ETV Bharat / entertainment

বজৰংগী ভাইজান ২ৰ মূল চৰিত্ৰ ৰূপায়ণ কৰিবনে ছলমানে ! - Bajrangi Bhaijaan 2

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 3:14 PM IST

bajrangi bhaijaan 2
বজৰংগী ভাইজান ২ৰ মূল চৰিত্ৰ ৰূপায়ণ কৰিবনে ছলমানে !

Bajrangi Bhaijaan 2: ছলমান খানৰ অনুৰাগীৰ বাবে আহিল আন এক ভাল খবৰ ৷ বজৰংগী ভাইজান ২ৰ চিত্ৰনাট্য প্ৰায় সাজু হৈছে । শীঘ্ৰে ছবিখনৰ চূড়ান্ত চিত্ৰনাট্য লৈ ছলমান খানৰ কাষ চাপিব ছবিখনৰ নিৰ্মাতা ৷

চিটাৰা ডেস্ক, ২০ এপ্ৰিল: ছলমান খানৰ ব্লক বাষ্টাৰ ছবি বজৰংগী ভাইজানে কেৱল বক্স অফিচতে নহয়, সীমান্তৰ সিপাৰে অনুৰাগীৰ মাজতো ধুমুহাৰ সৃষ্টি কৰিছিল । ছবিখনৰ চৰিত্ৰসমূহে দৰ্শকৰ ওপৰত প্ৰভাৱ পেলাইছিল ৷ ছবিখনৰ ছিকুৱেলক লৈ অহৰহ চৰ্চা অব্যাহত আছে ৷

ইয়াৰ মাজতেই শেহতীয়াকৈ ছলমান খানৰ অনুৰাগীসকলৰ বাবে আহিল ভাল খবৰ ৷ বহু প্ৰত্যাশিত ছবিখনৰ ছিকুৱেলক লৈ পুনৰ এবাৰ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিলে ছবিখনে ৷ ছবিখনৰ সন্দৰ্ভত পুনৰ এবাৰ আহিছে আন এক নতুন খবৰ ৷

বজৰংগী ভাইজান ২ ৰ চিত্ৰনাট্য সম্পূৰ্ণ হৈছে আৰু ছলমান খানক উপস্থাপন কৰিবলৈ সাজু হৈছে । আয়ুষ শৰ্মাৰ আগন্তুক ছবি ৰুছলানৰ প্ৰযোজক কে কে ৰাধামোহনে শেহতীয়াকৈ এক প্ৰচাৰ অনুষ্ঠানত এই ৰোমাঞ্চকৰ খবৰটো প্ৰকাশ কৰিছে । তেওঁ ইংগিত দিয়ে যে বজৰংগী ভাইজানৰ ছিকুৱেলৰ চিত্ৰনাট্য চূড়ান্ত কৰা হৈছে ।

ৰাধামোহনে বজৰংগী ভাইজানৰ চিত্ৰনাট্য লিখা বিখ্যাত নাট্যকাৰ আৰু এছ এছ ৰাজামৌলীৰ পিতৃ ভি বিজয়েন্দ্ৰ প্ৰসাদৰ লগত তেওঁ সোনকালে চূড়ান্ত চিত্ৰনাট্যৰ সৈতে ছলমান খানৰে যোগাযোগ কৰা হ’ব বুলি ইংগিত দিয়ে ।

২০১৫ চনত মুক্তি লাভ কৰা বজৰংগী ভাইজানৰ ছিকুৱেলৰ চিত্ৰনাট্যখন অভিনেতাগৰাকীৰ আগত উপস্থাপন কৰিবলৈ উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰি আছে নিৰ্মাতাসকলে । চিনেমাখনৰ বাবে হৰ্ষালী মালহোত্ৰাৰ চৰিত্ৰ মুন্নী ঘূৰি অহাৰ কথা এতিয়াও স্পষ্ট হোৱা নাই । মূল মহিলা চৰিত্ৰত অভিনয় কৰা কৰীণা কাপুৰো ছবিখনত থাকিবনে তেওঁৰ ঠাইত বেলেগ অভিনেত্ৰী লোৱা হ’ব সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: গজিনীৰ পৰিচালকৰ সৈতে নতুন ছবিৰ ঘোষণা ছলমানৰ, ২০২৫ চনৰ ঈদত মুক্তি পাব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.