাৰ আন এখন ব্যতিক্ৰমী ছবিৰ বাবে সাজু হৈছে মণিৰত্ন এণ্টাৰটেইনমেণ্ট । যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াৰ পৰিচালনাৰে নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ নাম হৈছে 'অগ্নিবাণ’। এই ছবিখনৰ মুখ্য চৰিত্ৰত দেখা যাব অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাক ৷ ছবিখনৰ কাহিনীৰ আধাৰ হৈছে উত্তৰ-পূব ভাৰতত বিভীষিকা নমাই অনা মাদক দ্ৰব্য ।

অৱশ্যে এই ছবিখন ‘শ্ৰী ৰঘুপতি’ ছবিখনতকৈও অধিক ব্যয়বহুল হ’ব বুলি জানিবলৈ দিয়ে ছবিখনৰ নিৰ্মাতাই ৷ উল্লেখ্য যে, ছবিখনত যতীন বৰাৰ উপৰিও কমল লোচন, হিমাংশু প্ৰসাদ দাস, প্ৰীতি কংগনা, কংকনা চক্ৰৱৰ্তী (কলকাতা)ৰ দৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে । ইয়াৰোপৰি এই ছবিখনত দেখা পোৱা যাব উত্তৰ-পূবৰ আন বহু কেইগৰাকী নবীন-প্ৰবীণ কলা-কুশলীকো । উত্তৰ-পূব ভাৰতক বিধ্বস্ত কৰি পেলোৱা মাদক সন্ত্ৰাসৰ অন্ধকাৰ দিশটোক এই ছবিখনৰ জৰিয়তে দাঙি ধৰা হ’ব । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা উল্লেখ কৰে নিৰ্মাতাই ৷

সংবাদমেল সম্বোধন কৰি ‘অগ্নিবাণ’ সম্পৰ্কে যতীন বৰাই কয়, ‘‘অগ্নিবাণৰ দৰে এক গুৰুত্বপূৰ্ণ আৰু ব্যয়বহুল প্ৰকল্পৰ অংশ হ’বলৈ পাই মই অত্যন্ত সুখী । এই ছবিখনৰ কাহিনী আৰু আমাৰ উপস্থাপন শৈলী ছবিপ্ৰেমীয়ে ভাল পাব বুলি আশা কৰো । আমি শীঘ্ৰেই এই ছবিখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি ছবিপ্ৰেমীসকলক এখন ব্লকবাষ্টাৰ ছবি উপহাৰ দিম । প্ৰায় ৩ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হ’ব এই ছবিখন । 'শ্ৰী ৰঘুপতি’ৰ দৰে বাণিজ্যিকভাৱে সফল ছবিৰে অসমীয়া ছবি জগতত এক নতুন যুগৰ সূচনা কৰা প্ৰযোজক শৈলেন শৰ্মাই তেওঁৰ এই নতুন ছবিখনতো নিজৰ সৰ্বস্ব উজাৰি দিছে । অগ্নিবাণ ছবিখনে যাতে অসমীয়া চিনেমাত এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব পাৰে, তাৰ বাবে সকলো প্ৰকাৰে চেষ্টা চলাইছে প্ৰযোজক শৰ্মাই ।’’

ইফালে ছবিখন পৰিচালনা কৰা যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াই কয়, ‘‘অগ্নিবাণ’ কেৱল এখন ছবিয়েই নহয়, এয়া আমাৰ সমাজৰ এক আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলনো । ছবিখনত উপস্থাপন কৰা কাহিনীৰ জৰিয়তে আমি মাদক দ্ৰব্যৰ ভয়াবহতা আৰু আমাৰ সমাজত ইয়াৰ বিধ্বংসী প্ৰভাৱক দৰ্শকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিম । ২০২৪ শেষৰ ফালে নাইবা ২০২৫ ত ৰাইজৰ মাজলৈ আহিব ছবিখন ।’’

উল্লেখ্য যে, উত্তৰ-পূবৰ পটভূমিত নিৰ্মাণ কৰা 'অগ্নিবাণ’ৰ জৰিয়তে প্ৰেম, থ্ৰিলাৰ, ছাচপেন্স, ড্ৰামা আৰু একশ্যনৰ প্ৰহেলিকাময় যাত্ৰা উপভোগ কৰিবলৈ সক্ষম হ’ব ছবিপ্ৰেমী দৰ্শকে । এই নতুন অসমীয়া চলচ্চিত্ৰখন দৰ্শকৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা হ’ব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ প্ৰযোজক-পৰিচালক আৰু কলা-কুশলী ৷

লগতে পঢ়ক: এইবাৰ মঞ্চত নাটক কৰিবলৈ সাজু যতীন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.