ETV Bharat / entertainment

দুবাইত মমৰ মূৰ্তি উন্মোচনৰ পিচত পত্নী স্নেহালৈ এই প্ৰশ্ন আল্লু অৰ্জুনৰ - allu arjun wax statue

Allu Arjun Instagram : অভিনেতা আল্লু অৰ্জুনে বৃহস্পতিবাৰে দুবাইৰ মাডাম টুছ্য’ মিউজিয়ামত তেওঁৰ মমৰ মূৰ্তি উন্মোচন কৰে । এই বিশেষ দিনটোয়ে আল্লু অৰ্জুনৰ চলচ্চিত্ৰ জগতত ২১ বছৰ সম্পূৰ্ণ হোৱাটোও চিহ্নিত কৰে ।

Cutie! Can You Handle Two Arjuns? Pushpa Star Asks Wifey Sneha after Wax Statue Unveil in Dubai
পত্নী স্নেহালৈ প্ৰশ্ন আল্লু অৰ্জুনৰ
author img

By ETV Bharat Assamese Team

Published : March 29, 2024 at 2:31 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 29 মাৰ্চ : টলীউডৰ প্ৰখ্যাত অভিনেতা আল্লু অৰ্জুনে বৃহস্পতিবাৰে দুবাইৰ মাডাম টুছ্য’ মিউজিয়ামত নিজৰ মমৰ মূৰ্তি উন্মোচন কৰি অভিভূত হৈ পৰিছে । ৪১ বছৰীয়া অভিনেতাগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত মূৰ্তিটোৰ কাষত থিয় হৈ থকা এখন ছবি শ্বেয়াৰ কৰিছে । প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত তেওঁৰ লগত পত্নী আৰু কন্যাও আছিল ৷ অভিনেতা-পিতৃক আইকনিক পুষ্পা ভংগীৰে আচৰিত কৰি তোলে আল্লু কন্যা আৰহাই ।

Cutie! Can You Handle Two Arjuns? Pushpa Star Asks Wifey Sneha after Wax Statue Unveil in Dubai
দুবাইত মমৰ মূৰ্তি উন্মোচন

দুবাইৰ মাডাম টুছ্য’ মিউজিয়ামত তেওঁৰ মমৰ মূৰ্তি উন্মোচনৰ আভাস শ্বেয়াৰ কৰিছে আল্লু অৰ্জুনে । ছ’চিয়েল মিডিয়াত এটা পোষ্টত অভিনেতাজনে হাস্যৰসেৰে তেওঁৰ পত্নী আল্লু স্নেহা ৰেড্ডীক সুধিছে যে তেওঁৰ দুটা সংস্কৰণ চম্ভালিব পাৰিবনে ?

Cutie! Can You Handle Two Arjuns? Pushpa Star Asks Wifey Sneha after Wax Statue Unveil in Dubai
দুবাইত আল্লু অৰ্জুনৰ মমৰ মূৰ্তি উন্মোচন

দুবাইৰ মাডাম টুছ্য’ মিউজিয়ামত তেওঁৰ মমৰ মূৰ্তি উন্মোচন কৰাৰ সময়তে জন্মদিনৰ আগতীয়া উপহাৰ লাভ কৰে আল্লু অৰ্জুনে । দুবাইত অনুষ্ঠিত এই অনুষ্ঠানৰ বাবে পৰিয়ালৰ সৈতে উপস্থিত হোৱা অভিনেতাজনে আনন্দৰে অনুষ্ঠানটোৰ আভাস ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । এটা পোষ্টত তেওঁ চঞ্চলভাৱে পত্নী আল্লু স্নেহা ৰেড্ডীক সুধিছে যে তেওঁ "দুজন অৰ্জুন"ক চম্ভালিব পাৰিবনে ?

Cutie! Can You Handle Two Arjuns? Pushpa Star Asks Wifey Sneha after Wax Statue Unveil in Dubai
আল্লু অৰ্জুনৰ মমৰ মূৰ্তি

ইনষ্টাগ্ৰাম ষ্ট’ৰীত আল্লু অৰ্জুনে স্নেহাই তোলা এখন চেলফি ড্ৰপ কৰে । স্নেহাই কেমেৰাত সেই মুহূৰ্তটো বন্দী কৰাৰ সময়ত নিজৰ মমৰ প্ৰতিৰূপৰ কাষত গৌৰৱেৰে থিয় হৈ আছিল অভিনেতাগৰাকী । ছবিখন শ্বেয়াৰ কৰি এটা ইম’জী আল্লু অৰ্জুনে লিখিছে, "কিউটি ! আপুনি দুজন অৰ্জুনক চম্ভালিব পাৰিবনে ৷"

Cutie! Can You Handle Two Arjuns? Pushpa Star Asks Wifey Sneha after Wax Statue Unveil in Dubai
পত্নী স্নেহালৈ প্ৰশ্ন আল্লু অৰ্জুনৰ

এই উন্মোচনী অনুষ্ঠানে আল্লু অৰ্জুনৰ ছবিজগতত 21 বছৰীয়া যাত্ৰাৰ কথাও সোঁৱৰায় ৷ 2003 চনত গংগোত্ৰী ছবিখনেৰে তেওঁ ছবিজগতত খোজ দিছিল ৷ আল্লুৱে ইনষ্টাগ্ৰামৰ জৰিয়তে কৃতজ্ঞতা প্ৰকাশ কৰে ৷

২০২৪ চনৰ ১৫ আগষ্টত মুক্তি পাবলগীয়া সুকুমাৰৰ নেতৃত্বত নিৰ্মিত ছিকুৱেল পুষ্পা ২: দ্য ৰুলত গেংষ্টাৰৰ চৰিত্ৰত পুনৰ অভিনয় কৰিবলৈ সাজু হৈছে আল্লু অৰ্জুন । ইয়াৰ উপৰিও তেওঁ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ সৈতে সহযোগিতা কৰি আন এটা প্ৰজেক্টৰ বাবে কাম কৰি আছে ৷ যিটো টি-ছিৰিজ ফিল্মছৰ অধীনত ভূষণ কুমাৰে প্ৰযোজনা কৰিছে ।

লগতে পঢ়ক : সপ্তম নতুন দিল্লী বোলছবি মহোৎসৱত ‘ফেঁহুজালি’লৈ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান - Fehujali Documentary