ETV Bharat / state

এইবাৰ মঞ্চত নাটক কৰিবলৈ সাজু যতীন বৰা

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:04 PM IST

নতুন নাট্যবৰ্ষৰ বাবে আৰম্ভ হৈছে ভ্ৰাম্যমাণ গোষ্ঠীসমূহৰ প্ৰস্তুতি । এই বছৰ নাট্যবর্ষত সুদীৰ্ঘ ৬ বছৰৰ মূৰত মঞ্চত দেখা যাব অভিনেতা যতীন বৰাক ।

jatin bora to play lead roles in theatre after six years
মঞ্চত দেখা যাব অভিনেতা যতীন বৰাক

গুৱাহাটী, 19 জানুৱাৰী : আগন্তুক নাট্যবৰ্ষ অৰ্থাৎ ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হৈ উঠিছে ৰাজ্যৰ প্ৰতিটো ভ্ৰাম্যমাণ গোষ্ঠী । আগন্তুক বৰ্ষৰ বাবে চুক্তিবদ্ধ হৈছে একোগৰাকীকৈ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী ।

যতীন বৰা

ব্যয়বহুল আয়োজনেৰে থিয়েটাৰ গোষ্ঠীসমূহে সংযোজিত কৰিছে একো-একোখন নাটক । সুদীৰ্ঘ ৬ টা বছৰৰ অপেক্ষাৰ অন্তত এইবছৰ ২০২৪-২৫ নাট্যবৰ্ষত থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব অভিনেতা যতীন বৰাক ।

নাটক কৰিবলৈ সাজু যতীন বৰা

২০২৪-২৫ বৰ্ষৰ ‘ইতিহাস’ থিয়েটাৰ গোষ্ঠীৰ লগত চুক্তিবদ্ধ হৈছে অভিনেতাগৰাকী । বিগত বৰ্ষত মুক্তি লাভ কৰা যতীন বৰা অভিনীত নতুন অসমীয়া ছবি ৰাঘৱৰ মুক্তিৰ পূৰ্বৰে পৰাই নানান ধৰণৰ সমালোচনাৰ সন্মুখীন হৈ আহিছিল অভিনেতাগৰাকী ৷ তিক্ত সমালোচনাৰ সন্মুখীন হৈ বহু ভাগি পৰিছিল যতীন বৰা ৷ টীম ৰাঘৱে দৰ্শকৰ পৰা আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নহ’ল ৷

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে কিছুদিন পূৰ্বে সামজিক মাধ্যমযোগে তেওঁক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিছিল ৷ যতীন বৰাৰ দিয়া প্ৰত্যুত্তৰৰ পিচতেই ইতিহাস থিয়েটাৰ গোষ্ঠীয়ে আগবঢ়াইছে তেওঁলোকৰ তিনিখন নতুন নাটকৰ ফাৰ্ষ্ট লুক প’ষ্টাৰ ।

দীৰ্ঘদিনৰ বিৰতিৰ পিচত এইবাৰ নাটকৰ মজিয়ালৈ ঘূৰি আহিছে অভিনেতা যতীন বৰা । নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ তিনিখনকৈ নাট ক্ৰমে " জুয়ে পোৰা মানুহ", "মহাৰাজ" আৰু "মহাবীৰ লাচিত" ত মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেতা যতীন বৰাই । "ৰাঘৱ" য়ে আশানুৰূপ ফলাফল নোপোৱাৰ বাবে হতাশগ্ৰস্ত যতীন বৰাই পুনৰবাৰ নিজৰ অভিনয়ৰ জৰিয়তে ৰাইজক প্ৰমাণ দিবলৈ আগবাঢ়ি আহিছে । পৰ্দাৰ লগতে দীৰ্ঘসময় ধৰি মঞ্চাভিনয়ৰ যোগেদিও ৰাইজক আপ্লুত কৰি আহিছিল অভিনেতা যতীন বৰাই ৷

লগতে পঢ়ক : লোকেল কুং ফুৰ বঞ্জোক মনত আছে নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.