ETV Bharat / entertainment

শ্ৰীদেৱীৰ জীৱনীমূলক ছবি নিৰ্মাণৰ বিপক্ষে বনী কাপুৰ - Boney Kapoor on Sridevi Biopic

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 3:52 PM IST

Sridevi Biopic : যেতিয়ালৈকে শ্ৰীদেৱীৰ স্বামী আৰু চলচ্চিত্ৰ প্ৰযোজক বনী কাপুৰ জীয়াই থাকিব, তেতিয়ালৈকে শ্ৰীদেৱীৰ জীৱনীমূলক ছবি নিৰ্মাণ কৰিবলৈ নিদিয়ে তেওঁ !

Boney Kapoor does not want Sridevi biopic to be made for THIS reason Know Here
প্ৰয়াত শ্ৰী দেৱীৰ সৈতে বনী কাপুৰ

চিটাৰা ডেস্ক, 4 এপ্ৰিল : বলীউডৰ প্ৰতিষ্ঠিত অভিনেত্ৰী শ্ৰীদেৱী আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ অভিনয় প্ৰতিভা আৰু তেওঁৰ সৌন্দৰ্যৰ বিষয়ে আজিও অনুৰাগীসকলে আলোচনা কৰি থাকে । শ্ৰীদেৱীক হিন্দী চলচ্চিত্ৰৰ প্ৰথম মহিলা চুপাৰষ্টাৰ হিচাপে গণ্য কৰা হয় । এনে এগৰাকী প্ৰতিভাৱান শিল্পীৰ আকস্মিক মৃত্যুত সকলো ভাগি পৰিছিল ৷ তেওঁৰ মৃত্যুৰ পিচত বহু সময়ত তেওঁৰ জীৱনীমূলক ছবি নিৰ্মাণৰ বিষয়ে আলোচনা চলিছে ৷ শ্ৰীদেৱীৰ জীৱনীমূলক ছবিৰ বিষয়ে আলোচনা হৈ থকাৰ মাজতে অভিনেত্ৰীগৰাকীৰ স্বামী তথা চলচ্চিত্ৰ প্ৰযোজক বনী কাপুৰে এই বিষয়টোৰ ওপৰত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

বিগত কেইবা বছৰ ধৰি বলীউডত জীৱনীমূলক ছবি নিৰ্মাণৰ প্ৰৱণতা দ্ৰুত গতিত বৃদ্ধি পাইছে । সেই গতিকে বহুতে শ্ৰীদেৱীৰ কাহিনীও পৰ্দাত দেখুৱাবলৈও বিচাৰিছে ৷ কিন্তু বনী কাপুৰে কৈছে যে তেওঁ জীয়াই থকালৈকে এয়া সম্ভৱ নহয় । শেহতীয়া এক সাক্ষাৎকাৰত ছলমান খান আৰু অৰ্জুন কাপুৰৰ তিক্ত সম্পৰ্ক সন্দৰ্ভত খোলাখুলিকৈ প্ৰকাশ কৰাৰ পাচত বনীয়ে প্ৰয়াত পত্নী শ্ৰীদেৱীৰ জীৱনীমূলক ছবিৰ ওপৰতো তেওঁৰ নীৰৱতা ভংগ কৰে ।

যেতিয়া বনীক এই সাক্ষাৎকাৰত শ্ৰীদেৱীৰ জীৱনীমূলক ছবিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল, তেতিয়া তেওঁ কৈছিল যে শ্ৰীদেৱীয়ে নিজাববীয়াকৈ থাকি ভাল পাইছিল (পাৰ্চনেল স্পেচ), সেয়েহে তেওঁ শ্ৰীদেৱীৰ ব্যক্তিগত জীৱনৰ প্ৰতিচ্ছবি পৰ্দাত প্ৰদৰ্শন হোৱাটো নিবিচাৰে ৷ তেওঁ লগতে কয়, ‘মই নাভাবো যে এইটো কেতিয়াবা ঘটিব আৰু যেতিয়ালৈকে মই জীয়াই আছো, মই এইটো হ'বলৈ নিদিওঁ ।’ বনী কাপুৰৰ নতুন ছবি 'ময়দান' ১০ এপ্ৰিলত মুক্তি পাব, য'ত অজয় দেৱগণে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷

শ্ৰীদেৱীৰ মৃত্যু কেনেকৈ হৈছিল ?

শ্ৰীদেৱীয়ে পাঁচ দশক ধৰি ভাৰতীয় চলচ্চিত্ৰ জগতত নিজৰ অভিনয়েৰে সকলোকে মোহাচ্ছন্ন কৰি ৰাখিছিল । শ্ৰীদেৱী আছিল দক্ষিণ ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল, তেলুগু, মালয়ালম, কানাড়াকে ধৰি ৩০০ৰো অধিক ছবিত কাম কৰিছে । শ্ৰীদেৱীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটা, পদ্মশ্ৰী বঁটাকে ধৰি বহু সন্মান লাভ কৰিছে । উল্লেখ্য যে, ২০১৮ চনত শ্ৰীদেৱী পৰিয়ালৰ সৈতে ডুবাইৰ এখন ঘৰুৱা বিয়ালৈ গৈছিল আৰু বিয়াৰ পিচদিনা বাথৰুমৰ বাথটাবত মৃত অৱস্থাত উদ্ধাৰ হৈছিল ।

লগতে পঢ়ক : প্ৰাক্তন নবৌৱেকৰ বৰ্তমানৰ প্ৰেমিকৰ সৈতে ছলমানৰ ইকুৱেশ্যন ! - Salman Khan Arjun Kapoor Relation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.