ETV Bharat / entertainment

সপ্তম নতুন দিল্লী বোলছবি মহোৎসৱত ‘ফেঁহুজালি’লৈ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান - fehujali documentary

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 8:48 PM IST

'Fehujali' won the Best Short Documentary Award at the 7th New Delhi Film Festival
শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান

Fehujali documentary: অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি. পি. সিঙৰ প্ৰযোজিত আৰু ডি.আই.জি পাৰ্থসাৰথি মহন্ত পৰিচালিত তথ্যচিত্ৰ ‘ফেঁহুজালি’ প্ৰদৰ্শিত হ’ল সপ্তম নতুন দিল্লী বোলছবি মহোৎসৱত ।

শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান

গুৱাহাটী, 28 মাৰ্চ : বিদ্ৰোহী সংগঠন আলফাৰ বাস্তৱ কাহিনীক লৈ নিৰ্মিত তথ্যচিত্ৰ ফেঁহুজালি প্ৰদৰ্শিত হ’ল সপ্তম নতুন দিল্লী বোলছবি মহোৎসৱত । এই চুটি তথ্যচিত্ৰখনৰ প্ৰযোজনা অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি. পি. সিঙৰ আৰু পৰিচালনা কৰিছে ডি.আই.জি পাৰ্থসাৰথি মহন্তই । বৃহস্পতিবাৰে চলচিত্ৰ জগতৰ গণ্যমান্য-ব্যক্তি, চিনেমা সমালোচকৰ সন্মুখত প্ৰদৰ্শিত এই তথ্যচিত্ৰখনে শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় । তথ্যচিত্ৰখন ইংৰাজীলৈ তর্জমা কৰিছে ড৹ জভিয়েল কলিতাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনৰ সন্দৰ্ভত এক প্ৰেছ বিবৃতি যোগে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে কয়, "আমি লক্ষ্য কৰি আহিছো বিভিন্ন সন্মোহনৰ জৰিয়তে যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰোৱা হয় । এনেদৰে সন্মোহনৰ দ্বাৰা এই সংগঠনত যোগদান কৰা সকলৰ পৰৱৰ্তী মোহভংগ হোৱা কথাটো জনসাধাৰণক জনোৱাৰ উদ্দেশ্যে এই তথ্যচিত্ৰখন বনোৱাৰ সিদ্ধান্ত লোৱা হয় । এই যুৱক-যুৱতীসকলে তেওঁলোকৰ তিক্ত অভিজ্ঞতা ব্যক্ত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল যাতে আনে এনেধৰণৰ ভুল নকৰে । আমাৰ যুৱ সমাজক বাস্তৱৰ সন্মুখীন কৰোৱাৰ এয়া এক প্ৰয়াস ।"

ছবিখনৰ পৰিচালক পাৰ্থ সাৰথি মহন্তই প্ৰেছ বিবৃতি যোগে কয়, "ধনৰ প্ৰলোভন আদি কৰি বিভিন্ন ছল-কৌশলেৰে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰোৱাৰ অপচেষ্টা দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে এই ছবিখনৰ মাধ্যমেৰে । এই ছবিখনেৰে ভাৰতৰ পৰা অসমক স্বাধীন কৰাৰ সপোনৰ প্ৰতি মোহভংগ হোৱাৰ আৰু এনে সপোন যে এক মৰীচিকা তাৰ উপলব্ধি চিত্ৰিত কৰা হৈছে । বৈদেশিক শক্তিৰে পৰিচালিত এই সন্ত্ৰাসবাদী সংগঠনৰ প্ৰতি স্বপ্নভংগ হোৱা আৰু এক সুস্পষ্ট ভাৱধাৰাৰে ঘৰলৈ ঘূৰি আহিছে যুৱক-যুৱতীসকল ।”

লগতে পঢ়ক : শীঘ্ৰেই ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "ইতি তোমাৰ" - Iti Tumar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.